Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:00 am

Home » আঞ্চলিক » হীৰা শৰণীয়া “মতা নে মাইকী”: হাগ্ৰামা মহিলাৰী

হীৰা শৰণীয়া “মতা নে মাইকী”: হাগ্ৰামা মহিলাৰী

বৰপেটাৰোডত কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল, অতুল বৰা

নজৰুল আলী আহমেদ, বৰপেটাৰোড :
বৰপেটাৰোড মিনি ষ্টেডিয়াম প্ৰাঙ্গণত বিজেপিৰ মিত্ৰজোঁটৰ বিপিএফৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ বিজয়ী সংকল্প সমাৰোহ অনুষ্ঠানৰ আয়োজন কৰে। সভাত সাংসদ বিশ্বজিৎ দৈমাৰীৰ উদ্ভোধনী ভাষণেৰে সভাৰ কাম আৰম্ভ কৰা হয়। সভাখনত সকলোৰে আকাঙ্খিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত থাকি ভাষণ প্ৰসংগত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বড়ো-অবড়ো সংকীর্ণ ৰাজনীতিক উৎখাত কৰিবলৈ ৰাইজক আহ্বান জনায়। কাৰণ সংবিধানৰ কোনো পাততেই এই বড়ো-অবড়ো, বাঙালী-অবাঙালী শব্দ নাই, এয়া কেৱল নৱ কুমাৰ শৰণীয়াৰ সংকীর্ণ ৰাজনীতিহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৱকা সাথ সৱকা বিকাশৰ গৌৰভ কৰি কংগ্ৰেছৰ সুদীর্ঘ সময় জুৰি ৰাজনীতিৰ ফলত নোহোৱা উন্নয়ন যোৱা পাঁচ বছৰেই নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে কৰিলে বুলি দাবী কৰে যদিওঁ বৰ্তমান দেশৰ উন্নয়ণৰ ফপোলা স্বৰূপ ওলাই পৰিছে বুলি ৰাইজৰ মতামতত প্ৰকাশ পাইছে। বিজেপিৰ “সৱকা সাথ সৱকা বিকাশ”ৰ কথা কৈ চৰকাৰৰ গাদী দখল কৰা নৰেন্দ্ৰ মোডী নোতৃত্বাধীন চৰকাৰখনৰ তালিকাত ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীৰ উন্নয়ণৰ নামত নাই আচঁনি। 
সভাত উপস্থিত থাকি অগপৰ কেন্দ্রীয় সভাপতি অতুল ৰবাই মিত্ৰজোঁটৰ তৰফৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰমীলা ৰাণীৰ লগতে গোটেই অসমত প্ৰক্ষেপিত অধিকাংশ প্ৰাৰ্থীৰ বিজয়ী হ’ব বুলি ৰাইজৰ আগত মন্তব্য কৰাৰ লগতে কংগ্ৰেছৰ দিনত হোৱা গড়হত্যা বৰ্তমান প্ৰমিলাৰাণী অহাৰ পিছত প্ৰায় নাইকীয়া হ’ল বুলি ভাষণত উল্লেখ কৰে।
সভাত উপস্থিত থাকি বিটিচিৰ ছিফ হাগ্ৰামা মহিলাৰীয়ে ভাষণ প্রদান কৰে। নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা সভাত তেওঁক হেনো ৰাইজে প্ৰশ্ন কৰে হীৰা ওৰফে নৱ কুমাৰ শৰণীয়া মতা নে মাইকী? বিগত পাঁচটা বছৰে ৰাইজে দেখাই নাপালে শৰণীয়াক বুলি কৈ প্ৰাক্তন সাংসদজনক তুচ্ছ তাচ্ছিল্য কৰে। সেয়ে এইবাৰ ৰাইজে প্ৰমীলা ৰাণীক ভোট প্ৰদান কৰিব লাগে বুলি কোৱাৰ লগতে প্ৰধান মন্ত্ৰীৰ সৈতে কথা পাতি ৰাইজক ৫০ পইচা কেজি চাউল দিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে। সভাত প্ৰায় সত্তোৰজনকৈ প্ৰাক্তন কংগ্ৰেছ কৰ্মী আনষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে। 
উক্ত সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা, বিটিচি’ৰ চিফ হাগ্ৰামা মহিলাৰী বিজেপি’ৰ অসম ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে মিত্ৰজোঁটৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকল উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি