Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 11:19 am

Home » আঞ্চলিক » অসমৰ খিলঞ্জীয়া মাতৃভাষাৰ জ্ঞান নথকা কোনাে ব্যক্তিক অসমত চাকৰি কৰিবলৈ দিয়া নহ’ব

অসমৰ খিলঞ্জীয়া মাতৃভাষাৰ জ্ঞান নথকা কোনাে ব্যক্তিক অসমত চাকৰি কৰিবলৈ দিয়া নহ’ব

অসম সাহিত্য সভাৰ সংবাদ মেল
>> অসমৰ খিলঞ্জীয়া মাতৃভাষাৰ জ্ঞান নথকা কোনাে ব্যক্তিক অসমত চাকৰি কৰিবলৈ দিয়া নহ’ব৷
>> চৰকাৰ তথা কেন্দ্রীয় বিদ্যালয়, কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদলৈ সভাৰ দাবী৷
>> দ্বাদশ শ্রেণীলৈকে অসমীয়া আৰু অসমৰ খিলঞ্জীয়া আঞ্চলিক ভাষাক তৃতীয় ভাষা হিচাপে মর্যাদা দিবই লাগিব।
>> অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্রী মহােদয়ে সভাৰ দাবীসমূহ কেন্দ্ৰৰ ওচৰত উত্থাপন কৰিবলৈ, অসমৰ ভাষানীতি আৰু সংশ্লিষ্ট নিয়ােগ নীতি এমাহৰ ভিতৰত কাৰ্যকৰী কৰক।
>> উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমীয়া ভাষাত আশী আৰু ইয়াৰ ঊর্ধ্বত নম্বৰ পােৱা ছাত্র-ছাত্রীক সভাই প্রদান কৰিব অভিনন্দন পত্র। ৰাজশ্রী পাঠকলৈ বিশেষ সম্মান আগবঢ়াব।
>> অসম চৰকাৰৰ মিত্রজোটৰ অংশীদাৰ অগপ, বিপিএফে সভাৰ উল্লিখিত দাবী সম্পর্কে নিজৰ স্থিতি প্রকাশ কৰক দহদিনৰ ভিতৰত।।
>> ব্যক্তিগত খণ্ডৰ কাজিৰঙা বিশ্ববিদ্যালয় আৰু ডনবস্ক বিশ্ববিদ্যালয়ে সভাৰ আহ্বানৰ প্ৰতি কৰা নাই অকণাে কাণষাৰ। জাতীয় জীৱনৰ বিৰুদ্ধে গ’লে দুয়ােখন বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ কৰিব সভাই।
গুৱাহাটী : অসম চুক্তিৰ ষষ্ঠ দফা অনুসৰি যিধৰণে অসমৰ ৰাইজৰ সাংবিধানিক ৰক্ষাকবচ কেন্দ্রীয় চৰকাৰে প্রদান কৰাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে আগবাঢ়িব লাগিছিল, সেয়া পৰিলক্ষিত হােৱা নাই। সাংস্কৃতিক ৰক্ষাকবচৰ বুনিয়াদ হৈছে মাতৃভাষা আৰু ইয়াৰ সৈতে সম্পৃক্ত সংস্কৃতি। আমাৰ চকুৰ আগতে আজি অসমীয়া সার্বজনীন সংযােগী ভাষাটোৱে সংস্কৃত ভাষা পর্যায়লৈ গতি কৰিছে। আজি অসমীয়া আৰু অসমৰ খিলঞ্জীয়া মাতৃভাষাৰ শত্রু আমি নিজেই। অসম চৰকাৰক আজি দহবছৰ ধৰি ইতিবাচক ভাষা-নীতি, শিক্ষানীতি আৰু নিয়ােগ-নীতি গ্রহণ কৰিবলৈ বাৰে বাৰে দাবী উত্থাপন কৰাৰ পাছতাে চৰকাৰখনে নিজৰ আইৰ মুখৰ ভাষাৰ বিষয়ে এঘণ্টাও চিন্তা কৰা নাই।
যােৱা ৭ আগষ্টত অসমৰ খিলঞ্জীয়া জনজাতি আৰু জনগােষ্ঠীয় সাহিত্য সভাৰ সৈতে আলচ কৰি সভাই চৰকাৰৰ প্রাথমিক স্তৰত প্ৰস্তুত কৰা ভাষা নীতিৰ প্রতি সমর্থন আগবঢ়োৱাৰ পাছতাে চৰকাৰখনৰ কাছৰ গতিৰ দৰে কাম-কাজ দেখি সভা অতিশয় উদ্বিগ্ন। অসমৰ চৰকাৰী-বেচৰকাৰী খণ্ডৰ সকলাে প্ৰকাৰৰ চাকৰিত ৫০ শতাংশ নম্বৰ খিলঞ্জীয়া মাতৃভাষা আৰু ৫০ শতাংশ চৰকাৰী ভাষা-নীতি মতে সাক্ষাৎকাৰৰ প্রশ্নোত্তৰ বাধ্যতামূলক কৰা গুৰুত্বপূর্ণ দাবীৰ প্রতি কাণষাৰ নকৰা চৰকাৰখনে কেনেদৰে অসমৰ খিলঞ্জীয়া ৰাইজক সাংবিধানিক ৰক্ষাকবচ প্রদান কৰিব, সেয়া সন্দেহৰ বিষয় হৈ পৰিছে সভাৰ বাবে।
অসমৰ বিজেপি, কংগ্ৰেছ, অগপ প্ৰমুখ্যে প্ৰতিটো ৰাজনৈতিক দলে সভাৰ কার্যালয়লৈ আহি উল্লিখিত গুৰুত্বপূর্ণ বিষয়টোৰ সন্দৰ্ভত নিজৰ ইতিবাচক স্থিতি প্রকাশ কৰাৰ পাছতাে তেখেতসকল আজি নিমাত হৈ আছে। দহদিনৰ ভিতৰত তেখেতসকলক নিজৰ স্থিতি প্রকাশ কৰিবলৈ আহ্বান জনায়।
মাতৃভাষা আমাৰ জন্মস্বত্ব আৰু মৌলিক অধিকাৰ। এই অধিকাৰ খর্ব কৰাসকল ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰসংঘৰ শত্রু। এয়া সভাৰ একমাত্র আদর্শ আৰু স্থিতি৷ সকলাে ৰাজনৈতিক দল, জাতীয় সংগঠনে সভাৰ এই স্থিতিৰ প্রতি পূর্ণ সমর্থন আগবঢ়াওক। অসম চৰকাৰ আৰু অন্যান্য ৰাজনৈতিক দল যদি নিমাত হৈ থাকে, তেন্তে সভাই ৰাজপথত ভৰি দিবলৈ বাধ্য হ’ব বুলি সংবাদ মেলত উল্লেখ কৰে৷
সভাৰ দাবী—
১। মাতৃভাষাৰ জ্ঞান নথকা লােকক অসমত চাকৰি কৰিবলৈ দিয়া নহ’ব—এই দাবীৰ প্রতি সভা অবিচলিত। সেয়ে—কেন্দ্রীয় বিদ্যালয় সংস্থান (KVS) আৰু কেন্দ্রীয় মাধ্যমিক পৰিষদে (CBSE) দ্বাদশ শ্রেণীলৈকে অসমীয়া বিষয়ৰ উপৰি অন্যান্য স্বীকৃতিপ্রাপ্ত খিলঞ্জীয়া আঞ্চলিক ভাষা (বড়াে, বাংলা প্রমুখ্যে) বাধ্যতামূলকভাৱে শিকাবই লাগিব তৃতীয় ভাষা হিচাপে। এই দুয়ােটা বিষয় কেন্দ্রীয় বিদ্যালয় সংস্থানে পাহৰি গৈছে যে সর্বভাৰতীয় পৰীক্ষা, বিশেষকৈ ভাৰতীয় প্রশাসনীয় স্তৰৰ পৰীক্ষাত অসমীয়া, বড়াে, বাংলা প্রমুখ্যে আঞ্চলিক ভাষাৰ প্রশ্নকাকত দিয়াৰ অধিকাৰৰ পৰা আমাৰ ভৱিষ্যতৰ নাগৰিকসকলক অব্যাহতি দিয়াৰ এয়া গভীৰ ষড়যন্ত্র। ইংৰাজী, হিন্দী ভাষাৰ পাছতেই কেন্দ্রীয় চৰকাৰে অসম তথা উত্তৰ পূর্বাঞ্চলত অসমীয়া তথা আঞ্চলিক ভাষাৰ প্রশ্নোত্তৰ বাধ্যতামূলক কৰিবই লাগিব। অতিৰিক্ত বিষয় হিচাপে সংস্কৃত বিষয় অধ্যয়নৰ বাবেও সভা অতিশয় আগ্রহী।অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক এই গুৰুত্বপূর্ণ বিষয়টোত হস্তক্ষেপ কামনা কৰিছাে। কেন্দ্রীয় চৰকাৰৰ ওচৰত তেখেতে সবলভাৱে বিষয়বােৰ উপস্থাপন কৰক।
২। অসমীয়া তথা খিলঞ্জীয়া মাতৃভাষাৰ প্রতি আগ্রহ বঢ়াবলৈ হ’লে অসমৰ ভাষা-নীতি (৭ আগষ্ট, ২০১৮) আৰু নিয়ােগ-নীতিৰ গুৰুত্বপূর্ণ দাবী— সাক্ষাৎকাৰত মাতৃভাষা আৰু চৰকাৰী ভাষাৰ ১০০ নম্বৰৰ প্রশ্নোত্তৰ বাধ্যতামূলক কৰিবই লাগিব। গােলকীকৰণৰ এনে জটিল পৰিস্থিতিত অসম চৰকাৰে খিলঞ্জীয়া মাতৃভাষাৰ প্রশ্নোত্তৰ বাধ্যতামূলক কৰিবই লাগিব—চৰকাৰী আৰু বেচৰকাৰী খণ্ডত। অন্যথাই মাতৃভাষাৰ সংকট আৰু বেচি ঘণীভূত হ’ব। শীঘ্ৰে অসম চৰকাৰে এয়া কার্যকৰী কৰক।
৩। সভাই এইবেলি মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আশী শতাংশৰ ঊর্ধ্বত নম্বৰ পােৱাসকলক অভিনন্দন পত্র প্রদান কৰিব জিলা সাহিত্য সভাৰ জৰিয়তে। অসমীয়া এশ নম্বৰ পােৱা ৰাজশ্রী পাঠকলৈ আগবঢ়াব বিশেষ সম্মান। অসমৰ অন্যান্য জনগােষ্ঠীয় সাহিত্য সভাসমূহকো নিজ মাতৃভাষাৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবেও সভাই আহ্বান জনাইছে। এইক্ষেত্ৰত সভাই সকলােৰে প্রতি সহযােগিতা আগবঢ়াব।
৪। পুনৰ অসমৰ মাননীয় মুখ্যমন্ত্রী তথা ৰাজ্যসভাৰ সাংসদসকলক সভাৰ দাবীসমূহ কেন্দ্রীয় চৰকাৰৰ ওচৰত সবলভাৱে উপস্থাপন কৰিবলৈ সভাই আহ্বান জনাইছে।
৫। কাজিৰঙা বিশ্ববিদ্যালয় আৰু ডনবস্ক বিশ্ববিদ্যালয়ৰ বাহিৰে অসমৰ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ে সভাৰ সৈতে বহি জাতীয় জীৱনৰ কাম কৰাৰ বাবে আগ্রহ প্রকাশ কৰিছে আৰু কিছু বিদ্যায়তনিক বুজাবুজিৰ চুক্তিও সম্পন্ন কৰিছে। উল্লিখিত দুয়ােখন বিশ্ববিদ্যালয়ে এমাহৰ ভিতৰত যদি খিলঞ্জীয়া স্বার্থৰ হকে কাম কৰাৰ বাবে আগ্রহ প্রকাশ নকৰে, তেন্তে এই দুয়ােখন বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিব অসম সাহিত্য সভাই।
অসমীয়া আৰু খিলঞ্জীয়া ভাষা সংস্কৃতিৰ প্রতি দায়বদ্ধ নােহােৱা কোনাে শিক্ষানুষ্ঠানক কেৱল ব্যৱসায় কৰাৰ বাবে সুযােগ দিয়া নহ’ব বুলি সভাই আজি ঘােষণা কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি