|

১১নং বুনমাজা ভি. চি. ডি. চিৰ সভানেত্রী ফৰিদা খাতুনৰ বিৰুদ্ধে ব্যাপক দূর্নীতি আৰু অবাধ লুণ্ঠনৰ অভিযোগ : গোচৰ ৰজু, দৃষ্টান্তমূলক শাস্তিৰ দাবী

বৰপেটাৰোড : বিটিচিত হােৱা অবাধ দুর্নীতি আৰু লুণ্ঠনে বিটিচি প্রধান হাগ্রামা মহিলাৰীৰ আদর্শ বিটিচিৰ ফোপােলা স্বৰূপ উদঙাই দিছে। হাগ্ৰামাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ গােৱৰ্ধানা উন্নয়ন খণ্ডৰ ১১ নং বুনমাজা ভি, চি, ডি, চিৰ সভানেত্রী ফৰিদা খাতুনৰ বিৰুদ্ধে উত্থাপিত অভিযােগ অনুসৰি হাগ্রামা মহিলাৰীৰ মৰম আৰু আশীসত ২০১৫ চনত বুনমাজা ভি, চি, ডি, চিৰ সভানেত্রীৰ দায়িত্ব পােৱাৰ পিছৰে পৰা ফৰিদা খাতুনে অবাধ দুর্নীতি আৰু লুণ্ঠনত জড়িত হৈ লাখ লাখ টকীয়া চৰকাৰি আঁচনিৰ ধন আত্মসাৎ কৰাৰ তথ্য পােহৰলৈ আহিছে। চিয়াৰমেন ফবিদা খাতুনৰ বিৰুদ্ধে ৰাইজৰ উন্নয়নৰ বাবে আৱন্টিত চৰকাৰী আঁচনিৰ ধন একাশং চেলা-চামুণ্ডাৰ সহযােগত আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ গঢ়াৰ চাঞ্চল্যকৰ অভিযােগ উত্থাপিত হৈছে। ফৰিদা খাতুনৰ এনে অবাধ দুর্নীতি আৰু

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত স্থানপ্ৰাপ্ত শীৰ্ষ দহ

গুৱাহাটী : আজি ঘোষণা কৰা হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল। আমাৰ হাতত পৰা তথ্য অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত শীৰ্ষ প্ৰথম স্থান লাভ কৰিছে দৰং মহাবিদ্যালয়ৰ চয়ন মজুমদাৰে। চয়নে মুঠ ৪৭৮ নম্বৰ লাভ কৰিছে। একেদৰে আন এগৰাকী কৃতি ছাত্ৰই শীৰ্ষ স্থান লাভ কৰিছে। নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ বিতোপন আৰান্ধৰা ৪৭৮ নম্বৰ লাভ কৰিছে। ইফালে দ্বিতীয় স্থান লাভ কৰিছে শিলচৰ চৰকাৰী বালক উঃমাঃ বিদ্যালয়ৰ ডেইজী পাঠক, তেজপুৰ বেংগলী বয়জ এইচ এছ স্কুলৰ দিশান্ত শইকীয়া। দুয়ো কৃতিমানে লাভ কৰা নম্বৰ হৈছে ৪৭৭। তৃতীয় স্থান লাভ কৰিছে ৰামানুজন জুনিয়ৰ কলেজৰ

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত স্থানপ্ৰাপ্ত শীৰ্ষ দহ

গুৱাহাটী : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাত আজি ঘোষণা কৰা ফলাফলত কাছাৰৰ বিবেকানন্দ জুনিয়ৰ কলেজৰ ছাত্ৰ অসীম সৰকাৰে শীৰ্ষ প্ৰথম স্থান স্থান লাভ কৰি সমগ্ৰ বৰাক অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। কৃতি ছাত্ৰগৰাকীয়ে মুঠ ৪৭৪ নম্বৰ লাভ কৰিছে। আনহাতে দ্বিতীয় স্থান প্ৰাপ্ত যোৰহাটৰ ক্ৰেচেণ্ট একাডেমীৰ নিবেদিতা গগৈ আৰু গুৱাহাটী কে চি দাস কমাৰ্চ কলেজৰ আয়সী জৈন ৪৬৮ নম্বৰ লাভ কৰিছে। গুৱাহাটী কমাৰ্চ কলেজৰ নেতা আগৰৱালাই ৪৬৬ নম্বৰ লাভ কৰি তৃতীয় স্থান অধিকাৰ কৰিছে।একেদৰে গুৱাহাটী কমাৰ্চ কলেজৰ অৰুণাভ নাথে ৪৬১ নম্বৰসহ চতুৰ্থ স্থান, একেখন মহাবিদ্যালয়ৰে ৰাহুল ৰয়ে ৪৬০ নম্বৰসহ পঞ্চম স্থান লাভ কৰিছে। নগাঁৱৰ গীতাঞ্জলি জুনিয়ৰ কলেজৰ তানিশা আলপুৰীয়া আৰু তিনিচুকীয়াৰ আৰ ডি জুনিয়ৰ

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত স্থানপ্ৰাপ্ত শীৰ্ষ দহ

গুৱাহাটী: আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ৪৭৮ নম্বৰ লাভ কৰি দৰঙৰ ব্ৰিলিয়েন্ট একাডেমী জুনিয়ৰ কলেজৰ খুচবু ফিৰদৌচে প্ৰথম স্থান লাভ কৰিছে। ৪৭৫ নম্বৰ লৈ দ্বিতীয় স্থানত আছে যোৰহাটৰ প্ৰাগজ্যোতিষ জুনিয়ৰ কলেজৰ কৌশিক কছাৰী আৰু নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ গীতাঞ্জলি বৰঠাকুৰ। একেদৰে ৪৭৪ নম্বৰসহ তৃতীয় স্থানত যোৰহাটৰ ক্ৰীচেন্ট জুনিয়ৰ কলেজৰ কন্যাশ্ৰী ভাগৱতী, ৪৭২ নম্বৰসহ দৰঙৰ ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজৰ জুপিতৰা শৰ্মাইচতুৰ্থ স্থান, ৪৭০ নম্বৰসহ বৰপেটাৰ কৃষ্ণগুৰু কনিষ্ঠ মহাবিদ্যালয়ৰ জগমোহন কলিতা আৰু তিনিচুকীয়াৰ আৰ ডি জুনিয়ৰ কলেজৰ শ্ৰুতি সোনোৱালে অসমৰ ভিতৰতেপঞ্চম স্থান লাভ কৰিছে। ৪৬৯ নম্বৰ লৈ যোৰহাটৰ ক্ৰিচেন্ট একাডেমীৰ শতাব্দী শইকীয়াই ষষ্ঠ স্থান, ৪৬৮ নম্বৰসহ একেখন শিক্ষানুষ্ঠানৰ চামিম চুলতানাই পঞ্চম স্থান, দৰঙৰ ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজৰ শ্ৰুতিস্মিতা বশিষ্ঠই ৪৬৭ নম্বৰসহ অষ্টম স্থান লাভ কৰিছে। ইফালে