Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 7:02 pm

Home » আঞ্চলিক » সংৰক্ষণৰ বাবে সাহিত্য সভালৈ গ্রন্থ প্রেৰণৰ আহ্বান

সংৰক্ষণৰ বাবে সাহিত্য সভালৈ গ্রন্থ প্রেৰণৰ আহ্বান

ভিন্ন প্রান্তত সিঁচৰতি হৈ থকা গ্রন্থ, ক্ষুদ্র আলােচনী-পৰিপুৰিকা সংৰক্ষণৰ ঐতিহাসিক পদক্ষেপ

গুৱাহাটী : প্রকাশ হােৱাৰ পাছত প্ৰচাৰবিমুখভাৱে সিঁচৰতি হৈ থকা অসমৰ বিভিন্ন প্রান্তৰ গ্ৰন্থ, ক্ষুদ্র আলােচনী, আৰু পৰিপূৰিকাসমূহ শৃংখলিতভাৱে ডিজিটেল পদ্ধতিৰে নথিভুক্ত কৰি উপযুক্তভাৱে সংৰক্ষণ কৰাৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে অসম সাহিত্য সভাই। সাহিত্য সভাৰ ক্ষুদ্ৰ আলােচনী, শিক্ষানুষ্ঠান আৰু মুখপত্র প্রদর্শনী আৰু প্রতিযােগিতা উপ-সমিতিৰ উদ্যোগত অসম ৰাজ্যিক সংগ্রহালয় সঞ্চালকালয়ৰ সহযােগত ৰূপায়িত হ’ব লগা এই গুৰুত্বপূর্ণ প্রকল্প অনুসৰি এনেধৰণৰ গ্রন্থসমূহ সংগ্ৰহ কৰি তথ্য প্রস্তুতেৰে অসম সাহিত্য সভাৰ পুথিভঁড়াল আৰু অসম ৰাজ্যিক সংগ্রহালয়ৰ পুথিভঁড়ালত পৃথকে পৃথকে সংৰক্ষণ কৰা হ’ব।
সভাৰ প্রধান সম্পাদক পদুম ৰাজখােৱাই জানিবলৈ দিয়া মতে সাহিত্য সভাৰ বিভিন্ন জিলা সভা তথা শাখা সভাৰ দ্বাৰা সংগৃহীত এই দুষ্প্রাপ্য-দুর্লভ পৰিপূৰিকাবােৰ পর্যায়ক্রমে পৃথকে পৃথকে ভৱিষ্যত প্রজন্ম তথা গৱেষকসকলৰ বৃহত্তৰ স্বাৰ্থৰ খাটিৰত ডিজিটেল পদ্ধতিৰে তথ্যভুক্ত কৰি সংৰক্ষণৰ কৰাৰ লগতে এই তথ্যসমূহ সহজতে পাব পৰাকৈ ৱেবচাইট তথা বিভিন্ন সামাজিক মাধ্যমৰ যােগেদি মুকলি কৰা হ’ব। এই ব্যৱস্থাত অন্তর্ভুক্ত হ’বৰ বাবে শেহতীয়া ২০ বছৰৰ ভিতৰত প্ৰকাশ হােৱা গ্রন্থসমূহৰ লেখক-প্রকাশকসকলে
দেৱজিৎ বৰা
আহ্বায়ক, ক্ষুদ্র আলােচনী, শিক্ষানুষ্ঠান আৰু মুখপত্র প্রদর্শনী আৰু প্রতিযােগিতা উপ-সমিতি
অসম সাহিত্য সভা
ভগৱতী প্রসাদ বৰুৱা ভৱন, গুৱাহাটী-১
ফোন- ৯৮৬৪০-৫০৫৫০
নাইবা
অবন্তিকা পৰাশৰ
সংগ্রহালয় বিষয়া, যােৰহাট জিলা সংগ্রহালয়
শিক্ষা ভৱন চৌহদ, কে. বি. ৰােড, যােৰহাট-১
ফোন- ৯৯৭১৫-৫৬৫৯০-
এই ঠিকনাত প্রত্যেকখন গ্ৰন্থৰ দুটাকৈ কপি প্রেৰণ কৰিবলৈ সভাই এক বিজ্ঞপ্তিযােগে জানিবলৈ দিছে।
বিহু সন্মিলনৰ স্মৰণিকা প্রতিযােগিতা
অসম সাহিত্য সভাই চলিত বৰ্ষত অসমৰ বিভিন্ন প্রান্তৰ বিহুমঞ্চৰ পৰা প্রকাশিত হ’ব লগা স্মাৰক-গ্রন্থ, স্মৰণিকা, স্মৃতিগ্রন্থ আদিৰ এখনি মুকলি প্রতিযােগিতাৰ আয়ােজন কৰিছে। সভাৰ ক্ষুদ্ৰ আলােচনী, শিক্ষানুষ্ঠান আৰু মুখপত্র প্রদর্শনী আৰু প্রতিযােগিতা উপ-সমিতিৰ উদ্যোগত আয়ােজিত এই প্রতিযােগিতাৰ বাবে উদ্যোক্তাসকলে এই বছৰ বিহু উপলক্ষে তেওঁলােকৰ দ্বাৰা প্রকাশিত স্মাৰক-গ্রন্থ, স্মৰণিকা, স্মৃতিগ্ৰন্থৰ তিনিটাকৈ কপি দেৱজিৎ বৰা, আহ্বায়ক, ক্ষুদ্র আলােচনী, শিক্ষানুষ্ঠান আৰু মুখপত্র প্রদর্শনী আৰু প্ৰতিযােগিতা উপ-সমিতি, অসম সাহিত্য সভা, ভগৱতীপ্রসাদ বৰুৱা ভৱন, গুৱাহাটী১ ফোন – ৯৮৬৪০-৫০৫৫০ এই ঠিকনাত অহা ৩১ মে’ৰ ভিতৰত প্ৰেৰণ কৰিবলৈ সভাই বিজ্ঞপ্তিযােগে আহ্বান জনাইছে। উল্লেখ্য, এই প্রতিযােগিতাৰ বাবে প্ৰেৰণ কৰা স্মাৰক-গ্রন্থ, স্মৰণিকা, স্মৃতিগ্ৰন্থৰ কপিসমূহৰ মূল্যায়ন কৰাৰ পাছত অহর্তা অনুসাৰে ৰাজহুৱাভাৱে পুৰস্কৃত কৰাৰ লগতে ইয়াক সংগ্রহালয়ত সংৰক্ষণ কৰা হ’ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি