Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:13 pm

Home » আঞ্চলিক » বৰপেটাত কংগ্ৰেছৰ জয় :: হিন্দু-মুছলমানে জয়ী কৰাইছে মোক – আব্দুল খালেক

বৰপেটাত কংগ্ৰেছৰ জয় :: হিন্দু-মুছলমানে জয়ী কৰাইছে মোক – আব্দুল খালেক

বৰপেটা : দেশত ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ ফলাফলত মোদীৰ ছুনামী অব্যাহত থকাৰ সময়তো এই ছুনামীৰ প্ৰভাৱ নপৰিল সন্মানীয় বৰপেটা লোকসভা সমষ্টিত। বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক পৰাস্ত কৰি কংগ্ৰেছ দলৰ সন্মান ৰক্ষা কৰিবলৈ সক্ষম হয়। 
নিৰ্বাচন সমাপ্ত হোৱাৰ পিছৰে পৰা যথেষ্ট আত্মবিশ্বাসী হৈ থকা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে আজি বিজয় সাব্যস্ত কৰাৰ পিছতে এই প্ৰতিবেদকক জনায়- ‘এই বিজয় ৰাইজৰ বিজয়।’ উন্নয়ন, সংগ্ৰাম আৰু সমন্বয়ৰ বাবে বৰপেটা সমষ্টিবাসীয়ে কংগ্ৰেছ দলক ভোট দিয়া বুলি খালেকে কয়। বৰপেটা লোকসভা সমষ্টিৰ হিন্দু আৰু মুছলমান ভোটাৰে তেওঁক জয়ী কৰোৱা বুলিও তেওঁ কয় ।
নিৰ্বাচনৰ সময়ত বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে প্ৰতিষ্ঠিত কৰোৱাত সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভত খালেকে কয় যে বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে স্বীকৃতি দিয়াৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব । একেদৰে বৰপেটা চহৰক ৰে’লৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবেও চেষ্টা চলাব বুলি তেওঁ মন্তব্য কৰে । বৰপেটা লোকসভা সমষ্টিটো বান-গৰাখহনীয়াৰ লগতে কৃষকৰ সমস্যা, নিবনুৱা সমস্যা, ডি-ভোটাৰৰ সমস্যা অন্যতম বুলি উল্লেখ কৰি এই সমস্যাবোৰ সমাধান কৰাৰ বাবে সদনত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলিও কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থী আব্দুল খালেকে মন্তব্য কৰে। উল্লেখ্য যে বৰপেটা লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে ।
এইক্ষেত্ৰত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকৰ জয়ত বাধাৰ সৃষ্টি কৰিব নেকি তাক লৈ কংগ্ৰেছ শিবিৰ কিছু পৰিমাণে চিন্তিত হৈছিল যদিও তেনে চিন্তাৰ ওৰ পেলাই আজি শেষ হাঁহি মাৰিবলৈ সক্ষম হয় আব্দুল খালেক । উল্লেখ্য যে ৬ নং বৰপেটা লোকসভা সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস, কংগ্ৰেছৰ আব্দুল খালেক, এ আই ইউ ডি এফৰ হাফিজ ৰফিকুল ইছলামৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব বুলি সচেতন ৰাইজে সম্ভাৱনা ব্যক্ত কৰিছিল যদিও আজি ভোট গণনাত কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ মাজতহে প্ৰতিদ্বন্দ্বিতা হোৱা পৰিলক্ষিত হয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি