Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:49 pm

Home » আঞ্চলিক » ক্রমাৎ বৃদ্ধি পাইছে ন’টাত ভোটদান কৰাৰ প্রৱণতা

ক্রমাৎ বৃদ্ধি পাইছে ন’টাত ভোটদান কৰাৰ প্রৱণতা

সন্মুখত থকা লোক সভাৰ সাধাৰণ নির্বাচনত পূর্বতকৈ অধিক হাৰত ‘নান অব৲ দ্য এব’ভ’ত (ন’টা) ভোট পৰাৰ সম্ভাৱনা আছে৷ অসমতো ভোটাৰৰ মাজত ন’টাত ভোটদান কৰাৰ প্রৱণতা ক্রমাৎ বৃদ্ধি পাইছে৷
যাৰ ফলত তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া লোক সভাৰ নির্বাচনত ৰাজনৈতিক দল তথা প্রার্থীৰ প্রতি আস্থা হেৰুওৱা ভোটাৰে ন’টাৰ জৰিয়তে নিজৰ মত প্রকাশ কৰাৰ সংখ্যা যে আগতকৈ অধিক হ’ব সেই কথা স্পষ্ট হৈ পৰিছে৷ উল্লেখযোগ্য যে নির্বাচন আয়োগে ভোটাৰক ভোটদানৰ প্রতি আকর্ষিত কৰিবলৈ সজাগতা সৃষ্টি কৰাৰ সমানে ভোটাৰক কোনো ৰাজনৈতিক দল বা প্রার্থীক উপযুক্ত বুলি গণ্য নকৰিলে ইলেকট্রনিক ভোটিং মেচিনত ( ই ভি এম) ন’টা বুটাম টিপি ভোটদান কৰি মত প্রকাশৰ স্বাধীনতাও দিছে৷
অসমত ক্রমাৎ ন’টাত ভোটদান কৰা ভোটাৰৰ সংখ্যা যে বৃদ্ধি পাইছে সেই কথা পূর্বৰ লোক সভা আৰু বিধানসভাৰ নির্বাচনৰ পৰিসংখ্যাই প্রমাণ কৰিছে৷ উল্লেখযোগ্য যে ২০১৪ চনৰ লোক সভাৰ নির্বাচনত অসমত ১,৪৭,০৫৭ গৰাকী ভোটাৰে কোনো প্রার্থীৰ সপক্ষে ভোটদান কৰা নাছিল৷ অর্থাৎ এই বৃহৎ সংখ্যক ভোটাৰে ৰ’দ-বৰষুণৰ মাজতো ভোট কেন্দ্রত গৈ শাৰী পাতি থিয় হৈ বহুসময় অপেক্ষা কৰাৰ অন্তত কোনো ৰাজনৈতিক দল বা প্রার্থীৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে তেওঁলোকৰ বহুমূলীয়া ভোট ন’টাত দিছিল৷
অর্থাৎ তেওঁলোকে ভোটদানৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছিল কিন্তু সমর্থন কৰিব পৰা দল বা প্রার্থীৰ অভাৱত কাৰোৰে সপক্ষে ভোটদান কৰা নাছিল৷ লোক সভাৰ নির্বাচনতকৈ ২০১৬ চনৰ বিধানসভাৰ নির্বাচনত ন’টাত ভোটদান কৰা ভোটাৰৰ সংখ্যা হ্রাস হোৱাৰ পৰিৱর্তে বৃদ্ধিহে হয়৷ লোক সভাৰ নির্বাচনত ১,৪৭,০৫৭ গৰাকী ভোটাৰে ন’টাত ভোটদান কৰাৰ বিপৰীতে ২০১৬ চনৰ বিধানসভা নির্বাচনত ন’টাত ভোটদান কৰা লোকৰ সংখ্যা বৃদ্ধি পালে ১,৮৭,১৬৯গৰাকীলৈ৷ অর্থাৎ ন’টাত ভোটদান কৰাভোটাৰৰ সংখ্যা মাত্র দুটা বছৰতে বৃদ্ধি পাইছিল প্রায় ৪০ হাজাৰ৷
কেন্দ্রত দুটা কার্যকালৰ বাবে আৰু ৰাজ্যত তিনিটা কার্যকালৰ বাবে ক্ষমতাত থকা কংগ্রেছ নেতৃত্বাধীন চৰকাৰক ওফৰাবলৈ হোৱা পৰিৱর্তনৰ ছুনামিৰ সময়তো বৃহৎ সংখ্যক ভোটাৰে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰি ভোটদান কৰিছিল, কিন্তু সমর্থন কৰিব পৰা উপযুক্ত দল বা প্রার্থী বিচাৰি পোৱা নাছিল৷
বর্তমানে দেশ বা ৰাজ্যৰ বিভিন্ন জ্বলন্ত সমস্যা, বিষয়সমূহৰ ক্ষেত্রত ৰাজনৈতিক দলসমূহৰ ভূমিকা বা প্রার্থীৰ অর্হতা, যোগ্যতা সন্দর্ভত পূর্বতকৈ ভোটাৰৰ মনত অধিক অসন্তুষ্টি সৃষ্টি হোৱাত এইবাৰ পূর্বতকৈ ন’টাত ভোটদান কৰা ভোটাৰৰ সংখ্যা যে অধিক বৃদ্ধি পাব সেই কথা স্পষ্ট হৈ পৰিছে৷
কাৰণ ইতিমধ্যে কিছুসংখ্যক ভোটাৰে তেওঁৰ বহুমূলীয়া ভোট ন’টাত দিব বুলি মুকলিকৈ ব্যক্ত কৰিছে৷ ভোটাৰৰ মাজত সচেতনতা বৃদ্ধি পোৱাৰ ফলত ভোটদানৰ হাৰ যেনেদৰে বৃদ্ধি পাইছে তেনেদৰে ন’টাত ভোটদান কৰাৰ ক্ষেত্রতো সজাগতা সৃষ্টি হৈছে৷
২০১৪ চনৰ লোক সভাৰ নির্বাচনত ন’টাত ভোটদান কৰা ভোটাৰৰ সংখ্যা কোকৰাঝাৰ সমষ্টিত সর্বাধিক আছিল৷ এই সমষ্টিটোত লোক সভা নির্বাচনত ১৮,১৮৩টা ভোট ন’টাত পৰাৰ বিপৰীতে ডিব্রুগড়ত ন’টাত ভোট পৰিছিল ১৬,৮০৯টা, তেজপুৰত ১৬,৬৬৭ টা যোৰহাটত ১৪,৬৪৮ টা, কলিয়াবাৰত ১২,৪০৩ টা৷ ভোটাৰৰ মাজত ৰাজনৈতিক দল বা প্রতিদ্বন্দ্বিতাত নমা প্রার্থীসকলৰ প্রতি বৃদ্ধি হোৱা বিতুষ্টিৰ ফলত আহি থকা লোক সভাৰ নির্বাচনত পূর্বৰ নির্বাচনসমূহতকৈ অধিক হাৰত ন’টাত ভোটদানৰ সম্ভাৱনা দেখা গৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি