এন আৰ চি লৈ সাৰ পালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও শুনানী কেন্দ্ৰত উপস্থিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম কলগাছিয়া :এন আৰ চিত ভুৱা আপত্তিৰ দ্বাৰা হাৰাশাস্তিৰ সন্মুখীন হোৱা লোকসকলৰ কাষত থিয় দিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা কেইবাজনো সতীৰ্থসহ আজি দিনটো একাংশ ভুক্তভোগী পৰিয়ালৰ লগত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও শুনানী কেন্দ্ৰত উপস্থিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম৷ শুনানী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰাৰ পিছত কলগাছিয়াত এক সংবাদ মেলৰ সম্বোধন কৰি তেওঁ কয়— শুনানীত আপত্তিকাৰী উপস্থিত নাথাকিলে সেই আপত্তি একপক্ষীয় ৰায় প্ৰদানেৰে মীমাংসা কৰাৰ নিৰ্দেশনা দিয়াৰ পিছতো একাংশ বিষয়াই শুনানীৰ সময়ত ভুক্তভোগী পৰিয়ালৰ লোকক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি অযথা হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে। গৰিষ্ঠ সংখ্যক

শাসনৰ অধিকাৰ নেতাৰ পৰা কাঢ়ি আনি ভোটৰক গতাই দিব ভি পি আই— বিশ্বাত্মা

ৰঙিয়া : ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলে কেৱল মাত্ৰ সত্বা পৰিবৰ্তনৰ কাৰনে কাম কৰা নাই বৰঞ্চ নীতি সলনিৰ এক ব্যৱস্থাৰে শাসনৰ অধিকাৰ, নেতাৰ পৰা কাঢ়ি আনি পোনপটীয়াকৈ ভোটাৰক অৰ্পণ কৰা হ’ব। এই বক্তব্য ভি পি আইৰ নীতি নিৰ্দেশক ভৰত গান্ধীৰ। ৰঙিয়াস্থিত হৰ দত্ত বীৰদত্ত ভৱন প্ৰাঙ্গণত দলৰ পদাধিকাৰী সন্মিলনত অংশগ্ৰহন কৰি প্ৰায় সাত শ প্ৰতিনিধিক সম্ভোধন কৰি দলৰ ভৱিষ্যত আৰু ৰণনীতি সম্পৰ্কে চৰ্চা আগবঢ়াই। দলৰ নীতি নিৰ্দেশক বিশ্বাত্মাই কয় যে, নেতাৰ শাসনক গণতন্ত্ৰত বুলি কোৱা নাযায়। ভোটাৰৰ শাসনকহে গণতন্ত্ৰত বুলি কোৱা যায়। যি জনে খাজনাৰ টকা খৰছ কৰাৰ অধিকাৰ পায়, সেই জনকহে শাসক বোলে। সেইকাৰণে ভোটাৰচীপ আইন বনাই আধা অংশ পোনপটীয়াকৈ ভোটাৰৰ একাউন্টত দিয়াৰ কথা ছলি আছে, যাৰ দ্বাৰা ভোটাৰে শাসনৰ অধিকাৰ

উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হ’ব চাৰিটাকৈ নতুন বিষয়

গুৱাহাটী :  বৃত্তিমূলক শিক্ষাৰ সম্প্ৰসাৰণৰ স্বাৰ্থত উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত চাৰিটাকৈ নতুন বিষয়ৰ অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই। বিষয় কেইটা ক্ৰমে— কৃষি আৰু উদ্যান বিদ্যা, স্বাস্থ্যসেৱা, প্ৰাইভেট ছিকিউৰিটি আৰু টুৰিজিম এণ্ড হাস্পিতালিটী। এই বিষয়কেইটা অন্তৰ্ভুক্ত কৰাৰ ফলত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে বিভিন্ন কোম্পানী বা অন্যান্য বৃত্তিগত প্ৰতিষ্ঠানত চাকৰি লাভ কৰাত সহায়ক হ’ব।ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ছেবাই এইবৰ্ষৰ পৰা উচ্চ মাধ্যমিকত ঐচ্ছিক বিষয় হিচাপে ‘বাণিজ্য’ বিষয়টো অন্তৰ্ভুক্ত কৰিছে। উল্লেখযোগ্য যে, ২০১৮ চনলৈকে উচ্চ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলে ঐচ্ছিক বিষয় হিচাপে ঐচ্ছিক গণিত, কম্পিউটাৰ বিজ্ঞান, হিন্দী, ভুগোল, বুৰঞ্জী, সংস্কৃত ইত্যাদি বিষয়সমূহ বাচি ল’ব পাৰিছিল। এতিয়াৰ পৰা ইয়াৰ সৈতে বাণিজ্য বিষয়টো সংযোগ হোৱাত উচ্চতৰ মাধ্যমিকত বাণিজ্য শাখাত পঢ়িব খোজা ছাত্ৰ-ছাত্ৰীসকল উপকৃত