Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:25 pm

Home » আঞ্চলিক » ৩১ জুলাইত পূৰ্ণাঙ্গ এন আৰ চি প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

৩১ জুলাইত পূৰ্ণাঙ্গ এন আৰ চি প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

মিছাতে যিসকলে আপত্তি আবেদন দাখিল কৰি সমগ্ৰ প্ৰক্ৰিয়াটোতে বিধিপথালি দিব বিচাৰি আছে বা অযথাই ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ-শুদ্ধ নথি থকা ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি আছে তেনে দুষ্ট প্ৰকৃতিৰ লোকৰ বিৰুদ্ধে নাগৰিকত্ব আইনৰ ধাৰা ১৭ অনুসৰি গোচৰ তৰি আইনৰ জৰিয়তে বিহীত ব্যৱস্থা লবলৈ ভুক্তভোগী ৰাইজক বিভিন্ন দল-সংগঠনে আহ্বান জনায়৷ 


নতুন দিল্লী :  উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত বুধবাৰে এন আৰ চি  সম্পৰ্কীয় গোচৰৰ শুনানী অনুষ্ঠিত হয়। বৰ্তমান ৰাজ্য ব্যাপি চলি থকা Objection Hearing ত আপত্তিকাৰী (Objection কৰোতা) উপস্থিত নথকা বিষয়টি মাননীয় উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰাত ন্যায়ালয়ে ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক আইনমতে সিদ্ধান্ত দিবলৈ নিৰ্দেশনা দিয়ে। আপত্তিকাৰী উপস্থিত থাকক বা নাথাকক আইনৰ কথা মনত ৰাখি ৰাজ্যিক সমন্বয়কক নিজৰ বিবেচনাৰে সেই সমূহ নিষ্পত্তি কৰি ৩১ জুলাই বা তাৰ এদিনৰ পূৰ্বে পূৰ্ণাঙ্গ এন আৰ চি  প্ৰকাশ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। আপত্তিকাৰীৰ সবিশেষ তথ্য যাৰ বিৰুদ্ধে আপত্তি কৰিছে তেওঁক দিয়া নিদিয়া বিষয়টিয়ো ৰাজ্যিক সমন্বয়কৰ বিবেচনাৰ ওপৰত এৰি দাবী-আপত্তি নিস্পত্তিৰ ক্ষেত্ৰত ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক সম্পূৰ্ণ স্বাধীনতা দি মুঠতে এদিনো বিলম্ব নকৰাকৈ ৩১ জুলাই বা তাৰ এদিন পূৰ্বে চূড়ান্ত এন আৰ চি প্ৰকাশ কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰে। এন আৰ চি সম্পৰ্কীয় এই আবেদনৰ পুনৰ ১০ জুলাইত  শুনানী অনুষ্ঠিত হব।
উল্লেখ্য যে আপত্তি আবেদন দাখিল কৰাৰ অন্তিম তাৰিখত নিৰ্বিচাৰে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰ কিছু সংগঠনৰ সহযোগত হকে বিহকে কোনো বিচাৰ বিবেচনা নকৰাকৈ কেৱল বিশেষ সম্প্ৰদায়ৰ ৰাইজক শাৰীৰিক মানসিক আৰু আৰ্থিক ভাৱে নিৰ্যাতন চলোৱাৰ উদ্দেশ্যৰে দাখিল কৰা আপত্তি আবেদন সমূহ যে কেৱল এন আৰ চি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত জটিলতা সৃষ্টি কৰাৰ যি অভিযোগ পূৰ্বৰে পৰা উত্থাপিত হৈ আহিছে সেয়া আজি প্ৰমানিত হয়। Objection Hearing ত আপত্তিকাৰী উপস্থিত নাথাকিলে সেই আপত্তি খাৰিজ কৰি একপক্ষীয় সিদ্ধান্ত দিব লাগে বুলি কৰ্তৃপক্ষক বিভিন্ন দল-সংগঠনে দাবী জনাই অহাৰ পিছতো ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক দাবী আপত্তি নিষ্পত্তিৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে সেয়ে অযথাই দাখিল কৰা আপত্তি আবেদন সমূহ খাৰিজ কৰি ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ ভাৰতীয় নাগৰিকক ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচিত ন্যায় প্ৰদান কৰিব বুলি দল-সংগঠনসমূহে আশা প্ৰকাশ কৰিছে। 
অবৈধ বিদেশী সমস্যাৰ চূড়ান্ত সমাধানৰ লগতে বছৰ বছৰ ধৰি বিদেশীৰ নামত অত্যাচাৰিত হৈ থকা সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজে এই অপবাদৰ পৰা মুক্তি পোৱাৰ স্বাৰ্থত এন আৰ চি প্ৰস্তুতকৰন প্ৰক্ৰিয়াত পূৰ্বৰ দৰে সহযোগ কৰাৰ লগতে মিছাতে যিসকলে আপত্তি আবেদন দাখিল কৰি সমগ্ৰ প্ৰক্ৰিয়াটোতে বিধিপথালি দিব বিচাৰি আছে বা অযথাই ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ-শুদ্ধ নথি থকা ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি আছে তেনে দুষ্ট প্ৰকৃতিৰ লোক বা সংগঠনৰ নেতৃত্বক তদন্ত মৰ্মে চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ কৰ্তৃপক্ষক বিভিন্ন দল-সংগঠনে দাবী জনায়৷ অন্যথাই তেনে ব্যক্তিৰ বিৰূদ্ধে নাগৰিকত্ব আইনৰ ধাৰা ১৭ অনুসৰি গোচৰ তৰি আইনৰ জৰিয়তে বিহীত ব্যৱস্থা লবলৈ ভুক্তভোগী ৰাইজক আহ্বান জনায়৷ 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি