এখন চৰ্চিত ফটো আৰু মোদী-শ্বাহে বাংলাদেশী খেদিব নোৱৰাৰ কাৰণ…

@ ধ্ৰুৱজ্যোতি ধনান্তৰিৰ Facebook Timelineৰ পৰা… ✔️ ‘বাংলাদেশী মিঞাবোৰ খেদি দিব লাগে। ইহঁতক ফিনিছ কৰি পেলাব পাৰিলে ভাল আছিল!’-বহুতৰে মুখত এনে কথা হাজাৰবাৰ শুনিছো, নিশ্চয় আপুনিও ব্যতিক্ৰম নহয়। ‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা…’-এই গীতটোৰ কথা কোৱা, প্ৰায়ে গীতটো গুণগুণোৱা, ডায়েলাৰ টিউন লগোৱা মানুহো এশ-দুশৰ ওপৰত লগ পাইছো। ‘যেতিয়া তোমাৰ ঘৰত সিহঁতে আক্ৰমণ চলাব, তেতিয়া কি তুমি মানুহে মানুহৰ বাবে বুলি গাই দিলে সিহঁতে এৰি দিব?’-এনেকৈ কোৱা মানুহো লাখ লাখ আছে।  ✔️ বিদেশী সমস্যাৰে ভাৰাক্ৰান্ত অসম। কিন্তু মুক্তি কেতিয়া? কোনে অসমক বিদেশীমুক্ত কৰিব? কংগ্ৰেছে নে বিজেপিয়ে? কংগ্ৰেছৰ শাসনকালত বিদেশীৰ চৰণীয়া পথাৰত পৰিণত হ’ল অসম। সেই কংগ্ৰেছে কেনেকৈ বিদেশী খেদিব। ‘কেব’ৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপনৰ কথা কোৱা বিজেপিয়ে বিদেশীমুক্ত