Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:03 pm

Home » আঞ্চলিক » অসমত বিজেপিৰ বৃহৎ জয়

অসমত বিজেপিৰ বৃহৎ জয়

ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ এগ৲জিট প’ল আৰু বিজেপিৰ নেতাসকলে লোক সভাৰ নির্বাচনৰ ফলক লৈ কৰা দাবী সত্য প্রমাণিত হ’ল৷ প্রায় ডেৰ মাহজোৰা অপেক্ষাৰ অন্তত আজি হোৱা ভোট গণনাত বিজেপিয়ে বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হয়৷
ৰাজ্যৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত মিত্রজোঁটক চাৰিখন আসন এৰি দি ১০খন আসনত প্রতিদ্বন্দ্বিতাত নমা বিজেপিয়়ে ৯খন আসন দখল কৰিবলৈ সক্ষম হয়৷ মিত্রজোঁটৰ অংশীদাৰ দল অগপক তিনিখন আৰু বি পি এফক এখন আসন এৰি দিয়া হৈছিল যদিও মিত্রজোঁটৰ অংশীদাৰ দলকেইটাই এখনো আসনত জয়লাভ কৰিবলৈ সক্ষম নহ’ল৷ ইয়াৰ বিপৰীতে বিৰোধী কংগ্রেছে মাত্র তিনিখন আসনতে সন্তুষ্ট থাকিব লগীয়া হ’ল৷
উল্লেখযোগ্য যে ২০১৪ চনৰ লোক সভাৰ নির্বাচনত তিনিখন আসন দখল কৰা এ আই ইউ ডি এফে আজি ঘোষিত ফল অনুসৰি দুখন আসন হেৰুৱাই মাত্র এখন আসনহে দখল কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে নেডাৰ অধ্যক্ষ হিমন্ত বিশ্ব শর্মাই ৯খন আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্রতিদ্বন্দ্বিতাত নমা ১০খন আসন লাভ কৰিব বুলি দাবী কৰিছিল৷
বিজেপিয়ে বর্তমানে দখলত থকা ডিব্রুগড়, লখিমপুৰ, তেজপুৰ, যোৰহাট, গুৱাহাটী, মঙলদৈত দখল অব্যাহত ৰাখে যদিও বর্তমানে দখলত থকা নগাঁও হেৰুৱাব লগীয়া হয়৷ ইয়াৰ বিপৰীতে কংগ্রেছৰ দখলৰ পৰা শিলচৰ আৰু ডিফু, এ আই ইউ ডি এফৰ হাতৰ পৰা কৰিমগঞ্জ আঁজুৰি আনিবলৈ সক্ষম হ’ল৷ কলিয়াবৰত দখল অব্যাহত ৰখা কংগ্রেছে বিজেপিৰ হাতৰ পৰা নগাঁও আৰু এ আই ইউ ডি এফৰ দখলৰ পৰা বৰপেটা আঁজুৰি আনিবলৈ সক্ষম হ’ল৷
অর্থাৎ সামগ্রিকভাৱে কংগ্রেছৰ আসন বর্তমানৰ তিনিখনতে সীমাবদ্ধ থাকিল, বিজেপিয়ে বর্তমানৰ আসন ৭ ৰপৰা ৯খনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হ’ল আৰু এ আই ইউ ডি এফে বর্তমানৰ তিনিখনৰ পৰা দুখন হেৰুৱাই মাত্র এখন আসনতে সীমাবদ্ধ থাকিব লগীয়া হ’ল৷ আশা আৰু দাবী কৰা অনুসৰি অসমত বিজেপিয়ে বর্তমানৰ ৭খন আসনৰ পৰা ৯খন আসন দখল কৰাৰ লগে লগে ৰাজ্যত বিজেপি নেতা, কর্মী-সমর্থকসকল উৎফুল্লিত হৈ পৰে৷
বিজেপিৰ ৰাজ্যিক কার্য়ালয়ৰ লগতে বিভিন্ন স্থানত থকা জিলা আৰু নির্বাচনী কার্যালয়সমূহত কর্মী আৰু সমর্থকসকলে বিজয় উৎসৱ পালন কৰিছে৷ লোক সভাৰ নির্বাচনত অসমৰ ১৪খন আসনত প্রতিদ্বন্দ্বিতাত নমা ১৪৫ গৰাকী প্রার্থীৰ ভিতৰত হেভীৱেইট প্রার্থী প্রাক্তন সাংসদ তথা কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰ, অৱসৰপ্রাপ্ত আই এ এছ বিষয়া এম জি ভি কে ভানু, সাংসদ বীৰেনছিং ইংতি, সাংসদ সুস্মিতা দেব, ভুৱনেশ্বৰ কলিতা, ৰাধেশ্যাম বিশ্বাস, মন্ত্রী প্রমিলাৰাণী ব্রহ্ম আদি প্রার্থীসকলৰ দর্প চূর্ণ হ’ল নির্বাচনৰ ফল ঘোষণাৰ পাছত৷
লোক সভাৰ নির্বাচনত কংগ্রেছ আৰু বিজেপিৰ মুঠ ৬ গৰাকী বিধায়কে প্রতিদ্বন্দ্বিতাত নামিছিল যদিও ইয়াৰে চাৰিজন বিধায়কৰ দিল্লী যাত্রা নিশ্চিত হ’ল৷ তেওঁলোক বিজেপিৰ মন্ত্রী তথা সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ, বিধানসভাৰ উপাধ্যাক্ষ কৃপানাথ মাল্লা, মন্ত্রী তথা মাজবাট সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাস আৰু কংগ্রেছৰ আব্দুল খালেক৷ অন্যহাতে লোক সভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতাত নমা বিজেপিৰ বিধায়ক ৰূপক শর্মা আৰু বি পি এফৰ বিধায়ক তথা মন্ত্রী প্রমিলাৰাণী ব্রহ্ম ধৰাশায়ী হ’ব লগীয়া হয়৷
ডিব্রুগড় সমষ্টিত বিজেপিৰ প্রার্থী ৰামেশ্বৰ তেলীয়ে কংগ্রেছৰ প্রার্থী পৱন সিং ঘাটোৱাৰক, লখিমপুৰত বিজেপিৰ প্রদান বৰুৱাই কংগ্রেছৰ অনিল বুঢ়াগোহঁাইক, তেজপুৰত বিজেপিৰ পল্লৱ লোচন দাসে কংগ্রেছৰ প্রার্থী এম জি ভি কে ভানুক, শিলচৰত বিজেপিৰ প্রার্থী ৰাজদ্বীপ ৰয়ে কংগ্রেছৰ সুস্মিতা দেবক, কৰিমগঞ্জত বিজেপিৰ প্রার্থী কৃপানাথ মাল্লাই এ আই ইউ ডি এফৰ প্রার্থী ৰাধেশ্যাম বিশ্বাসক, যোৰহাটত বিজেপি প্রার্থী তপন কুমাৰ গগৈয়ে কংগ্রেছৰ প্রার্থী সুশান্ত বুঢ়াগোহাঁইক, ডিফুত বিজেপিৰ হৰেনছিং বে’ই কংগ্রেছৰ প্রার্থী বীৰেনছিং ইংতিক, গুৱাহাটীত বিজেপিৰ কুইন ওজাই কংগ্রেছ প্রার্থী ববিতা শর্মাক, মঙলদৈত বিজেপিৰ প্রার্থী দিলীপ শইকীয়াই কংগ্রেছ প্রার্থী ভুৱনেশ্বৰ কলিতাক বিপুল ভোটৰ ব্যৱধানত পৰাজিত কৰে৷ ইফালে এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে ধুবুৰীত কংগ্রেছৰ প্রার্থী আবু তাহেৰ বেপাৰীক বৃহৎ ব্যৱধানত পৰাজিত কৰে৷
সমষ্টিটোত মিত্রজেঁাঁটৰ অংশীদাৰ দল অগপৰ প্রার্থী জাভেদ ইছলাম থাকিল তৃতীয় স্থানত৷ মিত্রজোঁটৰ অংশীদাৰ দল অগপৰ প্রার্থী কুমাৰ দীপক দাসে বৰপেটাত তুমূল প্রতিদ্বন্দ্বিতা আগ বঢাইছিল যদিও মূৰকত কংগ্রেছৰ প্রার্থী আব্দুল খালেকৰ হাতত পৰাজিত হ’ব লগীয়া হ’ল৷ ইফালে কলিয়াবৰত প্রথম অৱস্থাত অগপৰ প্রার্থী মণিমাধৱ মহন্তই কংগ্রেছৰ প্রার্থী গৌৰৱ গগৈৰ প্রতি প্রবল প্রত্যাহবানৰ সৃষ্টি কৰিছিল যদিও পিছৰ পর্যায়ত বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত হ’ব লগীয়া হয়৷
নগাঁৱত বিজেপিৰ প্রার্থী ৰূপক শর্মাই কংগ্রেছৰ প্রার্থী প্রদ্যুৎ বৰদলৈৰ হাতত পৰাজিত হ’ব লগীয়া হোৱাৰ লগে লগে দীর্ঘকাল ধৰি বিজেপিৰ দখলত থকা সমষ্টিটো এইবাৰ কংগ্রেছৰ দখললৈ গ’ল৷ ইফালে কোকৰাঝাৰ সমষ্টিত এইবাৰো নির্দলীয় প্রার্থী নৱ কুমাৰ শৰণীয়াই দখল অব্যাহত ৰাখে৷ মিত্রজোঁটৰ অংশীদাৰ অগপৰ দৰে বি পি এফেও কোকৰাঝাৰ দখল কৰিবলৈ সক্ষম নহ’ল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি