Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:25 am

Home » আঞ্চলিক » এন আৰ চি লৈ সাৰ পালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

এন আৰ চি লৈ সাৰ পালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও শুনানী কেন্দ্ৰত উপস্থিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম
কলগাছিয়া :এন আৰ চিত ভুৱা আপত্তিৰ দ্বাৰা হাৰাশাস্তিৰ সন্মুখীন হোৱা লোকসকলৰ কাষত থিয় দিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা কেইবাজনো সতীৰ্থসহ আজি দিনটো একাংশ ভুক্তভোগী পৰিয়ালৰ লগত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও শুনানী কেন্দ্ৰত উপস্থিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম৷ শুনানী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰাৰ পিছত কলগাছিয়াত এক সংবাদ মেলৰ সম্বোধন কৰি তেওঁ কয়— শুনানীত আপত্তিকাৰী উপস্থিত নাথাকিলে সেই আপত্তি একপক্ষীয় ৰায় প্ৰদানেৰে মীমাংসা কৰাৰ নিৰ্দেশনা দিয়াৰ পিছতো একাংশ বিষয়াই শুনানীৰ সময়ত ভুক্তভোগী পৰিয়ালৰ লোকক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি অযথা হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে। গৰিষ্ঠ সংখ্যক বিষয়াসকলে আপত্তি শুনানীৰ সময়ত ভুক্তভোগী লোকৰ পৰা সাক্ষ্যগ্ৰহণ আৰু প্ৰয়োজনীয় নথি-পত্ৰ ৰাখিয়ে বিদায় দি আছে। কিন্তু বিষয়াৰ কামখিনি অৰ্থাৎ টেম্পলেট পূৰণৰ কামটো লগে লগে সম্পন্ন কৰাৰ পৰিৱৰ্তে পিছলৈ কৰাৰ বাবে পেলাই থৈ দিয়া দেখা গৈছে। টেম্পলেট পূৰণৰ কামখিনি লগে লগেই সম্পন্ন কৰা উচিত। গোপনীয়তা ৰক্ষাৰ নামত একাংশ বিষয়াৰ এই কাম-কাজে মানুহৰ মাজত সন্দেহ-সংশয়ৰ সৃষ্টি কৰিছে।
সংবাদমেলত তেওঁ আৰু কয়— এন আৰ চি অসমৰ জাতীয় স্বপ্ন। আমি সকলোৱে আশা কৰিছিলো যে মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাবধানত চলি থকা এন আৰ চিৰ প্ৰস্তুতকৰণে অসম সমাজ আৰু ৰাজনৈতিক জীৱন উত্তাল কৰি ৰখা জাতীয় সমস্যা বিদেশী সমস্যাটোৰ সমাধানৰ এক বাট মুকলি কৰিব। সেইবাবেই অসমৰ প্ৰায় প্ৰতিটো দল-সংগঠন আৰু ৰাইজে এন আৰ চিৰ প্ৰস্তুতকৰণ প্রক্রিয়াত অংশগ্ৰহণ আৰু যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে। বহু সমস্যা আৰু হাৰাশাস্তিৰ মাজতো শুনানিত উপস্থিত থাকি নিজৰ নাম অন্তর্ভূক্ত কৰাৰ চেষ্টা কৰি আছে। কিন্তু তাৰ মাজতে এনে ভুৱা আপত্তিৰ জোৱাৰ তুলি এক বৃহৎ সংখ্যক মানুহক হাৰাশাস্তি কৰি এওঁলোকৰ মনত গোটেই প্রক্রিয়াৰ প্রতি এক বিতৃষ্ণামূলক আৰু বিদ্বেষমূলকভাৱ আনিবলৈ বিচৰা হৈছে। বহু নথি-পত্রৰ কেইবা খলপীয়া সূক্ষ্ম পৰীক্ষণ-নিৰীক্ষণৰ পিছতহে মানুহবোৰৰ নাম অন্তর্ভূক্ত হৈছিল। পিছে ভুৱা আপত্তি জৰিয়তে এন আৰ চিৰ এই গোটেই প্রক্রিয়াটোৰ বৈধতাক লৈও অবান্তৰ প্রশ্ন উত্থাপন কৰিছে।
এইদৰে লাখ লাখ লোকৰ বিৰুদ্ধে ভুৱা আপত্তি দাখিল কৰাৰ ষড়যন্ত্ৰ পোহৰলৈ অহাৰ পিছত এক শুদ্ধ এন আৰ চি আশা কৰিব পাৰোনে? এনে ভুৱা আপত্তি দাখিলকৰণ কেৱল মানুহক হাৰাশাস্তি কৰাৰ বাবে কিছু দুষ্কৃতিকাৰীৰ কাম নহয়; বৰঞ্চ এন আৰ চিৰ কাম কাজত বিধি পথালি দি মানুহৰ মাজত সন্দেহ-সংশয়-আতংক-সংঘাতময় পৰিৱেশ সৃষ্টিৰে এক শুদ্ধ এন আৰ চি প্ৰস্তুতকৰণত বাধা দিয়াৰ এক পৰিকল্পিত ষড়যন্ত্র বুলিহে সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে। এই ষড়যন্ত্ৰৰ আঁৰত স্বয়ং চৰকাৰ, প্ৰশাসন, এন আৰ চি কর্তৃপক্ষ আৰু আছুৰ নিচিনা জাতীয় সংগঠন জড়িত থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। এই বিস্ফোৰক অভিযোগৰ পৰা মুক্তিৰ বাবে আছু আৰু ইয়াৰ সহযোগী সংগঠনসমূহে এক শুদ্ধ এন আৰ চিৰ প্ৰস্তুতকৰণৰ জৰিয়তে অসমৰ জাতীয় সমস্যাটো সমাধানৰ স্বাৰ্থত ভুৱা আপত্তিসমূহ উঠাই লোৱা প্ৰয়োজন। এন আৰ চি কৰ্তৃপক্ষই সকলোবোৰ ভুৱা আপত্তি খাৰিজ কৰক আৰু শুনানীত আপত্তিকাৰী উপস্থিত নাথাকিলে সেইবোৰ আপত্তিও নিৰ্দেশনা অনুযায়ী শুনানীৰ সময়তে লগে লগে একপক্ষীয়ভাৱে নিষ্পত্তি কৰক আৰু চৰকাৰ -প্ৰশাসনৰ লোকেও ভুৱা আপত্তিৰ ফলস্বৰূপে সৃষ্টি হোৱা সন্দেহ, সংশয়, ভয় আৰু আতংকৰ পৰিৱেশ স্বাভাৱিক কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী। অন্যথা বৃহত্তৰ অসমৰ জাতীয় জীৱন গভীৰ সংকটৰ মুখামুখি হোৱাই সম্ভাৱনা প্ৰবল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি