- হামিদা ইয়াচমিন
এই যে বাৰে বাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, এটা প্ৰান্তৰ পৰা আন এটি প্ৰান্তলৈ মানুহবোৰক মাতি পঠোৱা হৈ আছে, এন আৰ চিৰ নামত হিয়াৰিঙবোৰ হৈ আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ অধীনত, আপুনি কি বুলি ভাবে? সঁচাকৈয়ে আমি এন আৰ চি পামনে বাৰু? পালেও শুদ্ধ আৰু নিকা এখন এন আৰ চি পামনে আমি? যদি পাম কেতিয়া আৰু কিমান বছৰ ভাৰতীয় মুছলমানক সন্দেহৰ চকুৰে চোৱা হ’ব? বাংলাদেশী বুলি ইতিকিং কৰা হ’ব? মুছলমান বুলিয়ে পাকে প্ৰকাৰে নিৰ্যাতন চলোৱা হ’ব? এন আৰ চি হিয়াৰিঙৰ নামত নৰক যন্ত্ৰণা ভোগ কৰিবলৈ বাধ্য কৰা হৈছে, সন্দেহযুক্ত নাগৰিকৰ অভিধাৰে নিক্ষেপ কৰা হৈছে ডিটেনচন কেম্পত আৰু কোৱা হৈছে যে প্ৰকৃত ভাৰতীয়ৰ সুৰক্ষাৰ বাবেই হেনো এন আৰ চি! আমাক যে নিৰপেক্ষ এন আৰ চি দিয়া হ’ব সেয়াই সন্দেহৰ আৱৰ্তত। বাপ দাদা চৌধ্য গোষ্ঠী ভাৰতত থকাৰ পিচতো এতিয়াও আমাক বিদেশীৰ দৰেই ব্যৱহাৰ কৰা হয়, সমতাৰ নামত পদে পদে নৰক যন্ত্ৰণা ভুগিবলৈ দিয়া হয়! আকৌ কোৱা হয় নিৰপেক্ষ এন আৰ চি! শিলাদিত্যৰ বাণীক সঁচা প্ৰমাণিত কৰিবলৈ উঠি পৰি লাগিছে এচামে৷ তেনেস্থলত আৰু কি আশা কৰিব পাৰি আমাৰ নিৰপেক্ষ দেশৰ নিৰপেক্ষ শাসন ব্যৱস্থাৰ পৰা? দেশৰ আইন আৰু শাস্তি বিহাৰ যি এক লেহেমীয়া গতি, তাৰ তুলনাত এন আৰ চি প্ৰক্ৰিয়াটোও কোনো গুণে কম নহয়!
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) মানে আচলতে কি?
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অদ্যৱধিকৰণ কেনেকৈ কৰা হ’ল?
-
ভূমিস্বত্বৰ/ৰায়তীস্বত্বৰ নথিপত্ৰ(এতিয়া এটা পৰিয়ালত বাকী সদস্যসকলৰ নাম আহিল কিন্তু ঘৰখনৰ বোৱাৰী, জীয়ৰীৰ নাম নাহিল!বাপেকে মাটি বাৰী পুতেকৰ নামত নামজাৰী কৰে, জীয়ৰীৰ নামত খুব কম সংখ্যকেহে কৰে তেন্তে কি হব ছোৱালী বোৱাৰীৰ? ভয় কৰিব নালাগে, বেলেগ নথি লোৱা হব কিন্তু কোনটো? নাগৰিকত্বৰ প্ৰমানপত্ৰ? তাতোসমস্যা আছে)
-
নাগৰিকত্বৰ প্ৰমাণপত্ৰ।(নাগৰিকত্বৰ প্ৰমাণপত্ৰ থকাৰ পিচতো সন্দেহ থাকে সেইজন ভাৰতীয় নাগৰিক হয়নে নহয়! কাৰণ বহুতো ভুৱা নথিৰে নাগৰিকত্ব লাভ কৰিছে বহু লোকে, এতিয়া প্ৰশ্ন হয় ভাৰতৰ সকলো উচ্চ বৰ্গৰ চাকৰীবোৰত হেনো অনা মুছলমানেৰে পূৰ্ণ তেন্তে আকৌ মুছলমান লোকৰ প্ৰমাণ পত্ৰবোৰ কোনে জালি কৰি বনাই দিলে বাৰু? )
- স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ
- শৰনাৰ্থী পঞ্জীয়ণ প্ৰমাণপত্ৰ
- পাৰপত্ৰ (পাছপোৰ্ট)
- ভাৰতীয় জীৱন বীমা নিগমৰ বীমা পলিচি
- চৰকাৰৰ দ্বাৰা প্ৰদত্ত অনুজ্ঞাপত্ৰ/প্ৰমাণপত্ৰ
- চৰকাৰী চাকৰি/নিযুক্তিৰ প্ৰমাণপত্ৰ
(কিমান চাকৰিয়ালৰ নামত হিয়াৰিংৰ নটিচ আহিল আজিলৈকে তাৰ হিচাপ নাই। ভাৰতীয় সেনা বাহিনীত নিয়োজিত তিনিজন ভাই ককাইৰ নাম নাহিল এন আৰ চিত) - বেংক/ডাকঘৰৰ হিচাবৰ নথিপত্ৰ
(এইবিলাক গ্ৰহণযোগ্য হয়নে সঁচাকৈয়ে বৰ্তমান সময়ৰ শুনানিত) - জন্মৰ প্ৰমাণপত্ৰ
(৩ মহীয়া শিশুক সন্দেহযুক্ত নাগৰিক বুলি কোৱা হয়) - বোৰ্ড/বিশ্ববিদ্যালয়ৰ শৈক্ষিক প্ৰমাণপত্ৰ
- আদালতৰ নথি/আদালতৰ প্ৰক্ৰিয়াজনিত নথি-
ওপৰত উল্লেখিত নথিসমূহৰ উপৰি
- ৰেচন কাৰ্ড আৰু
- বিবাহসূত্ৰে আন গাঁৱলৈ স্থানান্তৰিত মহিলাৰ সন্দৰ্ভত গাঁও পঞ্চায়তৰ সচিবৰ দ্বাৰা প্ৰদত্ত আৰু স্থানীয় ৰাজহচক্ৰ বিষয়াৰ দ্বাৰা প্ৰতিস্বাক্ষৰিত প্ৰমাণপত্ৰ ও সমৰ্থনমূলক নথি হিচাবে গ্ৰাহ্য হ’ব।সচাইনে? ?
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) অদ্যৱধিকৰণৰ প্ৰক্ৰিয়াসূচী
- এন আৰ চিৰ হিয়াৰিং (শুনানি)ৰ বাবে এই খাটি খোৱা মানুহবোৰক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মাতি পঠিয়াইছে!তাৰ বাবদ? দুখে কষ্টে মানুহবোৰে দিন হাজিৰা কৰি জমা কৰা দুই পইচা ব্যয় কৰি গাড়ী ভাৰা কৰি গন্তব্যস্থান পাইছে,নানান প্ৰশ্নৰে এন আৰ চিৰ বাবে নিয়োজিত বিষয়া ববীয়াই থকা সৰকা কৰিছে, কিবা অলপ ভুল পাইয়ে পুনৰাই মাতি পঠোৱা হব বুলি ঘূৰাই পঠাইছে! কিমান নিষ্ঠুৰ হব পাৰে মানুহ চাওঁক, দুখ যন্ত্ৰণা পাহৰি মানুহবোৰে এন আৰ চিখনত নাম অন্তৰ্ভূক্তিৰ কাৰণে গৈ আকৌ যেতিয়া খালি মুখে ঘূৰি আহিব লগা হয় তেতিয়া মানুহে দেখুৱাই নাকান্দিলেও অন্তৰে যে কান্দে সেয়া কোনেও নুবুজে! বিশেষ ধৰ্মৰ মানুহক যিমান পাৰি হাৰা শাস্তি কৰা যাওঁক, কষ্ট দিয়া যাওক তাৰে মানসিকতাৰে এচামে আকৌ ভুৱা নথিৰ অভিযোগ তুলিছে! এইবোৰ কোনে কৰিছে, কিয় কৰি আছে, কাৰ হৈ কৰিছে সেয়া ভাবিবলৈ আমাৰ তথাকথিত গণতান্ত্ৰিক চৰকাৰৰ সময় নাই,আমাৰ সমবাদ মাধ্যমৰ সময় নাই ভুক্তভোগী দুই এজনৰ ভাষ্য লবলৈ, শিলাদিত্যৰ দৰে পালিনেতাৰ ভাষণ লৈয়ে যে সব ব্যস্ত!
- নথি পত্ৰত বগা (হুৱাইটনাৰ এক জাগাত) থাকিলেও অন্য নথি চেক নকৰি সেই নথিটো দলিয়াই দিব এন আৰচি বিষয়া-ববীয়াই! আৰে নামধাৰী অফিচাৰ, তহঁতৰ গাফিলতিৰ বাবেই লাগিছে বগা, স্পীডত লিখিব গাওঁবুঢ়া, চেক্ৰেটাৰীসকলে আৰু নামত, ঠিকনাৰ বানান ভুল লিখি তাত হুৱাটনাৰ মাৰি দিব, পিচে ভুগিব লাগে কোনে? সাধাৰণ ৰাইজে! লগত আছে আধাৰ কাৰ্ড, বেংকৰ পাচবুক, ৰেচন কাৰ্ড, ভোটাৰ আইডি, পেন কাৰ্ড, কিন্তু বিয়াৰ সেই মেৰিড চাৰ্টিফিকেটত হাফিজা খাতুনৰ ভুল নাম। হাবিজা নামৰ ‘ব’ৰ ঠাইত হুৱাইটনাৰ মাৰি কিয়া ‘ফ’ কৰা হল তাকে লৈ ইচ্যু! ১টা বজাত মাতি ৰাতি ৮. ৩০ বজাত হিয়াৰিং আৰম্ভ, তাকো লগত থকা বাকী নথিবোৰ নাচায়ে, অলপ তেৰা কৈ কোৱাত এক্সেপ্ট কৰিলে কিন্তু আকৌ কি মাতি পঠিয়াই নেকি সন্দেহ আছে!
- কাম কৰি খোৱা মানুহবোৰৰ কিমান কষিট সেয়া যিয়ে দেখিছে সিয়ে কব পাৰিব! অসমৰ ইমূৰৰ পৰা সিমূৰল অহা যোৱাৰ খৰচ, হাজিৰা খতি কৰি মানুহবোৰে গৈ যেতিয়া ৰাতিটো ৰাস্তাৰ ষ্ট্ৰীট লাইটৰ তলত কটায় তেতিয়া মানৱতা নাথাকে কাৰো, চৰকাৰে হিয়াৰিং ৰ ব্যৱস্থা কৰিলে ঠিকেই কিন্তু এই মানুহবোৰৰ নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে, হিয়াৰিংত মানুহবোৰক মাতি পঠায় বহু দূৰলৈ কিন্ত আৰ্থিক সাহায্য নাই! ক’ত গ’ল মোদীজীৰ গৰিবী হাটাও ধ্বনি? কত গ’ল দয়ালু চৰকাৰৰ দয়া? আজিলৈকে কোনা ব্যৱস্থা নহল এন আৰ চিক লৈ যাতে মানুহে আৰ্থিক সংকটত নপৰে তাৰ কিবা ফাণ্ডৰ! মানুহে ঘূৰি আহিব নোৱাৰা দূৰত্বতে বা কিয় মাতি পঠাই সেয়াও বুজি নাপালো! ?
- ডিটেনচন কেম্পত মানুহবোৰক ঙৰাই দিয়া হয় উপযুক্ত প্ৰমাণৰ অভাৱত, উপযুক্ত প্ৰমাণৰ অঙাৱ মানে মানুহজন বিদেশী তেন্তে আকৌ ডিটেনচন কেম্পত শেষ নিশ্বাস ত্যাগ কৰা মানুহজনক পৰিয়ালৰ হাতত গতাই দিয়া হয় কিয়? মানে মৃত্যুৰ পিচত ভাৰতীয় হৈ যায় নেকি মানুহবোৰ?
- এই যে কাৰোবাৰ পিতৃ, কাৰোবাৰ পত্নীক লৈ যোৱা হয় ডিটেনচন কেম্পত সেইসকল কি সঁচাকৈয়ে বাংলাদেশী নেকি? পৰিয়ালৰ মূৰব্বীজন ভাৰতীয় থাকে আকৌ সেই পৰিয়ালৰ সদস্যজন বাংলাদেশী হৈ যায় কেৱল উপযুক্ত প্ৰমাণ পত্ৰৰ অভাৱত! আচৰিত নালাগেনে বাৰু?
- বাংলাদেশত থকা হিন্দুসকলৰ নিৰাপত্তা নাই বুলি এচামে নেদেখাকৈয়ে কয় আৰু CABৰ সমৰ্থন কৰে মানে বাংলাদেশী হিন্দুক ভাৰতত সংস্থাপন দিয়া হওঁক, আৰে ভাৰতীয় মুছলমানসকলক দেখ দেখকৈ বাংলাদেশী সজোৱা হৈ আছে তাত কত গল নিৰপেক্ষ মাত? নিৰাপত্তাহীনতাত ভুগিছে আজি ভাৰতীয় মুছলমান, লোকচক্ষুৰ আগত গাহৰি মাংস খোৱাই দিয়া হৈ আছে তথাপিও মাত নাই নিৰপেক্ষ ৰাষ্ট্ৰৰ অইন ধৰ্মালম্বীলোকৰ! কিয়? ? কাৰণ এটাই, মুছলমানৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ চলিছে তলে তলে!
- চিকিৎসা বিজ্ঞান (MBBS)ৰ চূড়ান্ত পৰীক্ষাত সদ্য উত্তীৰ্ণ শ্ববনম আৰু কনিষ্ঠা চিকিৎসক গৰাকীৰ মাতৃক শান্ত্বনা দিবলৈ আজি কাৰো মুখত ভাষা নাই! কাৰণ শ্বনমৰ পিতৃ তথা উলুবাৰী এম.ই.স্কুলৰ বিজ্ঞান শিক্ষক আঃ ৰাশ্বিদক কেইদিনমান পুৰ্বে গ্ৰেপ্তাৰ কৰি বন্দী কৰিছে তেজপুৰ ডিটেনশ্বন কেম্পত। চোৰ, ডকাইত, হত্যাকাণ্ড বা অন্য কোনো অপৰাধৰ লগত জৰিত নাছিল তেওঁ। তেওঁৰ অপৰাধ এটাই তেওঁ বোলে বিদেশী। যি গৰাকী ব্যক্তিৰ পিতৃ-মাতৃ/ককা দেউতা/আইতা ভাৰতীয়, স্বাধীনতৰ পূৰ্বৰ মাটিৰ তথ্য পাতি, ১৯৫১ৰ NRC/১৯৬৫-৭১ ৰ ভোটাৰ তালিকাত পিতৃ-মাতৃৰ নাম আছে তেওঁ বিদেশী হ’ল কেনেকৈ?
কিন্তু অসমত এয়া একেবাৰেই সম্ভৱ। পৃথিৱীৰ কোনো দেশত বা ভাৰতৰ কোনো ৰাজ্যত সম্ভৱ নোহোৱা এই ভুৱা বিচাৰ ব্যৱস্থা সম্ভৱ কেৱল অসমত। ১৯১৫-১৬ চনৰ মাটি কিনাৰ তথ্য থাকিলেও, ১৯৫১ চনৰ NRC-ৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সকলো ভোটাৰ তালিকাত নাম থকা লোক সকলৰ সতি-সন্ততিক কেনেকৈ বাংলাদেশী সজোৱা হ’ব ডিটেনশ্বন কেম্প বনোৱা কাৰিকৰে ১০০ টা ন্যায়াধীকৰণ স্থাপন কৰি ১০ বছৰ আগতেই তাৰ সকলো বন্দোবস্ত কৰি থৈ গৈছে। আজি খুব মনত পৰিছে একেৰাহে ১৫ বছৰ শাসন কৰা এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ডিটেনশ্বন কেম্পসমূহ তৈয়াৰ কৰিয়েই যোৰহাটলৈ গৈ এখন সংবাদ মেলক সম্বোধন কৰি কৈছিল- ‘মই যি কাম কৰিছোঁ, AASU-এ ৩৫ বছৰ আন্দোলন কৰিও সেই কাম কৰিব পৰা নাই; মই কি কৰিছোঁ সেইটো অসমৰ মানুহে ২০ বছৰ পিছত উপলব্ধি কৰিব পাৰিব।’ এনেকুৱা লাগিছিল যেন তেখেতে Detention Camp নহয় ৬খন তাজমহল হে বনাইছে।
কিন্তু ২০ বছৰ নালাগে মহোদয় আপুনি কৰি থৈ যোৱা কামৰ যন্ত্ৰণা অসমৰ সংখ্যালঘু জনসাধাৰণে শিৰাই শিৰাই/ মৰ্মে মৰ্মে উপলব্ধি কৰি আছে।’ (Aminul Islam, MLA, Dhing)
- ভুৱা অবজেকচন আন এক আতংক! হিমন্ত দাস, বিদ্যুৎ দাস, ৰাজু দাস এই তিনি জাৰজে মিলি এতিয়ালৈকে শুকমানাহ NSKৰ ৫৫০টা ARN নম্বৰত অবজেকচন কৰি প্ৰায় ২২০০জন দুখীয়া দৰিদ্ৰক হাৰাশাস্তি কৰিবলৈ কুণ্ঠাবোধ নকৰিলে আৰু এইসকলৰ বিৰুদ্ধে কি ব্যৱস্থা ললে চৰকাৰে এতিয়ালৈকে গম নাপালো কিন্তু এইকেইজন যদি মুছলমান হ’লে হয় উপায় নাছিল আৰু! তেন্তে চৰকাক একপক্ষীয় নহৈ কি?