Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:49 pm

Home » আঞ্চলিক » ২৩ মে’ত মোদীৰাজৰ পতন হোৱাটো নিশ্চিত

২৩ মে’ত মোদীৰাজৰ পতন হোৱাটো নিশ্চিত

ডিব্ৰুগড় : প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক চৰম প্রতাৰণা কৰিলে৷ লোক সভাৰ বিগত নির্বাচনৰ পূর্বে দিয়া এটাও প্রতিশ্রুতি পালন নকৰিলে নৰেন্দ্র মোদীয়ে৷ মিছা প্রচাৰ আৰু ফুলজাৰী মৰা কথাৰে মোদীয়ে ভাৰতীয়ক বিপথে পৰিচালিত কৰিলে৷
ভাৰতীয়ই নিজ প্রধানমন্ত্রীক চকীদাৰ হোৱাটো কামনা নকৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী যদি চকীদাৰেই হয় তেন্তে বিজেপি দল যোৱা পাঁচটা বছৰত ইমান ধনী হ’ল কেনেকৈ? চকীদাৰৰ চোৰৰ লগত সম্বন্ধ থাকিলেহে এয়া সম্ভৱ৷ অহা ২৩ মে’ত ভাৰতবর্ষত মোদীৰাজ পতন হোৱাটো নিশ্চিত৷ এই ভাষ্য অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ৷ টিংখং গান্ধী ময়দানত টিংখং ব্লক কংগ্রেছৰ উদ্যোগত আজি আয়োজিত কংগ্রেছৰ এক নির্বাচনী সভাত অংশগ্রহণ কৰি প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে এনেদৰে কয়৷
ডিব্রুগড় লোক সভা সমষ্টিৰ কংগ্রেছ প্রার্থী পৱন সিং ঘাটোৱাৰৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে বিজেপি দল আৰু চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি আগবঢ়োৱা বক্তব্যত কয়– বিজেপি চৰকাৰে দুখীয়াৰ প্রতি চৰম অন্যায় কৰিছে৷ কংগ্রেছৰ শাসন কালত এটা গেছ চিলিণ্ডাৰৰ মূল্য আছিল ৪৫০ টকা৷ এতিয়া সেই মূল্য ৯০০ টকাৰো অধিক৷ সকলো অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য বৃদ্ধি কৰিলে বিজেপি চৰকাৰে৷ দেশৰ উদ্যোগসমূহক ব্যক্তিগত খণ্ডলৈ গতাই দিলে৷
বিজেপিৰ শাসনকালত সৰু সৰু উদ্যোগসমূহ বন্ধ হ’ল৷ কৃষকৰ আয় দুগুণলৈ বৃদ্ধি পাব বুলি মোদীয়ে কৈছিল৷ আয় বৃদ্ধি নহ’ল, বৰঞ্চ দেশৰ বহু কৃষকে বেংকৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰিলে৷ ধর্মৰ নামত বিজেপি চৰকাৰে ভাৰতীয়ক ভাগ ভাগ কৰাৰ প্রচেষ্টা ল’লে৷ দেশত কংগ্রেছৰ চৰকাৰ আহিলে সকলো শ্রেণীৰ নাগৰিকে সমমর্যাদা লাভ কৰিব৷ দুখীয়াসকলে মাহিলি ৬ হাজাৰ টকাকৈ লাভ কৰিব৷
কোনো অনুমতি নোলোৱাকৈ নিবনুৱা যুৱক-যুৱতীসকলে চৰকাৰী ৰাজসাহায্যৰে সৰু-সুৰা উদ্যোগ স্থাপন কৰিব পাৰিব৷ সমষ্টিটোৰ প্রাক্তন বিধায়ক তথা প্রাক্তন বনমন্ত্রী এতোৱা মুণ্ডাই শুভাৰম্ভ কৰা নির্বাচনী প্রচাৰ সভাত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মন্ত্রী হিমন্ত বিশ্ব শর্মাক ক্ষুৰধাৰ সমালোচনা কৰি কয়– মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল কামিহাড় নথকা মুখ্যমন্ত্রী৷ মন্ত্রী হিমন্ত বিশ্ব শর্মা ঢোৰাসাপ৷ মই মুখ্যমন্ত্রী হৈ থকাৰ সময়ত হিমন্ত বিশ্ব শর্মাই মোক তেল মৰা কথা কৈ মোক গলাই দিছিল৷
মই তেওঁৰ কথাত ভুল গৈছিলোঁ৷ হিমন্তক পুত্র গৌৰৱতকৈ বেছি মৰম কৰিছিলোঁ৷ সেই সুবিধা আদায় কৰি হিমন্ত বিশ্ব শর্মা সম্পত্তিৰ পাহাৰ গঢ়িলে বুলিও প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে নির্বাচনী সভাত ক্ষোভ উজাৰে৷ দেশত গণতন্ত্রৰ মর্যাদা অক্ষুণ্ণ ৰখাৰ স্বার্থত বিজেপিক বর্জন কৰি কংগ্রেছৰ হাতৰ চিনত ভোট দি কংগ্রেছৰ চৰকাৰ হোৱাত সহায় কৰিবলৈ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে ৰাইজলৈ প্রার্থনা জনায়৷
কংগ্রেছ প্রার্থী পৱন সিং ঘাটোৱাৰে আগবঢ়োৱা ভাষণত বিজেপি চৰকাৰক চৰম প্রতাৰক, শ্রমিক বিৰোধী, গণতন্ত্র বিৰোধী বুলি উল্লেখ কৰি নাগৰিকত্ব আইন সংশোধনী বিধেয়ক আনি অসমীয়াৰ স্বাভিমানত আঘাত আনিব বিচৰা বিজেপিক উচিত প্রত্যুত্তৰ দি নির্বাচনত কংগ্রেছৰ পক্ষত ভোটদান কৰিবলৈ আহ্বান জনায়৷ ঘাটোৱাৰে পাঁচবাৰকৈ সাংসদ হিচাপে নির্বাচিত কৰাৰ বাবে ডিব্রুগড়বাসীক কৃতজ্ঞতা জনোৱাৰ লগতে পুনৰবাৰ ৰাইজৰ আশিস বিচাৰে৷
ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, ড০ হীৰেন গোহাঁই, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সম্পাদক লুৰীণজ্যোতি গগৈ, হাইদৰ হুছেইন, অখিল গগৈৰ নাম লৈ ঘাটোৱাৰে কয়– এইসকল নেতাৰ অসম আৰু অসমীয়াৰ প্রতি থকা দায়িত্ববোধক সন্মান জনাই কংগ্রেছৰ সভাপতি ৰাহুল গান্ধীৰ প্রচেষ্টাত বিজেপিয়ে ৰাজ্য সভাত জাতিধবংসী নাগৰিকত্ব আইন সংশোধনী বিধেয়ক অনুমোদন জনাব নোৱাৰিলে৷
কেন্দ্রত বিজেপিৰ চৰকাৰ আহিলে পুনৰবাৰ এই আইন কার্যকৰী কৰা হ’ব বুলি বিজেপিৰ সভাপতি অমিত শ্বাহে অসমলৈ আহি ঘোষণা কৰিছে৷ এই ঘোষণাই অসমৰ প্রতিবাদী সত্তাক চৰম অপমান কৰিছে৷ সেয়েহে ৰাইজে বিজেপিৰ প্রলোভনত ভোল নগৈ কংগ্রেছৰ পক্ষত ভোটদান কৰিবলৈ ঘাটোৱাৰে ৰাইজলৈ প্রার্থনা জনায়৷
টিংখং ব্লক কংগ্রেছৰ সভাপতি ৰমেশ চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নির্বাচনী প্রচাৰ সভাত প্রাক্তন মন্ত্রী প্রণতি ফুকনে বিজেপি চৰকাৰে মহিলাসকলক নিৰাপত্তা প্রদান কৰাত বিফল হোৱা বুলি উল্লেখ কৰি মহিলা সমাজক কংগ্রেছক সমর্থন জনাবলৈ অনুৰোধ জনায়৷ সভাত নির্বাচনী সমিতিৰ সভাপতি অতুল বুঢ়াগোহঁাই, কংগ্রেছ দলৰ নেতা-কর্মী, পঞ্চায়তৰ প্রতিনিধিসহ বহু সংখ্যক ৰাইজ উপস্থিত থাকে৷ উক্ত সভাতে অর্ধ শতাধিক লোকে কংগ্রেছ দলত যোগদান কৰে৷
হিমন্ত নকলী ব্রাহ্মণ, গভাইত ডকাইত, মোক ডেগাৰ মাৰিলে, সর্বাক মাৰিব, অসমীয়া জাতিকো মাৰিব: টেঙাখাতৰ পৰা ডিব্রুগড়ৰ ষ্টাফ ৰিপ’র্ৰ আৰু এজন প্রতিবেদক ঃ ‘বিদেশী খেদাৰ নামত নেতা হোৱা সর্বানন্দ সোণোৱালে এতিয়া বিদেশীক অসমত ৰঙা দলিচা পাৰি দিবলৈ লৈছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ক্ষেত্রত সেউজ সংকেত দি বিদেশীক অসমত সংস্থাপিত কৰিব বিচাৰিছে৷ মই জীয়াই থকালৈকে এই বিতর্কিত আইনৰ বিৰোধিতা কৰি যাম৷’
আজি ডিব্রুগড় জিলাৰ টেঙাখাতত ডিব্রুগড় লোক সভা সমষ্টিৰ কংগ্রেছৰ প্রার্থী পৱন সিং ঘাটোৱাৰৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এইদৰে কয়৷ টেঙাখাত ৰাজহুৱা প্রেক্ষাগৃহত আয়োজিত নির্বাচনী সভাত ভাষণ দি প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে কয় যে কংগ্রেছে কাম কৰি দেখুৱাইছে আৰু বিজেপিয়ে সপোনহে দেখুৱাইছে৷ ভাষণত গগৈয়ে একালৰ সতীর্থ তথা বর্তমান বিজেপি চৰকাৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক লক্ষ্য কৰি লয়৷
তেওঁ কয় যে হিমন্ত বিশ্ব কংগ্রেছৰ মন্ত্রী সভাত থকাৰ সময়ত তেওঁক তৈলমর্দন কৰি স্বার্থসিদ্ধিৰ বাবে ডেগাৰ মাৰিলে৷ মন্ত্রী হিমন্তই তেওঁক ডেগাৰ মাৰিলে, এতিয়া মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক মাৰিব আৰু তাৰ পাছত সমগ্র অসমীয়া জাতিটোক মাৰিব৷ অপপ্রচাৰত লিপ্ত হিমন্তই কংগ্রেছ দলক চোৰ বুলি কৈছে৷ কংগ্রেছ যদি চোৰ তেন্তে বিজেপি গভাইত ডকাইত বুলি প্রাক্তন মুখ্যমন্ত্রীয়ে কটাক্ষ কৰে৷ ৫ বছৰৰ আগতে গুজৰাটত মোদী চৰকাৰৰ দিনত পাইপেৰে মুছলমানৰ তেজ যোৱা বুলি কোৱা হিমন্তৰ বাবে এতিয়া মোদী বীৰ পুৰুষ হৈ গ’ল৷
হিমন্ত এগৰাকী প্রতাৰক নেতা বুলি ভাষণত উল্লেখ কৰি প্রাক্তন মুখ্যমন্ত্রীজনে কয় যে তেওঁক শেষ কৰিব বিচাৰিছিল, কিন্তু নোৱাৰিলে৷ এতিয়া তেওঁৰ টার্গেট সর্বানন্দ৷ ব্রাহ্মণে মানুহক আশীর্বাদ দিয়ে, কিন্তু এইগৰাকীয়ে ডেগাৰহে মাৰে বুলি উল্লেখ কৰি হিমন্ত বিশ্ব নকলী ব্রাহ্মণ বুলিও কটাক্ষ কৰে৷ তেওঁ আৰু কয় যে হিমন্তই এতিয়া বাগিচাৰ চাহ শ্রমিকক চেনি খুৱাই ফুচুলাবলৈ লৈছে৷ হিমন্তই এনে বুজাইছে যেন চাহ শ্রমিকে চেনি খাই পোৱাই নাই৷
হিমন্তই চাহ শ্রমিকক ইয়াৰ দ্বাৰা চৰম অপমান কৰিছে আৰু তাৰ বাবে মাফ খুজিবলৈও বর্ষীয়ান নেতাজনে আহবান জনায়৷ বিজেপি এটা ফাকিবাজ দল হোৱাৰ উপৰি প্রধানমন্ত্রী মোদী আৰু মুখ্যমন্ত্রী সর্বানন্দ মহা ফাকিবাজ বুলি তেওঁ ভাষণত উল্লেখ কৰে৷ কেন্দ্রীয় চৰকাৰৰ দিনত ভাৰতৰ উন্নয়ন নহ’ল আৰু অসম চৰকাৰৰ দুবছৰীয়া কার্যকালতো উন্নয়ন শূন্য বুলি কয়৷ তাৰ বিপৰীতে অসমত এতিয়া উন্নয়নৰ নামত ছিণ্ডিকেট আৰু ভ্রষ্টাচাৰ বাঢ়িছে বুলি প্রাক্তন মুখ্যমন্ত্রীজনে উল্লেখ কৰে৷
তেওঁ কয় যে ব্রিটিছে যেনেকৈ অসমীয়া জাতিক কানি খুৱাই দুর্বল কৰিব বিচাৰিছিল, বিজেপিয়ে এতিয়া মদ খুৱাই জাতিটোক ধবংস কৰিব বিচাৰিছে৷ সর্বানন্দই দুর্নীতিমুক্ত অসম কৰিম বুলি কোৱাৰ পাছত এতিয়া হিমন্ত বিশ্বৰ দৰে গভাইত ডকাইতক নিজৰ সোঁহাত কৰি ৰাখিছে৷ প্রধানমন্ত্রী মোদীৰ পৰাজয় যাত্রা আৰম্ভ হ’ল আৰু কংগ্রেছৰ বিজয়যাত্রাৰ আৰম্ভণি হ’ব৷ আগন্তুক নির্বাচনত পৱন সিং ঘাটোৱাৰ বিপুল ভোটত বিজয়ী হ’ব বুলি তেওঁ কয়৷ ‘আমি লাচিতৰ বংশধৰ আৰু বিজেপি বদন৷
আগন্তুক নির্বাচনত এই বদনক পৰাজিত কৰিবই লাগিব৷’ গগৈয়ে কয়৷ অসমৰ দৰে শংকৰ-আজানৰ দেশত ঘৃণা, সাম্প্রদায়িকতাৰ ৰাজনীতি কৰিবলৈ দিয়া নহ’ব আৰু তাৰ বাবে কংগ্রেছৰ হাত শক্তিশালী কৰিবলৈ ৰাইজৰ প্রতি আহবান জনায়৷ মন্ত্রী হিমন্ত বিশ্বই যিমানেই ৰ’ড শ্ব’ কৰি নাচি-বাগি ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা নকৰক কিয় নিমাতী কইনা বিজেপিৰ প্রার্থী ৰামেশ্বৰ তেলীৰ পৰাজয় নিশ্চিত বুলিও গগৈয়ে কয়৷
সভাত ভাষণ দি কংগ্রেছৰ প্রার্থী পৱন সিং ঘাটোৱাৰে কয় যে ৰাহুল গান্ধীৰ সবল নেতৃত্ব আৰু দৃঢ়তাৰ বাবেই ৰাজ্য সভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰিবলৈ বিজেপিয়ে ভয় খালে৷ এয়া সাধাৰণ নির্বাচন নহয় অসম আৰু অসমীয়া কৃষ্টি-সংস্কৃতি ৰক্ষাৰ নির্বাচন৷ তাৰ বাবে বিজেপিক নির্বাচনত প্রত্যাখ্যান কৰিবই লাগিব বুলি তেওঁ কয়৷ প্রতাৰক বিজেপিয়ে চাহ জনগোষ্ঠীয় শ্রমিকসকলৰ হাজিৰা ৩৫০ টকা নকৰিলে, ৰেচনৰ ব্যৱস্থা নকৰিলে, ছমাহত বাগিচাৰ প্রাথমিক বিদ্যালয় চৰকাৰীকৰণ কৰিম বুলি কৈ কার্যকৰী নকৰিলে, দুবছৰত ১০০খন হাইস্কুল স্থাপন কৰিম বুলি কৈ বাগিচাত আজিকোপতি কাম নকৰিলে বুলি তেওঁ কয়৷
বিজেপিয়ে চাহ জনগোষ্ঠীৰ শৈক্ষিক আৰু সামাজিকভাৱে উন্নতি হোৱাটো নিবিচাৰে৷ নিৰক্ষৰ হৈ থকাটো বিচাৰে৷ হিমন্ত বিশ্বই আৰম্ভ কৰা বাগিচাত বিনামূলীয়া চাউল বিতৰণৰ আঁচনি নির্বাচনৰ পাছতেই বন্ধ হ’ব৷ এয়া নির্বাচনী টোপ, আনহাতে, চেনি খাবলৈ নোপোৱা বুলি প্রতিচছবি দাঙি ধৰি চাহ বাগিচাৰ শ্রমিকক চেনি দি অপমান কৰা বুলিও তেওঁ কয়৷ তেওঁ কয় যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসমত অলিয়ে-গলিয়ে বিষাক্ত মদৰ বেহা মুকলি কৰি চাহ শ্রমিকক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে৷ শেহতীয়াকৈ বিষাক্ত মদ খুৱাই ১৬০গৰাকী নিৰীহ চাহ শ্রমিকক হত্যা কৰিলে৷
ইয়াৰ বাবে বিজেপি চৰকাৰেই দায়ী৷ কংগ্রেছ নেতা হেৰম্ব সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত নির্বাচনী সভাত প্রাক্তন বিধায়িকা অমিয়া গগৈ, প্রাক্তন বিধায়ক ক্ষীৰোদ শইকীয়া, ধ্রুৱজ্যোতি গগৈ, ডিব্রুগড় জিলা কংগ্রেছৰ কার্যকৰী সভাপতি দেৱৰঞ্জন গগৈ, ইয়ং ব্রীগেদৰ কার্যকৰী সভাপতি বিপুল ৰাভা, টেঙাখাত চাহ মজদুৰ সংঘৰ সভাপতি বংশীলাল চাহু, জিলা যুৱ কংগ্রেছৰ সভাপতি মিৰাজ হুছেইনকে ধৰি বহু নেতা উপস্থিত আছিল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি