Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:56 am

Home » আঞ্চলিক » উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত স্থানপ্ৰাপ্ত শীৰ্ষ দহ

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত স্থানপ্ৰাপ্ত শীৰ্ষ দহ

গুৱাহাটী : আজি ঘোষণা কৰা হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল। আমাৰ হাতত পৰা তথ্য অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত শীৰ্ষ প্ৰথম স্থান লাভ কৰিছে দৰং মহাবিদ্যালয়ৰ চয়ন মজুমদাৰে। চয়নে মুঠ ৪৭৮ নম্বৰ লাভ কৰিছে। একেদৰে আন এগৰাকী কৃতি ছাত্ৰই শীৰ্ষ স্থান লাভ কৰিছে। নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ বিতোপন আৰান্ধৰা ৪৭৮ নম্বৰ লাভ কৰিছে।
ইফালে দ্বিতীয় স্থান লাভ কৰিছে শিলচৰ চৰকাৰী বালক উঃমাঃ বিদ্যালয়ৰ ডেইজী পাঠক, তেজপুৰ বেংগলী বয়জ এইচ এছ স্কুলৰ দিশান্ত শইকীয়া। দুয়ো কৃতিমানে লাভ কৰা নম্বৰ হৈছে ৪৭৭। তৃতীয় স্থান লাভ কৰিছে ৰামানুজন জুনিয়ৰ কলেজৰ হৃদি প্ৰিয়ম শৰ্মাই। হৃদিয়ে ৪৭৬ নম্বৰ লাভ কৰিছে। চতুৰ্থ স্থানত আছে ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমীৰ দীপ্তদীপ ভট্টাচাৰ্য আৰু মেট্ৰিক্স জুনিয়ৰ কলেজৰ হীৰকজ্যোতি হাজৰিকাই। দুয়োগৰাকী কৃতিমানে ৪৭৫ নম্বৰ লাভ কৰিছে। পঞ্চম স্থান লাভ কৰিছে তিনিগৰাকী পৰিক্ষাৰ্থীয়ে। ৪৭৩ নম্বৰ প্ৰাপ্ত দেওমৰনৈ এইচ এছ স্কুলৰ ছাত্ৰ পাৰ্থপ্ৰতীম চহৰীয়া, ৰামানুজন জুনিয়ৰ কলেজৰ আয়ন কৌশিক মহন্ত আৰু বিশাল বৰুৱাই।
৪৭২ নম্বৰ লৈ ষষ্ঠ স্থান লাভ কৰিছে আনন্দৰাম বৰুৱা একাডেমীৰ অভিলেশ ঠাকুৰীয়া, বঙাইগাঁও ৰিফাইনেৰী এইচ এছ স্কুলৰ নম্ৰতা নাথ, ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমীৰ তন্ময়ী হাজৰিকা, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ ইমদাদুল হুছেইন, গুৱাহাটীৰ ছাই বিকাশ জুনিয়ৰ কলেজৰ সপ্তদীপ সাহা আৰু দৰং কলেজৰ শুভ্ৰজ্যোতি পালে।
সপ্তম স্থানপ্ৰাপ্ত যোৰহাটৰ প্ৰজ্ঞা একাডেমী জুনিয়ৰ কলেজৰ ছাত্ৰ ঋদ্ধিমান শৰ্মাই ৪৭১ নম্বৰ লাভ কৰিছে। অষ্টম স্থানত যোৰহাটৰ প্ৰজ্ঞা একাডেমী জুনিয়ৰ কলেজৰ ছাত্ৰী সুকন্যা ফুকন, যোৰহাটৰ ছাই বিকাশ জুনিয়ৰ কলেজৰ জীৱনজ্যোতি কলিতা, নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ শুভাশীষ দেয়ে ৪৭০ নম্বৰ লাভ কৰিছে। ইফালে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ অভিজনান ডি বাঢ়ৈয়ে ৪৬৯ নম্বৰ লাভ কৰি শীৰ্ষ নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে। বঙাইগাঁও এইচ এছ স্কুলৰ নিখিতা পাঠক, যোৰহাট ছল্টব্ৰুক একাডেমীৰ তিতিখ্যা নাথ, নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ পুস্প গুপ্তা, নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ কৌস্তভ কিশোৰ কলিতা আৰু চামতা এইচ এছ স্কুলৰ মধুস্মিতা বৰ্মনে ৪৬৮ নম্বৰসহ দশম স্থান অধিকাৰ কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি