Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:51 pm

Home » সম্পাদকীয় » এখন চৰ্চিত ফটো আৰু মোদী-শ্বাহে বাংলাদেশী খেদিব নোৱৰাৰ কাৰণ…

এখন চৰ্চিত ফটো আৰু মোদী-শ্বাহে বাংলাদেশী খেদিব নোৱৰাৰ কাৰণ…

ধ্ৰুৱজ্যোতি ধনান্তৰিৰ Facebook Timelineৰ পৰা…

✔️ ‘বাংলাদেশী মিঞাবোৰ খেদি দিব লাগে। ইহঁতক ফিনিছ কৰি পেলাব পাৰিলে ভাল আছিল!’-বহুতৰে মুখত এনে কথা হাজাৰবাৰ শুনিছো, নিশ্চয় আপুনিও ব্যতিক্ৰম নহয়। ‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা…’-এই গীতটোৰ কথা কোৱা, প্ৰায়ে গীতটো গুণগুণোৱা, ডায়েলাৰ টিউন লগোৱা মানুহো এশ-দুশৰ ওপৰত লগ পাইছো। ‘যেতিয়া তোমাৰ ঘৰত সিহঁতে আক্ৰমণ চলাব, তেতিয়া কি তুমি মানুহে মানুহৰ বাবে বুলি গাই দিলে সিহঁতে এৰি দিব?’-এনেকৈ কোৱা মানুহো লাখ লাখ আছে। 
✔️ বিদেশী সমস্যাৰে ভাৰাক্ৰান্ত অসম। কিন্তু মুক্তি কেতিয়া? কোনে অসমক বিদেশীমুক্ত কৰিব? কংগ্ৰেছে নে বিজেপিয়ে? কংগ্ৰেছৰ শাসনকালত বিদেশীৰ চৰণীয়া পথাৰত পৰিণত হ’ল অসম। সেই কংগ্ৰেছে কেনেকৈ বিদেশী খেদিব। ‘কেব’ৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপনৰ কথা কোৱা বিজেপিয়ে বিদেশীমুক্ত অসমৰ কথা কোৱাৰ অধিকাৰ আছে জানো? এই সমস্যাক লৈ ভূমিষ্ঠ হোৱা অগপ একা? দুবাৰকৈ শাসনলৈ আহিও একোডাল কৰিব নোৱাৰা অগপক বিশ্বাসত ল’বই বা কোনে? 
 ✔️ কোনোৱে বিশ্বাসত লওক বা নলওক ৰাজনৈতিক দলবোৰৰ সেইবোৰলৈ কোনো ভ্ৰূক্ষেপ নাই। তেওঁলোকে ক’ব লাগে বাবেই কৈ যায় বিদেশীমুক্ত অসমৰ কথা। কাৰণ তেওঁলোকে জানে যে প্ৰতিজন খিলঞ্জীয়া অসমীয়াই এখন বিদেশীমুক্ত অসম বিচাৰে। সেয়ে প্ৰতিটো দলে নিজৰ নিজৰ ধৰণে কথাটো উপস্থাপন কৰে।

✔️আপুনি অস্বীকাৰ কৰিলেও এয়া বাস্তৱ সত্য যে অসমত বাস কৰা খিলঞ্জীয়া লোকসকলৰ হিন্দু ধৰ্মাৱলম্বীসকলৰ সৰহভাগেই এতিয়া অসমক বিজেপিয়েহে বিদেশীমুক্ত কৰিব পাৰিব বুলি ধাৰণা কৰে। কিয়নো বিদেশী বুলি ক’লেই তেওঁলোকৰ মনত ভাহি উঠে ইছলাম ধৰ্মাৱলম্বী বংগীয় মূলৰ লোকসকলৰ ছবি। দলটোৰ বহু সমৰ্থকৰ সৈতে আলোচনা কৰি মই ব্যক্তিগতভাৱে এই কথা জানিব পাৰিছো যে এনে বহু লোকে বিজেপি দলে মুছলমান বাংলাদেশীবোৰক খেদি দিব বুলিও দৃঢ়ভাৱে বিশ্বাস কৰে। বিজেপি তথা আৰএছএছৰ একাংশ নেতায়ো সংবাদ মাধ্যমে কভাৰ কৰা সভাত পোনপটীয়াকৈ নক’লেও গোপন সভাবোৰত তেনে কথা প্ৰায়ে কয় বাবেই সমৰ্থকসকলে তেনেদৰে ভাবি লয়। ২০১৪চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপি প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে মুছলমান বাংলাদেশীসকলে টালি-টোপোলা বান্ধি দেশ এৰিব লাগিব বুলি দিয়া ভাষণৰ পিছত সমৰ্থকসকলৰ মাজত সেই ধাৰণা অধিক বদ্ধমূল হৈ পৰা পৰিলক্ষিত হয়। 

✔️ কিন্তু প্ৰকৃততে তেনে কৰাতো সম্ভৱনে? ওহো সেয়া একেবাৰে অসম্ভৱ। ভাৰতীয় সংবিধান তথা আন্তৰ্জাতিক নীতি-নিয়মৰ গণ্ডীত থাকি ৫ বছৰ বাদেই, ৫০ বছৰ একেৰাহে শাসনত থাকিলেও বিজেপিৰ পক্ষে তেনে কৰাতো সম্ভৱ নহয়। বিশিষ্ট স্তম্ভলেখক তথা বিদেশ নীতি বিশেষজ্ঞ সৌতিক বিশ্বাসৰ মতে বাংলাদেশে কোনো কাৰণতে ভাৰতে বাংলাদেশী বুলি ঘোষণা কৰাসকলক ঘূৰাই নলয়। আন এগৰাকী বৈদেশিক নীতি বিশেষজ্ঞ শেষাদ্ৰী চাৰিয়েও বিষয়টোক লৈ একে মন্তব্যকে কৰা দেখা গৈছে। এই সন্দৰ্ভত তেওঁ এন আৰ চিক লৈ বাংলাদেশে আন্তৰ্জাতিক পৰ্যায়ত কৰি অহা মন্তব্যৰ কথা উনুকিয়াই দিছে। ‘বাংলাদেশে আন্তৰ্জাতিক স্তৰত সদায়ে কৈ আহিছে যে এন আৰ চি হৈছে সম্পূৰ্ণৰূপে ভাৰতৰ আভ্যন্তৰীণ বিষয়। এন আৰ চিক কোনোদিনে চুবুৰীয়া দেশখনে দ্বিপাক্ষিক বিষয় হিচাপে ধৰা নাই আৰু অনাগত দিনতো সেয়া তেওঁলোকে মানি নলয়। ইয়াৰ অৰ্থ এয়াই যে এন আৰ চিয়ে বিদেশী বুলি চিহ্নিত কৰাসকলক বাংলাদেশে কেতিয়াও তেওঁলোকৰ দেশৰ নাগৰিক বুলি মানি নলয়। এই সম্পৰ্কে দেশখনে ৰাষ্ট্ৰসংঘতো ইতিমধ্যে স্পষ্ট কৰি দিছে।’-এই মন্তব্য শেষাদ্ৰীৰ। একেটা বিষয় উল্লেখ কৰি স্তম্ভলেখক সৌতিক বিশ্বাসেও কৈছে যে বাংলাদেশে ভাৰতে বিতাড়িত কৰিব বিচৰা এজনো অবৈধ নাগৰিকক গ্ৰহণ নকৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। 
✔️ বিশেষজ্ঞসকলৰ কথা বাদ দি আমি যদি সাধাৰণভাৱে চাও তেতিয়াও দেখিম যে যি ধৰ্মৰে নহওক কিয় ভাৰতে বিতাড়ন কৰিব বিচৰা কোনো বিদেশী লোকক বাংলাদেশে নিজৰ দেশৰ নাগৰিক বুলি মানি নলয়। কিয়নো যিসকল লোক এন আৰ চিৰ জৰিয়তে বাদ পৰিছে বা পৰিব সেইসকল লোক যে বাংলাদেশৰ নাগৰিক সেয়া প্ৰমাণ কৰিবলৈ কোনো নথি-পত্ৰ নাই। যদিহে এজন লোক বাংলাদেশৰ পৰিচয় পত্ৰ বা আন তেনেধৰণৰ কোনো নথিসহ ধৰা পৰে তেন্তে সেই লোকজন বাংলাদেশী বুলি ভাৰতে প্ৰমাণ দিব পাৰিব। কিন্তু ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ আহি থিতাপি লোৱা লোকৰ পৰা তেনেধৰণৰ কোনো নথি এই মুহূৰ্তত লাভ কৰাতো সম্ভৱ নহয়। গতিকে এন আৰ চিত নাম নথকা বুলি কৈ সেইসকল লোকক বাংলাদেশী বুলি ক’লে বাংলাদেশ চৰকাৰে সেয়া মানি ল’বলৈ অস্বীকাৰ কৰিব।

✔️এতিয়া আহিছো নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ ‘কেব’ৰ প্ৰসংগলৈ। নাগৰিকত্ব আইন ১৯৫৫ ইতিমধ্যে কেবাবাৰো সংশোধন কৰা হৈছে। বিজেপি চৰকাৰে উক্ত আইনখন পুনৰ সংশোধনৰ প্ৰস্তাৱ আগবঢ়াই যিখন বিধেয়ক উত্থাপন কৰিছে সেই বিধেয়কখনেই হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ চমুকৈ ‘কেব’। এই সংশোধনীৰ জৰিয়তে বিজেপিয়ে ২০১৪ চনৰ ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ ইছলামৰ বাদে ৬টা বিশেষ ধৰ্মৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ কথা কোৱা হৈছে। 

✔️ বিধেয়কখনত ২০১৪ চনৰ প্ৰসংগ আহি পৰাৰ লগে লগে ই পোনপটীয়াকৈ অসম চুক্তিক প্ৰত্যাহ্বান জনাইছে। অসম চুক্তি অনুযায়ী ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত ধৰ্ম নিৰ্বিশেষে বাংলাদেশৰ পৰা অসমলৈ অহা প্ৰতিজন লোককে বিদেশী হিচাপে গণ্য কৰা হৈছে। কোনোধৰণৰ চৰকাৰী স্পষ্ট তথ্য নাথাকিলেও একাধিক জাতীয় সংগঠন আনকি কেবাজনো নেতা, মন্ত্ৰী তথা প্ৰাক্তন মন্ত্ৰীয়ে সময়ে সময়ে দাবী কৰি আহিছে যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছতো প্ৰৱেশ কৰা লাখ লাখ বাংলাদেশী লোকেৰে ভৰি আছে অসম। তেনে লোকসকলক চিনাক্ত কৰিবলৈকে আৰম্ভ কৰা হয় এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াই ১০০ শতাংশ চূড়ান্ত ৰূপ নাপালেও এতিয়ালৈকে ৪০ লাখ লোক বাদ পৰা বুলি এন আৰ চি কৰ্তৃপক্ষই সদৰী কৰিছে। 
✔️ যদিহে ধৰি লোৱা হয় যে বাদ পৰা সকলৰ আধা অংশ হিন্দু বাংলাদেশী তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে এইসকল লোকে পোনপটীয়াকৈ লাভ কৰিব ভাৰতীয় নাগৰিকত্ব। বিপৰীতে নাম নথকা মুছলমান বাংলাদেশীসকলক গণ্য কৰা হ’ব বিদেশী হিচাপে। কিন্তু ভাৰতীয় সংবিধান অনুযায়ী এনে বৈষম্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। সংবিধানৰ ১৪নং অনুচ্ছেদত স্পষ্টকৈ কোৱা হৈছে যে ভাৰতীয় ভূ-খণ্ডৰ ভিতৰত থকা প্ৰতিজন লোককে ভাৰত ৰাষ্ট্ৰৰ আইনে সমদৃষ্টি দিয়াৰ লগতে সমান সুৰক্ষা প্ৰদান কৰে। গতিকে উক্ত অনুচ্ছেদৰ বাবে লোকসভা আৰু ৰাজ্যসভা উভয়তে গৃহীত হ’লেও সৰ্বোচ্চ ন্যায়ালয়ত বিধেয়কখনে মুখ ঠেকেছা খোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। একেদৰে ধৰ্মৰ দোহাই দি আধা অংশক নাগৰিকত্ব প্ৰদান কৰিলে আৰু বাকী আধা অংশক শৰণাৰ্থী সজালে সমগ্ৰ বিষয়টোৱে আন্তৰ্জাতিক ৰূপ লাভ কৰাৰ সম্ভাৱনাকো কোনোপধ্যে নুই কৰিব নোৱাৰি। আনহাতে বাংলাদেশে যিহেতু স্পষ্টকৈ এন আৰ চিৰ জৰিয়তে ভাৰতে বাংলাদেশী আখ্যা দিয়া এজনো নাগৰিকক ঘূৰাই নলয় বুলি স্পষ্ট কৰি দিছে সেয়ে বিজেপি চৰকাৰে যিমানেই চিঞৰি চিঞৰি ঘোষণা নকৰক কিয় কোনোপধ্যে এজনো মুছলমান বাংলাদেশীক খেদি পঠিয়াব নোৱাৰে। 
✔️ একেদৰে কেন্দ্ৰত যদিহে কংগ্ৰেছে চৰকাৰ গঠন কৰে তেন্তে এন আৰ চিত নাম নথকাসকলক লৈ যি স্থিতি গ্ৰহণ কৰে সেয়া হিন্দুৱেই হওক বা মুছলমান উভয়ৰে বাবে প্ৰযোজ্য হোৱাৰেই সম্ভাৱনা অধিক। যদিহে সেই লোকসকলক নাগৰিকত্ব আইনৰ দেশীয়কৰণৰ দ্বাৰা নাগৰিকত্ব প্ৰদান কৰে তেন্তে সকলো ধৰ্মৰ লোকেই নাগৰিকত্ব লাভ কৰিব। শৰণাৰ্থী ঘোষণা কৰিলেও সকলোৱেই হৈ পৰিব শৰণাৰ্থী। অৰ্থাৎ এয়া নিশ্চিত যে ‘কেব’ৰ বিৰোধিতা কৰিলেও কংগ্ৰেছে এয়া ন দি ক’ব নোৱাৰে যে ১৯৭১ৰ পিছত আহি অসমত বসতি আৰম্ভ কৰা বাংলাদেশী লোকসকলক নাগৰিকত্ব দিব নে নাই! 
✔️ শেহতীয়াকৈ নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী নীতি অনুযায়ী ‘শৰণাৰ্থী আইন’ প্ৰণয়নৰ কথা ঘোষণা কৰিছে। ১৯৫১ চনত গ্ৰহণ কৰা ৰাষ্ট্ৰসংঘৰ এই শৰণাৰ্থী নীতি বিশ্বৰ ১৫৪ খনৰো অধিক দেশে মানি আহিছে। ভাৰত দক্ষিণ এছিয়াৰ ভিতৰতে শৰণাৰ্থী সমস্যাৰে অধিক জৰ্জৰিত দেশ হোৱা সত্বেও এই আন্তৰ্জাতিক নীতিলৈ সন্মতিও জনোৱা নাছিল বা অস্বীকাৰো কৰা নাছিল। তৎসত্বেও স্বাধীনতাৰ পিছৰে পৰা দেশখনে তিব্বতী, চাকমা, আফগান আৰু শ্ৰীলংকান তামিলকসকলক শৰণাৰ্থী হিচাপে গ্ৰহণ কৰি আহিছে। 
✔️ এনেদৰে কেবাখনো দেশৰ লোকক শৰণাৰ্থী হিচাপে গ্ৰহণ কৰি আহিলেও বাংলাদেশী সমস্যাৰে জৰ্জৰিত অসমত স্বাভাৱিকভাৱেই ইয়াক লৈ বিৰোধিতাৰ সৃষ্টি হৈ আহিছে। কিন্তু অসম আন্দোলনৰ দৰে বৃহৎ আন্দোলন গঢ় লৈ উঠিলেও শৰণাৰ্থী সম্পৰ্কীয় একাধিক জটিল আভ্যন্তৰীণ, দ্বিপাক্ষিক তথা আন্তৰ্জাতিক সমস্যাৰ বাবে কোনো এখন চৰকাৰে বিগত ৪০ বছৰে বিদেশী বিতাড়ন কৰিবলৈ সমৰ্থ হোৱা নাই। বৰ্তমানৰ পৰিপ্ৰেক্ষিতত বিদেশী বিতাড়ন প্ৰায় অসম্ভৱ হৈ পৰিছে। কিয়নো যিসকল লোকে ৩০-৪০ বছৰ পূৰ্বে বাংলাদেশৰ পৰা আহি অসমত প্ৰৱেশ কৰিছিল সেইসকল লোকৰ অধিকাংশকৰে ইতিমধ্যে মৃত্যু ঘটিছে বা তেনেই বৃদ্ধ হৈ পৰিছে। সেইসকলৰ পৰৱৰ্তী প্ৰজন্ম পূৰ্বপুৰুষৰ জন্মভূমি সম্পৰ্কে তেনেই অজ্ঞ কাৰণ তেওঁলোকৰ জন্ম এই দেশতে, ডাঙৰ-দীঘলো হৈছে এই দেশৰ ধূলি-বালিত। ভাৰতত জন্মগ্ৰহণ কৰা ভাৰতৰ পৰিৱেশৰ বিষয়ে জ্ঞাত সেই লোকসকলক কেৱল ধৰ্মগত কাৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপিৰ সভাপতি অমিত শ্বাহে কোৱাৰ দৰেকৈ বলপূৰ্বক বাংলাদেশলৈ খেদি পঠিওৱাতো মুখৰ কথা নহয়। 
✔️ প্ৰব্ৰজনক লৈ এনে জটিল সমস্যা কেৱল ভাৰততে নহয়। বিশ্বৰ প্ৰায়বোৰ ৰাজনৈতিকভাৱে স্থিৰ উন্নত তথা উন্নয়নশীল ৰাষ্ট্ৰ এই সমস্যাৰে জৰ্জৰিত। পানী যিদৰে তললৈ বৈ যায়, বতাহ যিদৰে উচ্চচাপৰ পৰা নিম্নচাপলৈ গতি কৰে ঠিক তেনেদৰে সভ্যতাৰ আৰম্ভণিৰে পৰা মানুহে সদায় কম সুবিধাজনক স্থানৰ পৰিৱৰ্তে অধিক সুবিধাজনক স্থানৰ সন্ধান কৰে। সেয়ে প্ৰায় সকলো ক্ষেত্ৰতে আগবঢ়া আমেৰিকাৰ দৰে মহা শক্তিধৰ দেশেও আজি পৰ্যন্ত প্ৰব্ৰজন তথা শৰণাৰ্থী সমস্যাৰ পৰা মুক্ত হ’ব পৰা নাই। এই কথাকে পুনৰ স্পষ্টকৈ তুলি ধৰিছে এখন ফটোৱে। আমেৰিকা-মেক্সিকো সীমান্তৰ হৃদয় বিদাৰক এই ফটোখনৰ বাবে প্ৰখ্যাত ফটো সাংবাদিক জন মুৰেই লাভ কৰিছে ২০১৯ বৰ্ষৰ সন্মানীয় World Press Photo Award। 
✔️ এগৰাকী কণমানি। নাম য়ানেলা। মাক ছান্ড্ৰা ছানচেজ। পৰিচয় দেশ হেৰুওৱা মানুহ। দেশ হেৰুৱাই জীয়াই থকাৰ তাড়নাত কটকটীয়া নিৰাপত্তাকো আওকাণ কৰি নিশা জোনৰ পোহৰত য়ানেলাক কোলাত লৈ হাতত সাৰে ভৰিত সাৰে প্ৰৱেশ কৰিছিল সপোনৰ দেশখনত। কিন্তু নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দিয়াত ব্যৰ্থ হয় ছানচেজ। লগে লগে নিৰাপত্তাৰক্ষীয়ে চাৰিওফালৰ পৰা ঘেৰি ধৰে মাতৃ-কন্যাক। কিছু সময় পিছতে কন্যাৰ সমুখৰ পৰা মাৰ্কিন নিৰাপত্তাৰক্ষীয়ে আতৰাই লৈ যায় ছানচেজক। মাতৃক সেনাই টানি নিয়া দেখি আতংকিত হৈ পৰে কণমানি য়ানেলা। সেই মুহূৰ্তত য়ানেলাৰ দুচকুত ফুটি উঠা ভয়, আতংকক ধৰি ৰাখিবলৈ সমৰ্থ হয় Getty Imageৰ ফটো সাংবাদিক জন মুৰে। 
✔️’ মই কণমানিজনীৰ চকুত যি ভয় আৰু আতংক দেখিছিলো সেয়া দেখি শিয়ৰি উঠিছিলো। কোনোমতে আঠুতো মাটিত থৈ সেই মুহূৰ্তটো কেমেৰাত ধৰি ৰাখিবলৈ সমৰ্থ হও। মানৱতাক লৈ প্ৰশ্নবোধক চিহ্ন উত্থাপন কৰা সেই কেইটামান মুহূৰ্তই স্পষ্ট কৰি তোলে প্ৰব্ৰজন কেনে এক ভয়াৱহ সমস্যা। এয়া কেৱল আমেৰিকাৰ সমস্যা নহয়। এয়া সমগ্ৰ বিশ্বৰে সমস্যা। মানুহে মানুহ হিচাপে জীয়াই থাকিবলৈ হ’লে এই সমস্যাৰ সমাধান কৰিবই লাগিব।’-পুৰস্কাৰ গ্ৰহণ কৰি এইদৰে কয় ৫১ বৰ্ষীয় ফটো সাংবাদিকগৰাকীয়ে। 
✔️ সঁচাকৈয়ে প্ৰব্ৰজন কেৱল ভাৰত, আমেৰিকা বা ইউৰোপীয় দেশসমূহৰে সমস্যা নহয়। এই সমস্যা লেখাটোৰ আৰম্ভণিতে উল্লেখ কৰা একাধিক লোকে কোৱাৰ দৰে ‘ইহঁতক ফিনিছ কৰি পেলাব লাগে’ বুলি ক’লেই সমাধান নহয়। বৰং ‘ইহঁতক ফিনিছ কৰি পেলাবলৈ গ’লে’ সমস্যা জটিলৰ পৰা অধিক জটিলহে হৈ পৰিব। অসমৰ প্ৰেক্ষাপটত চাবলৈ গ’লে ওপৰোক্ত আলোচনাৰ পৰা এয়া সহজে অনুমেয় যে আজিৰ তাৰিখত হিন্দুৱেই হওক বা মুছলমান কোনো এজন বাংলাদেশীকে কংগ্ৰেছেই হওক বা বিজেপি চৰকাৰেই হওক ভাষণত কোৱাৰ দৰেকৈ বাংলাদেশলৈ খেদি পঠিয়াব নোৱাৰে, পঠিওৱাতো সম্ভৱ নহয়। কিন্তু এটা কথা নিশ্চিতভাৱে ক’ব পাৰি যে চুবুৰীয়া বাংলাদেশ যিমানেই ৰাজনৈতিকভাৱে স্থিৰ হৈ পৰিব, গণতন্ত্ৰ অধিক শক্তিশালী হৈ পৰিব, অৰ্থনৈতিক বিকাশ তৰান্বিত হ’ব সিমানেই ভাৰত-বাংলাদেশ সীমান্তত প্ৰব্ৰজনৰ সমস্যা হ্ৰাসৰ পৰা হ্ৰাস হৈ হৈ একেবাৰে শূন্য হৈ পৰিব। অন্যাথাই হাজাৰ কাঁইটীয়া তাৰৰ বেৰ দিলেও, সীমান্তত বিএছএফে নিশ্চিদ্ৰ নিৰাপত্তা গঢ়ি তুলিলেও আমেৰিকা-মেক্সিকো সীমান্তৰ দৰেকৈ ভাৰত-বাংলাদেশ সীমান্ততো মাজনিশা ভয়ত কঁপি উঠিব আন কোনো কণমানি য়ানেলা। 
✔️ কণমানি য়ানেলাৰ মাতৃৰ দৰেকৈ লক্ষ লক্ষ লোকে এই একবিংশ শতিকাতো কিয় স্বদেশ এৰি আন দেশত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা চলাবলৈ বাধ্য হৈ পৰিছে তাৰো আছে অনেক কৰুণ কাহিনী। এই কাহিনীৰ কাৰণ যদি কেতিয়াবা ৰাজনৈতিক, কেতিয়াবা সামাজিক, কেতিয়াবা প্ৰাকৃতিক অথবা ধাৰ্মিক। আমি আশা কৰিম প্ৰব্ৰজনৰ দৰে এই জটিল আন্তৰ্জাতিক সমস্যাক সকলোৱে উপলব্ধি কৰিবলৈ শিকক। ‘বাংলাদেশী মিঞাবোৰ খেদি দিব লাগে। ইহঁতক ফিনিছ কৰি পেলাব পাৰিলে ভাল আছিল!’ বা ‘যেতিয়া তোমাৰ ঘৰত সিহঁতে আক্ৰমণ চলাব, তেতিয়া কি তুমি মানুহে মানুহৰ বাবে বুলি গাই দিলে সিহঁতে এৰি দিব?’-জাতীয় কথাৰে অসমখনক কোনোদিনে বিদেশীমুক্ত কৰাতো যে সম্ভৱ নহয় সেয়া নিশ্চিত। 
🔹🔹🔹লেখাটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে যিকোনো ভুল প্ৰত্যক্ষ কৰিলে সেয়াও লগে লগে মোৰ ইনবক্সত জনাব। যদিহে লেখাটোৰ প্ৰয়োজনীয়তা আছে যেন অনুভৱ হয় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ অনুৰোধ জনালো। এনেধৰণৰ একাধিক লেখাৰ বাবে Like আৰু follow কৰক মোৰ ফেচবুক পেজ  D J Dhanantari । পূৰ্বৰ লেখাসমূহ পঢ়িবৰ বাবে মোৰ টাইমলাইনলৈ যাওক। পৰৱৰ্তী লেখাসমূহ প্ৰকাশ পাব মোৰ ফেচবুক পেজত। পেজটো লাইক কৰা নাই যদি এতিয়াই লাইক কৰক। ধন্যবাদ।🔹🔹🔹

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি