Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:55 am

Home » আঞ্চলিক » শাসনৰ অধিকাৰ নেতাৰ পৰা কাঢ়ি আনি ভোটৰক গতাই দিব ভি পি আই— বিশ্বাত্মা

শাসনৰ অধিকাৰ নেতাৰ পৰা কাঢ়ি আনি ভোটৰক গতাই দিব ভি পি আই— বিশ্বাত্মা

ৰঙিয়া : ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলে কেৱল মাত্ৰ সত্বা পৰিবৰ্তনৰ কাৰনে কাম কৰা নাই বৰঞ্চ নীতি সলনিৰ এক ব্যৱস্থাৰে শাসনৰ অধিকাৰ, নেতাৰ পৰা কাঢ়ি আনি পোনপটীয়াকৈ ভোটাৰক অৰ্পণ কৰা হ’ব। এই বক্তব্য ভি পি আইৰ নীতি নিৰ্দেশক ভৰত গান্ধীৰ। ৰঙিয়াস্থিত হৰ দত্ত বীৰদত্ত ভৱন প্ৰাঙ্গণত দলৰ পদাধিকাৰী সন্মিলনত অংশগ্ৰহন কৰি প্ৰায় সাত শ প্ৰতিনিধিক সম্ভোধন কৰি দলৰ ভৱিষ্যত আৰু ৰণনীতি সম্পৰ্কে চৰ্চা আগবঢ়াই।
দলৰ নীতি নিৰ্দেশক বিশ্বাত্মাই কয় যে, নেতাৰ শাসনক গণতন্ত্ৰত বুলি কোৱা নাযায়। ভোটাৰৰ শাসনকহে গণতন্ত্ৰত বুলি কোৱা যায়। যি জনে খাজনাৰ টকা খৰছ কৰাৰ অধিকাৰ পায়, সেই জনকহে শাসক বোলে। সেইকাৰণে ভোটাৰচীপ আইন বনাই আধা অংশ পোনপটীয়াকৈ ভোটাৰৰ একাউন্টত দিয়াৰ কথা ছলি আছে, যাৰ দ্বাৰা ভোটাৰে শাসনৰ অধিকাৰ পুন: পতিয়াকৈ পাব পাৰে। তেওঁ লগতে উল্লেখ কৰে যে, পুনপতিয়াকৈ শাসনৰ দিয়াৰ উদ্দেশ্য লৈ দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰাৰ অধিকাৰ ৫৪৫ জন সাংসদৰ পৰা কাঢ়ি আনি দেশৰ তিনি লাখ ৱাৰ্ড সদস্য- সদস্যা আৰু গাওঁ প্ৰধান সকনক দিয়াৰ ব্যৱস্থা। ৰাজ ব্যৱস্থা শুঁধৰাৰ ওপৰত এক ডৰ্জনৰো অধিক গ্ৰন্থৰ লিখক বিশ্বাত্মাই ভি পি আইক লোকসভা নিৰ্বাচনত দিয়া এটি এটি ভোট বাস্তৱত ভোটাৰে পোৱা ভোট। কিয়নো বেলেগ দলে পোৱা ভোট নেতাৰ একাউন্টত সোমাল। যাক নোটলৈ সলনি কৰি লয়। এয়াই মৌলিক পাৰ্থক্য। এয়া ভোটাৰৰ পূন:জাগৰণ হয়। ইয়াত নিজে নিজে নেতাৰ পৰা স্বাধীনতা পোৱাৰ সংগ্ৰাম কৰি আছে। সেইকাৰনে নিৰ্বাচনী ফলাফল লৈ ভ্ৰোক্ষপ নকৰি গাৱে গাৱে আৰু চহৰে চহৰে দলৰ জন সমৰ্থণৰ কাৰনে শোভাযাত্ৰা উলিয়াব লাগে আৰু জাতি, ধৰ্ম, সম্প্ৰদায়, দল আৰু দেশৰ সীমা বাদ দি ভোটাৰৰ নিজৰ সংগঠন বনাব’লৈ প্ৰেৰণা দিব লাগে। 
ভোটাৰক গোলাম বনোৱা সংগঠন আন্তৰাষ্ট্ৰীয় হয়। সেইকাৰনে ভোটাৰৰো আন্তৰাষ্ট্ৰীয় সংগঠনেহে এওঁলোকৰ লগত প্ৰতিদন্দ্বিতা কৰিব পাৰে। ইয়াৰ আগতে দলৰ ৰাজ্যিক সভাপতি ললিত পেগু ৱে দললৈ আগবঢ়োৱা আৰ্থিক বৰঙণি হিচাপে দাখিল কৰে। সন্মিলন খনত অৰ্থনৈতিক স্বাধীনতা আন্দোলনৰ ৰাজ্যিক সভাপতি তৰণী বসুমতাৰী, মহেন্দ্ৰ ওৰাং, পূৰ্ণিমা ডেকা, আবু চামা, বিপুল নাৰ্জাৰী,মনিৰাম বড়ো আৰু ৰাজেশ নাৰ্জাৰী সম্বোধন কৰাৰ লগতে পদাধিকাৰী প্ৰমাণ পত্ৰ বিতৰণ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি