Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:07 am

Home » আঞ্চলিক » ১১নং বুনমাজা ভি. চি. ডি. চিৰ সভানেত্রী ফৰিদা খাতুনৰ বিৰুদ্ধে ব্যাপক দূর্নীতি আৰু অবাধ লুণ্ঠনৰ অভিযোগ : গোচৰ ৰজু, দৃষ্টান্তমূলক শাস্তিৰ দাবী

১১নং বুনমাজা ভি. চি. ডি. চিৰ সভানেত্রী ফৰিদা খাতুনৰ বিৰুদ্ধে ব্যাপক দূর্নীতি আৰু অবাধ লুণ্ঠনৰ অভিযোগ : গোচৰ ৰজু, দৃষ্টান্তমূলক শাস্তিৰ দাবী

বৰপেটাৰোড : বিটিচিত হােৱা অবাধ দুর্নীতি আৰু লুণ্ঠনে বিটিচি প্রধান হাগ্রামা মহিলাৰীৰ আদর্শ বিটিচিৰ ফোপােলা স্বৰূপ উদঙাই দিছে। হাগ্ৰামাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ গােৱৰ্ধানা উন্নয়ন খণ্ডৰ ১১ নং বুনমাজা ভি, চি, ডি, চিৰ সভানেত্রী ফৰিদা খাতুনৰ বিৰুদ্ধে উত্থাপিত অভিযােগ অনুসৰি হাগ্রামা মহিলাৰীৰ মৰম আৰু আশীসত ২০১৫ চনত বুনমাজা ভি, চি, ডি, চিৰ সভানেত্রীৰ দায়িত্ব পােৱাৰ পিছৰে পৰা ফৰিদা খাতুনে অবাধ দুর্নীতি আৰু লুণ্ঠনত জড়িত হৈ লাখ লাখ টকীয়া চৰকাৰি আঁচনিৰ ধন আত্মসাৎ কৰাৰ তথ্য পােহৰলৈ আহিছে।
চিয়াৰমেন ফবিদা খাতুনৰ বিৰুদ্ধে ৰাইজৰ উন্নয়নৰ বাবে আৱন্টিত চৰকাৰী আঁচনিৰ ধন একাশং চেলা-চামুণ্ডাৰ সহযােগত আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ গঢ়াৰ চাঞ্চল্যকৰ অভিযােগ উত্থাপিত হৈছে। ফৰিদা খাতুনৰ এনে অবাধ দুর্নীতি আৰু লুণ্ঠনৰ বিৰুদ্ধে বুনমাজা ভি, চি, ডি, চিৰ ৰাইজৰ উপৰিও একাংশ ভি, চি, ডি, চিৰ সদস্য, সদস্যাও জাঙুৰ খাই উছিছে।
একাংশ বি,পি,এফ দলৰ নেতা কর্মীয়ে দীর্ঘ দিন ধৰি বি,পি,এফ দলৰ জিলা কমিটি, ব্লক কমিটিৰ উপৰিও টি,চি,এল,চি,চি চিয়াৰমেন লিখিত অভিযােগ কৰিও কোনাে ধৰণৰ সুফল পােৱা নাই বুলি অভিযােগ উত্থাপিত হৈছে। টি,চি,এল,চি,চি কমিটিৰ অধ্যক্ষ ভূৱনেশ্বৰ গয়াৰীয়ে তিনি চাৰিবাৰ উক্ত চিয়াৰমেনক সংশােধনৰ চেষ্টা কৰিছিল যদিও অৱশেষত সকলাে চেষ্টা বিফল কৰি চেয়াৰমেন ফৰিদা খাতুনে একনায়কত্ববাদ চলাই এই দুষ্কাৰ্য্য অব্যাহত ৰাখিছে।
চেয়াৰমেন ফৰিদা খাতুনে ২০১৫-১৬ ইং বৰ্ষৰ MGNREGA আঁচনিৰ অধীনত উক্ত ভি, চি, ডি, চিৰ মৈৰাঝাৰ গাৱৰ ওচমান আলীৰ ঘৰৰ ওচৰত পখুৰী খন্দাৰ লগতে বৃক্ষ ৰােপনৰ নামত ৪,০০০০০.০০ (চাৰি) লাখ আৰু বুনমাজা পাথাৰ ইমান আলীৰ ঘৰৰ পৰা বুনমাজা আঞ্চলিক কৰস্থানলৈ যােৱা ৰাস্তা বনােৱাৰ নামত ৫,০০০০০.০০ (পাচ) লাখ টকা ভূৱা জৱ-কার্ড ব্যৱহাৰ কৰি কোনাে কাম নকৰি চৰকাৰি ধন উঠাই আত্মসাৎ কৰিছে।
তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্যই ফৰিদা খাতুনৰ এই দুর্নীতি উদঙাই দিছে। সভানেত্রী ফৰিদা খাতুনৰ বিৰুদ্ধে ভি, চি, ডি, চিৰ সদস্য আৰু ৰাইজৰ অভিযােগ ভিত্তিত অসমৰ বিশেষ তদাৰকি আৰু দুর্নীতি নিবাৰক শাখাৰ জৰিয়তে ইতিমধ্যে তদন্ত অভ্যহত থকাৰ উপৰিও তেওঁৰ বিৰুদ্ধে গােৱৰ্ধনা থানাত গােচৰ নং ১১২/১৯ ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬/৪৬৮ ধাৰাত ইতিমধ্যে গােচৰ পঞ্জীয়ন হৈছে। এইক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই বর্তমান পর্যন্ত কোনাে পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হােৱা নাই।
ফৰিদা খাতুনৰ এই দুর্নীতি আৰু অবাধ লুণ্ঠনৰ বিৰুন্ধে বাক্সা জিলাৰ পি,ডি আৰু গােৱৰ্ধনা খণ্ড উন্নয়ন বিষয়ক তথ্য সহকাৰে অভিযােগ কৰাৰ বিপৰীতে বিভাগীয় ভাবে বৃহৎ অংকৰ ধনৰ লেনদেনত কোনাে ব্যৱস্থা নােলােৱাৰ অভিযােগ উত্থাপিত হৈছে। সভানেত্রী ফৰিদা খাতুনে ভূৱা জৱ-কাৰ্ডৰ জৰিয়তে এমজিএনৰেগা আঁচনিৰ কাম নকৰি লাখ-লাখ টকা আত্মস্যৎ কৰি ক্ষান্ত নাথাকি পুনৰ ২০১৭-১৮ ইং বর্ষ বাবে বিদ্যাসাগৰ একাডেমি আৰু ঘােৰামাৰ বজাৰত মাটি ফেলেৱাৰ নামত ভূৱা আচনি প্রস্তুত কৰি চৰকাৰি আচনিৰ ধন আত্মসাৎ কৰাৰ পৰিকল্পনা কৰিছে।
জানিব পৰা মতে উক্ত চিয়াৰমেন ফৰিদা খাতুনে এমজিএনৰেগা আঁচনিৰ জৰিয়তে গৃহীত কাম কাজ সমূহ নিয়ম বহির্ভূত ভাবে জৱ-কাৰ্ডৰ সলনি ট্রেক্টৰেৰে মাটি কাটি সম্পূর্ণ কৰিবলৈ চেষ্টা চলাই আছে বুলি জানিব পৰা গৈছে। সভানেত্রী ফৰিদা খাতুনৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত-মাতিলে তাই ধনদাবীৰ মিছা গােচৰ জাপি দি নিজৰ দূর্নীতি গাপ দিবলৈ চেষ্টা কৰাৰ লগতে প্রাণ নাশৰ ভাবুকি প্রদান কৰা হয় বুলি ভুক্তভােগীয়ে জানিবলৈ দিছে।
বিষয়টোৰ চৰজমিন তদন্ত কৰি অভিযুক্ত, ভি, চি, ডি, চিৰ সভানেত্রী ফৰিদা খাতুন আৰু এই কাৰ্য্যত জড়িত মহলক দৃষ্টান্ত মূলক শাস্তি বিহাৰ ৰাজহুৱা দাবি উত্থাপিত হৈছে। বি, পি, এফ, দলৰ মিত্রজোটৰ অসম চৰকাৰে এনে দুর্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সাহস কৰিবনে বুলি ৰাইজৰ পৰা প্রশ্ন উত্থাপিত হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি