|

৩১ জুলাইত পূৰ্ণাঙ্গ এন আৰ চি প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

মিছাতে যিসকলে আপত্তি আবেদন দাখিল কৰি সমগ্ৰ প্ৰক্ৰিয়াটোতে বিধিপথালি দিব বিচাৰি আছে বা অযথাই ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ-শুদ্ধ নথি থকা ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি আছে তেনে দুষ্ট প্ৰকৃতিৰ লোকৰ বিৰুদ্ধে নাগৰিকত্ব আইনৰ ধাৰা ১৭ অনুসৰি গোচৰ তৰি আইনৰ জৰিয়তে বিহীত ব্যৱস্থা লবলৈ ভুক্তভোগী ৰাইজক বিভিন্ন দল-সংগঠনে আহ্বান জনায়৷  নতুন দিল্লী :  উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত বুধবাৰে এন আৰ চি  সম্পৰ্কীয় গোচৰৰ শুনানী অনুষ্ঠিত হয়। বৰ্তমান ৰাজ্য ব্যাপি চলি থকা Objection Hearing ত আপত্তিকাৰী (Objection কৰোতা) উপস্থিত নথকা বিষয়টি মাননীয় উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰাত ন্যায়ালয়ে ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক আইনমতে সিদ্ধান্ত দিবলৈ নিৰ্দেশনা দিয়ে। আপত্তিকাৰী উপস্থিত থাকক