Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:12 pm

Home » দেশ-বিদেশ » বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহক ভোট নিদিবলৈ আহ্বান ৬০০গৰাকী প্রখ্যাত ব্যক্তিৰ

বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহক ভোট নিদিবলৈ আহ্বান ৬০০গৰাকী প্রখ্যাত ব্যক্তিৰ

মুম্বাই : অভিনেতা নাছিৰুদ্দিন শ্বাহ আৰু গিৰীশ কার্নাডকে ধৰি ৰংগমঞ্চৰ শিল্পী, সাহিত্যিক আৰু বুদ্ধিজীৱীসহ প্রায় ৬০০গৰাকী প্রখ্যাত ব্যক্তিয়ে এইবাৰ নির্বাচনত বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহক ভোট নিদিবলৈ আৰু তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাবলৈ আৱেদন জনাইছে৷
তেওঁলোকে লিখা এখন মুকলি পত্রত দেশৰ ভোটাৰ ৰাইজক এইবুলি আহবান জনাইছে যে ‘ভোটদান কৰি বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহক ক্ষমতাৰ পৰা বাহিৰ কৰক৷’ যুটীয়াভাৱে প্রকাশ কৰা এই পত্রখনত স্বাক্ষৰ কৰাসকলৰ ভিতৰত শ্বাহ আৰু কার্নাডৰ উপৰি আমোল পালেকাৰ, এম কে ৰাইনা, ঊষা গাংগুলী, শান্তা গোখ৲লে, মহেশ এলকুঞ্চৱাৰ, মহেশ দত্তানী, অৰুন্ধতী নাগ, কীর্তি জৈন, আতমজিৎ সিং আৰু কংকণা সেন শর্মাও আছে৷
তদুপৰি ইয়াত স্বাক্ষৰ কৰা লোকসকলৰ ভিতৰত ইংৰাজী, হিন্দী, অসমীয়া, তামিল, তেলুগু, বাঙালী, মাৰাঠী, মালয়ালম, কানাড়া, পঞ্জাবী, কোংকনি আৰু উর্ু ভাষাৰ লিখক, বুদ্ধিজীৱী তথা শিল্পীও আছে৷ তেওঁলোকে পত্রখনত এই বুলি উল্লেখ কৰে যে ভাৰত আৰু ইয়াৰ সংবিধানৰ ধাৰণাটো এতিয়া ভাবুকিৰ সন্মুখীন হৈছে৷
সেয়েহে বিজেপিক ভোট দিব নালাগে৷ এই পত্রখন কালি দেশৰ বাৰটা ভাষাত আর্টিষ্ট ইউনাইটেড ইণ্ডিয়া ৱেবছাইটত প্রকাশ কৰা হৈছে৷ পত্রখনত কোৱা হৈছে, ‘লোক সভাৰ আগন্তুক নির্বাচন ইতিহাসৰ চূড়ান্ত নির্ণায়ক নির্বাচন৷ আজি নৃত্য, গীত, হাস্য ভাবুকিৰ সন্মুখীন হৈছে৷ আমাৰ সংবিধান ভাবুকিৰ সন্মুখীন হৈছে৷ তর্ক, বিতর্ক, অসন্মতিৰ বিকাশ হোৱা অনুষ্ঠান-প্রতিষ্ঠানবোৰৰ কণ্ঠ চৰকাৰে প্রতিৰোধ কৰিছে৷
যিকোনো এখন গণতন্ত্রৰ আটাইতকৈ দুর্বল আৰু সকলোতকৈ বঞ্চিত লোকসকলক শক্তিশালী কৰা উচিত৷’ তেওঁলোকে লগতে কয়, ‘প্রশ্নৰ অবিহনে, বিতর্ক আৰু সতর্ক বিৰোধীৰ অবিহনে কোনো গণতন্ত্রই কাম কৰিব নোৱাৰে৷ এই সকলোবোৰক মোদী চৰকাৰে সম্পূর্ণ শক্তিৰে মোহাৰি পেলাইছে৷ বিজেপিক ক্ষমতাৰ পৰা বাহিৰ কৰিবলৈ সকলোৱে ভোট দিয়ক৷ সংবিধানক ৰক্ষা কৰক আৰু গোড়ামি, ঘৃণা তথা কঠোৰতাক ক্ষমতাৰ পৰা বাহিৰ কৰক৷’
তেওঁলোকে এইবুলিও কয় যে পাঁচ বছৰৰ আগতে উন্নয়নৰ প্রতিশ্রুতি দি ক্ষমতালৈ অহা বিজেপিয়ে ঘৃণা আৰু হিংসাৰ ৰাজনীতিক উৎসাহ যোগোৱাৰ বাবে হিন্দুত্বৰ গুণ্ডাক সম্পূর্ণ স্বাধীনতা দিছে৷ পাঁচ বছৰ আগতে যিজন লোকক দেশৰ পৰিত্রাণকর্ ৰূপে বর্ণনা কৰা হৈছিল, তেওঁ তেওঁৰ নীতিসমূহৰ দ্বাৰা দেশৰ কোটি কোটি লোকৰ জীৱিকা ধবংস কৰে৷ তেওঁ বিদেশৰ পৰা ক’লা ধন ঘূৰাই অনাৰ প্রতিশ্রুতি দিছিল, কিন্তু অসৎ লোকসকলে দেশক লুট কৰি পলায়ন কৰিছে৷ চহকী লোকসকলৰ সম্পত্তিৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে আৰু ইয়াৰ বিপৰীতে দৰিদ্র লোকসকল দৰিদ্র হৈ গৈ আছে৷ পত্রখনত তেওঁলোকে এনেদৰে কয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি