Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:58 pm

Home » আঞ্চলিক » প্রথম আৰু দ্বিতীয় পর্যায়ত ৰাজ্যৰ ১০ টা সমষ্টিত মুঠ ৯১ গৰাকী প্রার্থীৰ যুঁজ

প্রথম আৰু দ্বিতীয় পর্যায়ত ৰাজ্যৰ ১০ টা সমষ্টিত মুঠ ৯১ গৰাকী প্রার্থীৰ যুঁজ

লোক সভাৰ প্রথম আৰু দ্বিতীয় পর্যায়ত অনুষ্ঠিত হ’বলগীয়া মুঠ ১০টা সমষ্টিত প্রতিদ্বন্দ্বিতাত নামিছে মুঠ ৯১জন প্রার্থী৷ অহা ১১ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া প্রথম পর্যায়ৰ নির্বাচনত মুঠ ৪১গৰাকীয়ে আৰু ১৮ এপ্রিলত অনুষ্ঠিত দ্বিতীয় পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতাত নমা প্রার্থীৰ সংখ্যা হ’ল ৫০গৰাকী৷ দ্বিতীয় পর্যায়ৰ বাবে মনোনয়ন দাখিল কৰা প্রার্থীৰ সংখ্যা আছিল ৬০গৰাকী৷ 
মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনটোত মুঠ ৬গৰাকী প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে৷ কৰিমগঞ্জ সমষ্টিত নির্দলীয় প্রার্থী ক্রমে বুলন শুক্লবৈদ্য, কেশৱ লাল দাস, পুলক মালাকাৰ, সঞ্জয় ৰয়, উত্তম কুমাৰ দাস৷ শিলচৰ সমষ্টিৰ নির্দলীয় প্রার্থী দিলীপ কুমাৰেও মনোনয়ন প্রত্যাহাৰ কৰে৷ নগাঁও, মঙলদৈ আৰু স্বায়ত্তশাসিত জিলাৰ কোনো প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰা নাই৷ ইফালে তৃতীয় পর্যায়ৰ নির্বাচনৰ অধিসূচনা জাৰি হোৱা কালিৰ প্রথম দিনটোত এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে ধুবুৰীত মনোনয়ন দাখিল কৰাৰ পাছত আজি তৃণমূল কংগ্রেছৰ প্রার্থী নুৰুল ইছলাম চৌধুৰীয়ে মনোনয়ন দাখিল কৰে৷ কালি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনটোৰ পাছত চূড়ান্ত প্রার্থী তালিকা অনুসৰি প্রথম পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতাত নমা প্রার্থীসকল–
ডিব্রুগড়: পৱনসিং ঘাটোৱাৰ (কংগ্রেছ), ভৱেন বৰুৱা (এন পি পি), ৰামেশ্বৰ তেলী (বিজেপি), মঃ নুৰুল হুদা ইমদাদুল ইছলাম শইকীয়া (নির্দলীয়) ডাঃ টিটুছ ভেংৰা (নির্দলীয়), ৰুবুল বুঢ়াগোহঁাই (নির্দলীয়), অপূর্ব শইকীয়া (নির্দলীয়), ইজৰাইল নন্দ (নির্দলীয়) n লখিমপুৰ ঃ অনিল বৰগোহাঁই (কংগ্রেছ), হেমকান্ত মিৰি (এছ ইউ চি আই), প্রদান বৰুৱা (বিজেপি), অৰূপ প্রতিম বৰবৰুৱা (এন চি পি), উবেইদুৰ ৰহমান (অসম জন মর্), অমিয় কুমাৰ সন্দিকৈ (চি পি আই এম), প্রভুলাল বৈষ্ণৱ (নির্দলীয়), অৰূপ কলিতা (চি পি আই), মঃ আমবাজ উদ্দিন (নির্দলীয়), ভূপেন নৰহ (ভি পি আই), দিলীপ মৰাণ (অসম দৃষ্টি পার্টি) n যোৰহাট ঃ নন্দিতা নাগ (নির্দলীয়), অৰবিন কুমাৰ বৰুৱা (নির্দলীয়), ৰিবুলয়া গগৈ (তৃণমূল কংগ্রেছ), কমলা ৰাজকোঁৱৰ (এন পি পি),ৰাজকুমাৰ দুৱৰা (অল ইণ্ডিয়া ফৰৱার্ড ব্লক), তপন গগৈ (বিজেপি), সুশান্ত বৰগোহঁাই (কংগ্রেছ), কনক গগৈ (চি পি আই) n তেজপুৰ ঃ মহেন্দ্র ওৰাং (ভি পি আই), মহেন্দ্র ভূঞা (এন চি পি), এম জি ভি কে ভানু (কংগ্রেছ), বিজয় কুমাৰ তিৰু (এ এন পি এ), ৰাম বাহাদুৰ চোনাৰ (এন পি পি), পল্লৱলোচন দাস (বিজেপি), জিয়াবুৰ ৰহমান খান (নির্দলীয়) n কলিয়াবৰ ঃ মণিমাধৱ মহন্ত (অগপ), আব্দুল আজিজ (এন পি পি), দিগন্ত কুমাৰ শইকীয়া (হিন্দুস্তান নির্মাণ দল), হৰিকুল ইছলাম ভূঞা (অসম জন মর্), জিতেন গগৈ (নির্দলীয়), ভাস্কৰ শর্মা (নির্দলীয়), গৌৰৱ গগৈ (কংগ্রেছ)

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি