|

হীৰা শৰণীয়া “মতা নে মাইকী”: হাগ্ৰামা মহিলাৰী

বৰপেটাৰোডত কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল, অতুল বৰা নজৰুল আলী আহমেদ, বৰপেটাৰোড : বৰপেটাৰোড মিনি ষ্টেডিয়াম প্ৰাঙ্গণত বিজেপিৰ মিত্ৰজোঁটৰ বিপিএফৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ বিজয়ী সংকল্প সমাৰোহ অনুষ্ঠানৰ আয়োজন কৰে। সভাত সাংসদ বিশ্বজিৎ দৈমাৰীৰ উদ্ভোধনী ভাষণেৰে সভাৰ কাম আৰম্ভ কৰা হয়। সভাখনত সকলোৰে আকাঙ্খিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত থাকি ভাষণ প্ৰসংগত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বড়ো-অবড়ো সংকীর্ণ ৰাজনীতিক উৎখাত কৰিবলৈ ৰাইজক আহ্বান জনায়। কাৰণ সংবিধানৰ কোনো পাততেই এই বড়ো-অবড়ো, বাঙালী-অবাঙালী শব্দ নাই, এয়া কেৱল নৱ কুমাৰ শৰণীয়াৰ সংকীর্ণ ৰাজনীতিহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৱকা সাথ সৱকা বিকাশৰ গৌৰভ কৰি কংগ্ৰেছৰ সুদীর্ঘ সময় জুৰি ৰাজনীতিৰ ফলত নোহোৱা উন্নয়ন