Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:18 pm

Home » দেশ-বিদেশ » চাৰি ৰাজ্যৰ বিধানসভা নির্বাচনৰ ফলাফল ঘোষণা

চাৰি ৰাজ্যৰ বিধানসভা নির্বাচনৰ ফলাফল ঘোষণা

  • ওড়িশাত পঞ্চমবাৰলৈ জয় নবীন পাটনায়কৰ 
  • অৰুণাচল-ছিকিমত তীব্র প্রতিদ্বন্দ্বিতা
  • অন্ধ্রত চন্দ্রবাবুৰ পতন, শাসনত ৱাইএছআৰ
ৱেব সংবাদ : লােকসভা নির্বাচনৰ লগত একেলগে নির্বাচন অনুষ্ঠিত কৰা দেশৰ চাৰি ৰাজ্যৰ বিধানসভাৰ আজি ভােট গণনা কৰা হয়। পুৱা ৮ বজাৰ পৰা আৰম্ভ হােৱা চাৰি ৰাজ্য ক্রমে অন্ধ্রপ্রদেশ, ওড়িশা, অৰুণাচল প্রদেশ আৰু ছিকিমত শেহতীয়া ভােট গণনাৰ তথ্য অনুসৰি অন্ধ্রপ্রদেশত টিডিপিৰ মুৰব্বী এন চন্দ্রবাবু অন্ধ্রত চন্দ্রবাবুৰ পতন, শাসনত ৱাইএছআৰ নাইডুৰ পতন নিশ্চিত হৈছে। তেনেদৰে ওড়িশাত পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদত নবীন পাটনায় অধিষ্ঠিত হােৱাটো নিশ্চিত। উত্তৰ-পূবৰ ৰাজ্য অৰুণাচল প্রদেশৰ ৬০জনীয়া বিধানসভাৰ চৰকাৰ গঠনৰ বাবে প্রয়ােজনীয় ৩১খন আসন এতিয়ালৈকে কোনাে এটা দলে লাভ কৰাৰ ছবি স্পষ্ট হােৱা নাই। তেনেদৰে ছিকিমতাে ৩২জনীয়া বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়ােজনীয় ১৭খন আসন লাভ কৰা নাই কোনাে এটা দলে। উল্লেখ্য যে অন্ধ্র প্রদেশৰ ১৭৫জনীয়া বিধানসভাত বাতৰি যুগুতােৱা পৰলৈকে চৰকাৰ গঠনৰ বাবে প্ৰয়ােজনীয় ৮৮খন আসনৰ সীমা অতিক্রম কৰি ৰাজ্যখনৰ বিৰােধী দল ব্রই এছ আৰ কংগ্ৰেছে ১৫১খন আসনত আগবাঢ়ি আছে।
শাসকীয় টিডিপিয়ে শােচনীয় প্রদর্শন আগবঢ়াই মাত্র ২২খন আসনত নিজৰ স্থিতি বৰ্তাই ৰাখিছে। দিল্লীত অবিজেপি চৰকাৰ গঠনৰ তৎপৰতা চলােৱা টিডিপিৰ মুৰব্বী তথা অন্ধ্র প্রদেশৰ মুখ্যমন্ত্রী নাইডুৱে এইবেলি নির্বাচনত শােচনীয় পৰাজয়ৰ সন্মুখীন হৈছে। তাৰ বিপৰীতে ৱাইএছ জগন মােহন ৰেডী নেতৃত্বাধীন রাইএছআৰ কংগ্ৰেছে অভাৱনীয় সফলতা লাভ কৰিছে। নাইডুৰ দলক শােচনীয়ভাৱে পৰাজিত কৰি অন্ধ্রপ্রদেশত মুখ্যমন্ত্ৰীৰ গাদীত অধিষ্ঠিত হ’ব ব্রইএছ জগন মােহন ৰেড্ডী।
ইপিনে, ১৪৭ বিধানসভা সমষ্টিৰ ওড়িশাত শাসকীয় বিজেডি দলে ইতিমধ্যে ১১০খন আসনত বৃহৎ ভােটৰ ব্যৱধানত আগবাঢ়ি জয় নিশ্চিত কৰি তুলিছে। এই জয়েৰে বিজেড়িয়ে ক্রমাগত পঞ্চমবাৰৰ বাবে ৰাজ্যখন শাসন কৰিব। পঞ্চমবাৰৰ বাবে বিজেডিৰ মুৰব্বী নবীন পাটনায়কে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰিব। উল্লেখ্য যে আজি আনুষ্ঠানিকভাৱে নির্বাচন আয়ােগে ফলাফল ঘােষণা নকৰিলেও চৰকাৰ গঠনৰ প্ৰয়ােজনীয় সংখ্যা অতিক্রম কৰি বিজেড়িয়ে পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হ’ব। লােকসভাৰ নিচিনাকৈ বিধানসভাতাে বিজেপিয়ে অভাৱনীয় সফলতাৰ দিশে আগবাঢ়িছে। ৰাজ্যখনৰ | ২১টা সমষ্টিত বিজেপি প্রার্থী আগবাঢ়ি আছে।
আনহাতে তৃতীয় স্থানত আছে ১৩খন আসনেৰে কংগ্ৰেছ। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ওড়িশাত নির্বাচনী প্রচাৰ চলাই মুখ্যমন্ত্রী পার্টনায়কক কঠোৰ ভাষাৰে সমালােচনা কৰি বিজেপিৰ পক্ষত ভােট দিবলৈ আহ্বান জনালেও শাসকীয় বিজেডিৰ স্থিতিত বিশেষ আঘাত কৰিব নােৱাৰিলে। অৱশ্যে লােকসভাৰ দৰেই বিধানসভাতে বিজেপিয়ে চমকপ্রদ উত্থান ঘটায়। আনপিনে অৰুণাচল বিধানসভাৰ ৬০খন আসনৰ ভিতৰত বিজেপি ৩৪খন, কংগ্ৰেছ ৪, পিপিএ এখন আৰু অন্যান্যই ৭খনত আগবাঢ়ি আছে। আনপিনে ছিকিমৰ ৩২জনীয়া বিধানসভাত চৰকাৰ গঠন কৰাৰ বাবে প্রয়ােজনীয় ১৭খন আসন কোনাে দলেই লাভ কৰাৰ দিশে আগবাঢ়িছে এছ কে এমে। নিশা ৯.৪৫ বজালৈ ১৭খন আসনত অগ্রগতি লাভ কৰাৰ বিপৰীতে| শাসকীয় এছডিএফে ১৪খনত অগ্রগতি লৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি