Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:33 am

Home » আঞ্চলিক » সাম্প্ৰদায়িক শক্তি, ইয়াৰ সহযোগীসকলক পৰাস্ত কৰাৰ আহ্বান বিটিএডি নাগৰিক অধিকাৰ মঞ্চৰ

সাম্প্ৰদায়িক শক্তি, ইয়াৰ সহযোগীসকলক পৰাস্ত কৰাৰ আহ্বান বিটিএডি নাগৰিক অধিকাৰ মঞ্চৰ

ভাৰতীয় সংবিধান, গণতান্ত্ৰিক প্ৰমূল্য ৰক্ষাৰ সংগ্ৰাম ২০১৯ৰ নিৰ্বাচন
কাজলগাওঁ : ভাৰতীয় সংবিধান, গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষাৰ সংগ্ৰাম ২০১৯ চনৰ নিৰ্বাচন। সেয়েহে সংবিধান, গণতান্ত্ৰিক প্ৰমূল্যবোধ, সংখ্যালঘু, জনজাতীয় তথা নিম্নবৰ্গীয় সমাজৰ অধিকাৰ, ক্ষুদ্ৰ জাতিসত্বাসমূহৰ অধিকাৰ সুৰক্ষিত ৰাখিবলৈ বিজেপি তথা ইয়াৰ সহযোগীসকলক পৰাজিত কৰিবলৈ আহ্বান জনাইছে বিটিএডি নাগৰিক অধিকাৰ মঞ্চই। এক বিবৃতিত মঞ্চৰ সভাপতি জমশ্বেৰ আলি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে কোকৰাঝাৰ লোকসভা সমষ্টিৰ লগতে বিটিএডিৰ সংলগ্ন ধুবুৰী, বৰপেটা আৰু মঙ্গলদৈ সমষ্টিৰ নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰ দল তথা সম্ভ্ৰব্য মিত্ৰ হব পৰা যিকোনো প্ৰাৰ্থীক পৰাজিত কৰি ধৰ্মনিৰপেক্ষ দলৰ প্ৰাৰ্থীক বিজয়ী কৰিবলৈ এক বিবৃতিযোগে আহ্বান জনায়।
বিবৃতিটোত কোৱা হয় যে – বিটিএডি নাগৰিক অধিকাৰ মঞ্চ বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মী, অৰাজনৈতিক সংগঠনৰ সমৰ্থক আৰু স্বতন্ত্ৰ চিন্তাৰ লোকৰ উমৈহতীয়া মঞ্চ, যি মঞ্চ বিটিএডিবাসী সকলো জাতি-জনগোষ্ঠীয় লোকৰ মাজত ঐক্য-সম্প্ৰতি ৰক্ষা কৰা তথা উৎপীড়িত জনগোষ্ঠীসমূহৰ অধিকাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। সাম্প্ৰদায়িক চিন্তাৰ উৰ্ধত থকা যিকোনো ৰাজনৈতিক দলৰ কৰ্মীয়ে বিটিএডি নাগৰিক অধিকাৰ মঞ্চৰ সদস্য হব পাৰিব বুলি ইয়াৰ সংবিধানে অনুমোদন কৰে আৰু সেই অনুযায়ী বিভিন্ন ৰাজনৈতিক মতাদৰ্শৰ লোকেই ইয়াৰ সদস্য হৈ আছে। সেয়েহে কোনো বিশেষ ৰাজনৈতিক দলৰ ভৃত্যৰূপে বিটিএডি নাগৰিক অধিকাৰ মঞ্চই কাম কৰিব নোৱাৰে।
এই দিশটো উৰ্ধত ৰাখি বিটিএডি নাগৰিক অধিকাৰ মঞ্চই বিটিএডিবাসী জনগণৰ স্বাৰ্থত ৰাজনৈতিক ক্ষেত্ৰত বিভিন্ন সময়ত সুচিন্তিত মতামত আগবঢ়াই যাব আৰু ইয়াৰ কৰ্মকৰ্তাসকলে সেই সুনিৰ্দিষ্ট পথৰ আধাৰত নিজৰ বিবেক-বিবেচনাৰ দ্বাৰা ৰাজনৈতিক ক্ষেত্ৰত কাম কৰি যাব। এই কামৰ ক্ষেত্ৰত বিটিএডি নাগৰিক অধিকাৰ মঞ্চই পূৰ্বতেও যিদৰে ইয়াৰ কোনো সদস্যক বাধ্য কৰা নাই, অনাগত দিনতো বাধ্য নকৰে।
২০১২ চনৰ ১৭ অক্টোবৰত বিটিএডি নাগৰিক অধিকাৰ মঞ্চৰ প্ৰথমখন অধিবেশনত গৃহীত ৰাজনৈতিক প্ৰস্তাৱত কোৱা হৈছিল যে- “বিটিএডি নাগৰিক অধিকাৰ মঞ্চই অনুভৱ কৰে যে বিটিএডিত চলি থকা ধাৰাবাহিক নৃ-গোষ্ঠীয় নিৰ্মূলীকৰণ অভিযান এক ৰাজনৈতিক আক্ৰমণৰ ফলশ্ৰুতি। সেয়েহে ইয়াক ৰাজনৈতিক ভাৱে মোকাবিলা কৰিব লাগিব।” ৰাজনৈতিক মোকবিলাৰ স্বাৰ্থত উক্ত অধিবেশনৰ দেৰ বছৰ পিছত অনুষ্ঠিত হবলগীয়া লোকসভা নিৰ্বাচনত বড়ো ৰাজনৈতিক জাত্যাভিমানী শক্তিক পৰাজিত কৰাৰ বাবে এক বিকল্প গঢ়ি তোলাৰ ক্ষেত্ৰত আহ্বান জনাইছিল।
এবছৰীয়া প্ৰচেষ্টাৰ অন্তত ২০১৩ চনৰ ৭ অক্টোবৰত অনুষ্ঠিত বিটিএডি নাগৰিক অধিকাৰ মঞ্চৰ দ্বিতীয় হাস্ৰাওবাৰী অধিবেশনত গৃহীত ৰাজনৈতিক প্ৰস্তাৱত কোৱা হৈছিল যে – “সমাগত লোকসভা নিৰ্বাচনত বিটিএডিবাসী ৰাইজৰ স্বাৰ্থত সকলো জাতি-জনগোষ্ঠীৰ সন্মিলিত প্ৰয়াসত কোকৰাঝাৰ লোকসভা সমষ্টিত বড়ো ৰাজনৈতিক জাত্যাভিমানী শক্তিক পৰাজিত কৰিবলৈ আহ্বান জনায়। এই সংগ্ৰাম যাতে কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে বিকৃত উন্মাদনা সৃষ্টি নকৰে সেই দিশতো সতৰ্ক দৃষ্টি ৰাখিবলৈ সকলো দল-সংগঠনক আহ্বান জনোৱা হয়’
বিবৃতিটোত উল্লেখ কৰা হয় যে – “২০১৩ চনত গৃহীত ৰাজনৈতিক প্ৰস্তাৱটো ২০১৪ৰ লোকসভা নিৰ্বাচনত সফল হলেও পৰবৰ্তী ঘটনাক্ৰম অতি তিক্ততাপূৰ্ণ। কিয়নো ২০১৪ চনৰ লোকসভা নিৰ্বাচনত যি আশাৰে ৰাইজে ভোটদান কৰিছিল, সেয়া বিটিএডিৰ নিৰ্বাচনত প্ৰতিফলিত নহল। কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ গৰকীক বিজয়ী কৰাৰ ক্ষেত্ৰত বিটিএডি নাগৰিক অধিকাৰ মঞ্চই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল যদিও নিৰ্বাচিত সাংসদজনে ৰাইজৰ কোনো কাম কৰিব বুলি আমাৰ ধাৰণা নথকাৰ কথাটো নিৰ্বাচনী প্ৰচাৰৰ সময়তে আমি বাৰম্বাৰ উল্লেখ কৰিছিলোঁ। নিৰ্বাচিত হোৱাৰ পিছত সংসদ গৰাকীয়ে কোনো সংগঠনৰ লগত আলোচনা নকৰাকৈ গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তই বিটিএডিবাসী উৎপীড়িত জনগণৰ ঐক্য থানবান কৰি তুলিছে।শেহতীয়াভাৱে সাংসদগৰাকীয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ৰামনাথ কোবিন্দক ভোটদান কৰি মাথোঁ বিটিএডি নাগৰিক অধিকাৰ মঞ্চকেই নহয়, বিটিএডিবাসী ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক চেতনা সম্পন্ন লোকসকলকো গভীৰভাৱে আশাহত কৰিছে। সাম্প্ৰদায়িক বিজেপি দলৰ সৈতে তেওঁৰ সম্পৰ্ক এই কাৰ্যৰ দ্বাৰা সুস্পষ্ট কৰি দিছে।”
ভাৰতীয় ৰাজনীতি আজি এক জটিল সন্ধিক্ষণত। বিজেপিৰ সাম্প্ৰদায়িক আৰু ফেচীবাদী কাৰ্যকলাপে দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাটোকে বিপন্ন কৰি তুলিছে। সংখ্যালঘু, নিম্নবৰ্গীয় সমাজ আৰু ভাষিক সংখ্যালঘু সকলৰ অধিকাৰ বিজেপিয়ে ইয়াৰ শাসনকালত সংকুচিত কৰি তুলিছে। ঘৃণা আৰু অসহিষ্ণুতাৰ পৰিবেশ আজি চৰম পৰ্যায় লাভ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ উন্মাদনা বিয়পাই ৰাজ্যখনত ভাষিক সংঘাতৰ বাতাবৰণ সৃষ্টি কৰিছে শাসকীয় বিজেপিয়ে।
এনে পৰিস্থিতিত ভাৰতৰ ধৰ্মনিৰপেক্ষ সাংবিধানিক চৰিত্ৰ আৰু সুসংহত গণতান্ত্ৰিক ব্যৱস্থা সুৰক্ষিত কৰিবলৈ দেশৰ গণতান্ত্ৰিক দল, সংগঠন, বিশিষ্ট চিন্তাবিদসকলে বাৰম্বাৰ আহ্বান জনাই গৈছে। বিটিএডি নাগৰিক অধিকাৰ মঞ্চ এই আহ্বানৰ অভিন্ন সংগী। সেয়েহে আসন্ন লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ লগতে ইয়াৰ সমীপবৰ্তী সমষ্টিবোৰত বিটিএডিবাসী ৰাইজক বিজেপি, ইয়াৰ মিত্ৰশক্তি আৰু সাম্প্ৰদায়িক বিজেপি দলক সমৰ্থন কৰাৰ ন্যূনতম সম্ভাৱনা থকা যিকোনো প্ৰাৰ্থীক পৰাজিত কৰিবলৈ আহ্বান জনায়।
বিজেপি, ইয়াৰ মিত্ৰজোটৰ প্ৰাৰ্থী অথবা আন যিকোনো দল অথবা প্ৰাৰ্থী, যিগৰাকী সাম্প্ৰদায়িক তথা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থক বিজেপি দলক চৰকাৰ গঠনৰ ক্ষেত্ৰত সমৰ্থন কৰাৰ সামান্যতমো সম্ভাৱনা আছে, তেনে প্ৰাৰ্থীক পৰাজিত কৰিবই লাগিব। ইয়াৰ বিপৰীতে সাম্প্ৰদায়িকতাবাদ বিৰোধী তথা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ মতাদৰ্শত অটল বিজয়ৰ সৰ্বাধিক সম্ভাৱনা থকা শক্তিশালী প্ৰাৰ্থীজনক চিনাক্ত কৰি আগন্তুক লোকসভা নিৰ্বাচনত জয়যুক্ত কৰিবলৈ বিটিএডি নাগৰিক অধিকাৰ মঞ্চই বিটিএডিবাসী সৰ্বস্তৰৰ ৰাইজলৈ বিনম্ৰ আহ্বান জনায়। ভোটদানৰ সময়ত এটা কথা বাৰম্বাৰ মনত ৰাখিব লাগিব যে ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নথকা বাবে বিজেপিয়ে ইয়াৰ আচল কাৰ্যসূচীত এতিয়াও হাত দিব পৰা নাই। জাতীয় ৰাজনৈতিক প্ৰেক্ষাপটত আগন্তুক তিনিটা বছৰত বিজেপি ৰাজ্যসভাত সংখ্যাগৰিষ্ঠ হোৱাৰ সম্ভাৱনা প্ৰবল। তেনেস্থলত লোকসভা নিৰ্বাচনত বিজেপি, ইয়াৰ মিত্ৰশক্তি তথা সম্ভ্ৰাব্য মিত্ৰসকলক প্ৰতিহত কৰিব নোৱাৰিলে আগন্তুক দিনত আমি যি সংবিধানৰ আধাৰত যি ন্যূনতম সমতা আৰু মানবীয় অধিকাৰ পাই আছো সেই সংবিধান পৰিৱৰ্তন নব। স্বকীয় আৰু স্বাধীন গণতান্ত্ৰিক সংস্থাসমূহ জীয়াই নাথাকিব। সংখ্যালঘু, দলিত, জনজাতীয় সমাজ, নিম্নবৰ্গীয় সমাজ তথা ক্ষুদ্ৰ জাতিসত্বাসমূহৰ সকলো ধৰণৰ অধিকাৰ খৰ্ব হব। সেয়েহে আমাৰ মহান সংবিধান আৰু ধৰ্মনিৰপেক্ষ চেতনা সমৃদ্ধ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য সুৰক্ষিত কৰিবলৈ দৃঢ় সংকল্প সন্মুখত ৰাখি সুচিন্তিতভাবে ভোটদান কৰিবলৈ বিটিএডি নাগৰিক অধিকাৰ মঞ্চই সৰ্বস্তৰৰ ৰাইজলৈ আহ্বান জনায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি