উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত তিনিটা স্থান দখল কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ তিনি ছাত্ৰই

তিতাবৰ : তিতাবৰত এতিয়া এক উৎসৱ মুখৰ পৰিবেশ। তিতাবৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ তিনি গৰাকীকৈ ছাত্ৰই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত তিনিটাকৈ স্থান দখল কৰিবলৈ সক্ষম হৈছে। কলা শাখাত দুজনকৈ ছাত্ৰ ক্ৰমে কৌশিক কছাৰীয়ে ৪৭৫ নম্বৰ লাভ কৰি দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু অংশুমান গগৈয়ে ৪৬৬নম্বৰ লাভ কৰি কলা শাখাত নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।  বিজ্ঞান শাখাত সৰ্বমুঠ ৪৭২নম্বৰ লাভ কৰি ইমদাদুল হুছেইনে ষষ্ঠম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ছাত্ৰ কেইজনৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক- শিক্ষয়েত্ৰীসকল। উল্লেখযোগ্য যে স্থান দখল ধাৰাবাহিকতা অব্যাহত ৰাখিছে প্ৰাগজ্যোতিকাই, আৰু এই স্থান দখলৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ কৃতিত্ব দিলে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষক প্ৰাগজ্যোতিকাৰ সঞ্চালক অচ্যুতদ্বীপ শইকীয়াই।

ৰংবং তেৰাঙলৈ অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা

অসম-অৰুণাচলবাসীৰ মাজৰ সমন্বয়ৰ প্রতীক, নমস্য সাহিত্যিক, ‘পাহাৰৰ শিলে শিলে’, ‘পৃথিৱীৰ হাঁহি’, ‘মন আৰু মন ’,‘ওপৰ মহল’, ‘কন্যা মূল্য’ আদি গ্রন্থৰ স্ৰষ্টা লুম্মেৰ দাইৰ সোঁৱৰণত অসম সাহিত্য সভাই ২০০৯ বৰ্ষৰ পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি আহিছে ‘লুম্মেৰ দাই সাহিত্য বঁটা’।  অসম সাহিত্য সভাৰ এই বিশেষ বটা এইবাৰ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ‘ৰংমিলিৰ হাঁহিৰ; স্ৰষ্টা তথা পদ্মশ্রী ৰংবং তেৰাঙলৈ। ১ জুনত অসম সাহিত্য সভাৰ সাহিত্যসূর্য উপাধিৰে বিভূষিত লুম্মেৰ দাইৰ ৮০ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি এই বঁটা আনুষ্ঠানিকভাৱে তেজপুৰব লুম্মেৰ দাই ভৱনত প্রদান কৰা হ’ব। অসম সাহিত্য সভাৰ উদ্যোগত আৰু শােণিতপুৰ জিলা সাহিত্য সভাৰ লগতে তেজপুৰ সাহিত্য সভাৰ যৌথ সহযােগত  এই উদ্দেশ্যে আয়ােজন কৰা লুম্মেৰ দাই সাহিত্য

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ চুটি ছবি ‘দ্যা মেন হু স্পিকচ নেচাৰ’

ইউৰোপৰ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক চুটি ছবিৰ প্ৰতিযেগিতাত অসমৰ ছবি ‘দ্যা মেন হু স্পিকচ নেচাৰ’এ শ্ৰেষ্ঠ ছবি হিচাপে স্বীকৃত লাভ কৰে। ‘দ্যা মেন হু স্পিকচ নেচাৰ’ নামৰ ছবিখনৰ বাবে বোকাখাতৰ যুৱক ধৃতিমান কাকতিলৈ এই বঁটা আগবঢ়োৱা হৈছে। যোৱা দুদিন ধৰি ইউৰোপ মহাদেশৰ হাংগেৰীৰ ৰাজধানী বুডাপেষ্টৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ গদল‘ চহৰত অনুষ্ঠিত হয় আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱ। এই মহোৎসৱৰ আয়োজক সকলৰ নিমন্ত্ৰণক্ৰমে পৰিচালক ধৃতিমান কাকতিয়ে উক্ত মহোৎসৱত অংশ গ্ৰহণ কৰি উক্ত বঁটা গ্ৰহণ কৰে। কাজিৰঙাৰ পৰিৱেশ কৰ্মী মনোজ গগৈৰ পৰিৱেশ সংৰক্ষণ  বিষয়ক কৰ্মৰ আধাৰত ধৃতিমান কাকতীয়ে ৰক্তিম হাজৰিকা আৰু দুজনমান বন্ধুৰ সহযোগত নিৰ্মাণ কৰিছিল ‘দ্যা মেন হু স্পিকচ নেচাৰ’ নামৰ ছৱিখন ৷ ছবিখন পৰিচালনা কৰিছিল ধৃতিমান কাকতিয়ে আৰু সম্পাদনা কৰিছিল

|

আমছুৰ শ্বহীদ দিৱসত শ্বহীদসকলক শ্ৰদ্বাৰে শুৱৰিছোঁ

# হাছিনা আহমেদ আজি আমছুৰ ৩৯তম শ্বহীদ দিৱসত আমি সকলো শ্বহীদক শ্ৰদ্ধাৰে শুৱৰিছোঁ। ১৯৮০ চনৰ ২৬ মে’ৰ সেই দিনটোৱেই আছিল স্বাধীনতাৰ পাছত প্ৰথমটো আন্দোলন অসমৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ। আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী উলিওৱা হৈছিল।  ইয়াৰ উদ্দেশ্য আছিল সেই সময়ৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত চলা উৎপীড়ন, হত্যা, হিংসা বন্ধ কৰাৰ বাবে ১৫ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰা। অসমৰ প্ৰতিখন জিলাত এছডিচি আৰু উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰাৰ বাবে উলিওৱা হৈছিল প্ৰতিবাদী সমদল। সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে ওলাই আহিছিল সকলো ৰাইজ। এই প্ৰতিবাদী কন্ঠ ৰূদ্ধ কৰাৰ বাবে