সংৰক্ষণৰ বাবে সাহিত্য সভালৈ গ্রন্থ প্রেৰণৰ আহ্বান

ভিন্ন প্রান্তত সিঁচৰতি হৈ থকা গ্রন্থ, ক্ষুদ্র আলােচনী-পৰিপুৰিকা সংৰক্ষণৰ ঐতিহাসিক পদক্ষেপ গুৱাহাটী : প্রকাশ হােৱাৰ পাছত প্ৰচাৰবিমুখভাৱে সিঁচৰতি হৈ থকা অসমৰ বিভিন্ন প্রান্তৰ গ্ৰন্থ, ক্ষুদ্র আলােচনী, আৰু পৰিপূৰিকাসমূহ শৃংখলিতভাৱে ডিজিটেল পদ্ধতিৰে নথিভুক্ত কৰি উপযুক্তভাৱে সংৰক্ষণ কৰাৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে অসম সাহিত্য সভাই। সাহিত্য সভাৰ ক্ষুদ্ৰ আলােচনী, শিক্ষানুষ্ঠান আৰু মুখপত্র প্রদর্শনী আৰু প্রতিযােগিতা উপ-সমিতিৰ উদ্যোগত অসম ৰাজ্যিক সংগ্রহালয় সঞ্চালকালয়ৰ সহযােগত ৰূপায়িত হ’ব লগা এই গুৰুত্বপূর্ণ প্রকল্প অনুসৰি এনেধৰণৰ গ্রন্থসমূহ সংগ্ৰহ কৰি তথ্য প্রস্তুতেৰে অসম সাহিত্য সভাৰ পুথিভঁড়াল আৰু অসম ৰাজ্যিক সংগ্রহালয়ৰ পুথিভঁড়ালত পৃথকে পৃথকে সংৰক্ষণ কৰা হ’ব। সভাৰ প্রধান সম্পাদক পদুম ৰাজখােৱাই জানিবলৈ দিয়া মতে সাহিত্য সভাৰ বিভিন্ন জিলা সভা তথা শাখা সভাৰ দ্বাৰা সংগৃহীত এই দুষ্প্রাপ্য-দুর্লভ পৰিপূৰিকাবােৰ পর্যায়ক্রমে পৃথকে

|

কংগ্ৰেছক মুকলি সমৰ্থন অবড়ো সুৰক্ষা সমিতিৰ

কোকৰাঝাৰত হীৰা শৰণীয়া অন্তিম ৪নং স্থানত থাকিব আৰু ইউজি ব্ৰহ্ম ম্যাদ উকলা টেবলেট হাউলী : বৰপেটাৰ হাউলীত অনুষ্ঠিত অবড়ো সুৰক্ষা সমিতিৰ সভাত গৃহীত হ’ল এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বই আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলক লৈ আজি বৰপেটাৰ হাউলীত লোকসভা নিৰ্বাচনত অবড়োৰ স্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে অনুষ্ঠিত কৰিছিল এই সভাখন৷ ৰাজ্যৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ ৰাজনীতিক পদম বাহাদুৰ চৌহানেও অংশগ্ৰহন কৰা এই সভাখনত অবড়ো নেতাসকলৰ সৰ্ব সন্মত সিদ্ধান্ত অনুসৰি নৱ শৰনীয়াৰ পৰিৱৰ্তে কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাভাক সমৰ্থন জনোৱাৰ সিদ্ধান্ত লয় অবড়ো সুৰক্ষা সমিতিয়ে৷ অকল কোকৰাঝাৰেই নহয় এইবাৰৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন জনোৱাৰ সিদ্ধান্তও গ্ৰহন কৰে অবড়ো নেতৃত্বই৷ বিশেষকৈ কোকৰাঝাৰ, বৰপেটা, মঙলদৈ আৰু ধুবুৰীত কংগ্ৰেছক জনাব সমৰ্থন অবড়ো

|

প্রথম আৰু দ্বিতীয় পর্যায়ত ৰাজ্যৰ ১০ টা সমষ্টিত মুঠ ৯১ গৰাকী প্রার্থীৰ যুঁজ

লোক সভাৰ প্রথম আৰু দ্বিতীয় পর্যায়ত অনুষ্ঠিত হ’বলগীয়া মুঠ ১০টা সমষ্টিত প্রতিদ্বন্দ্বিতাত নামিছে মুঠ ৯১জন প্রার্থী৷ অহা ১১ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া প্রথম পর্যায়ৰ নির্বাচনত মুঠ ৪১গৰাকীয়ে আৰু ১৮ এপ্রিলত অনুষ্ঠিত দ্বিতীয় পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতাত নমা প্রার্থীৰ সংখ্যা হ’ল ৫০গৰাকী৷ দ্বিতীয় পর্যায়ৰ বাবে মনোনয়ন দাখিল কৰা প্রার্থীৰ সংখ্যা আছিল ৬০গৰাকী৷  মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনটোত মুঠ ৬গৰাকী প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে৷ কৰিমগঞ্জ সমষ্টিত নির্দলীয় প্রার্থী ক্রমে বুলন শুক্লবৈদ্য, কেশৱ লাল দাস, পুলক মালাকাৰ, সঞ্জয় ৰয়, উত্তম কুমাৰ দাস৷ শিলচৰ সমষ্টিৰ নির্দলীয় প্রার্থী দিলীপ কুমাৰেও মনোনয়ন প্রত্যাহাৰ কৰে৷ নগাঁও, মঙলদৈ আৰু স্বায়ত্তশাসিত জিলাৰ কোনো প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰা নাই৷ ইফালে তৃতীয় পর্যায়ৰ নির্বাচনৰ অধিসূচনা জাৰি হোৱা কালিৰ প্রথম দিনটোত এ আই ইউ ডি

|

১১, ১৮ আৰু ২৩ এপ্রিলত ৰাজহুৱা বন্ধ ঘোষণা

গুৱাহাটী : তিনিটা পর্যায়ত লোক সভাৰ নির্বাচন অনুষ্ঠিত হ’বলগীয়া দিনকেইটাত সংশ্লিষ্ট জিলাসমূহত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ অহা ১১ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’বলগীয়া ১২খন জিলাৰ বাবে ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে৷ আজি দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাসমূহত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ নির্দেশনা অনুসৰি ১৮ এপ্রিলত কাছাৰ, দৰং, ডিমা হাছাও, হাইলাকান্দি, হোজাই, কামৰূপ, কার্বি আংলং, কৰিমগঞ্জ, মৰিগাঁও, নগাঁও, নলবাৰী, ওডালগুৰি, আৰু পশ্চিম কার্বি আংলং জিলাক ৰাজহুৱা বন্ধই সামৰি ল’ব৷ তেনেদৰে, অহা ২৩ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনৰ দিনটোত বাক৲সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, কোকৰাঝাৰ, নলবাৰী আৰু দক্ষিণ শালমাৰা জিলাক ৰাজহুৱা বন্ধই সামৰি ল’ব৷ এন আই এক্টৰ

|

ক্রমাৎ বৃদ্ধি পাইছে ন’টাত ভোটদান কৰাৰ প্রৱণতা

সন্মুখত থকা লোক সভাৰ সাধাৰণ নির্বাচনত পূর্বতকৈ অধিক হাৰত ‘নান অব৲ দ্য এব’ভ’ত (ন’টা) ভোট পৰাৰ সম্ভাৱনা আছে৷ অসমতো ভোটাৰৰ মাজত ন’টাত ভোটদান কৰাৰ প্রৱণতা ক্রমাৎ বৃদ্ধি পাইছে৷ যাৰ ফলত তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া লোক সভাৰ নির্বাচনত ৰাজনৈতিক দল তথা প্রার্থীৰ প্রতি আস্থা হেৰুওৱা ভোটাৰে ন’টাৰ জৰিয়তে নিজৰ মত প্রকাশ কৰাৰ সংখ্যা যে আগতকৈ অধিক হ’ব সেই কথা স্পষ্ট হৈ পৰিছে৷ উল্লেখযোগ্য যে নির্বাচন আয়োগে ভোটাৰক ভোটদানৰ প্রতি আকর্ষিত কৰিবলৈ সজাগতা সৃষ্টি কৰাৰ সমানে ভোটাৰক কোনো ৰাজনৈতিক দল বা প্রার্থীক উপযুক্ত বুলি গণ্য নকৰিলে ইলেকট্রনিক ভোটিং মেচিনত ( ই ভি এম) ন’টা বুটাম টিপি ভোটদান কৰি মত প্রকাশৰ স্বাধীনতাও দিছে৷ অসমত ক্রমাৎ ন’টাত ভোটদান কৰা ভোটাৰৰ সংখ্যা যে বৃদ্ধি পাইছে

|

ববিতা শর্মা, শব্দ ৰাভা, আব্দুল খালেক, আবু তাহেৰ বেপাৰীক প্রার্থিত্ব প্রদান

অৱশেষত সকলো জল্পনা- কল্পনাৰ অন্ত পৰিল৷ এ আই ইউ ডি এফৰ সৈতে কংগ্রেছে গোপনে মিত্রতা কৰা বুলি সর্বত্র প্রচাৰিত হোৱাৰ সময়তে আজি কংগ্রেছে অসমৰ বাকী থকা চাৰিটা লোক সভা সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰিলে৷ সেই অনুসৰি বৰপেটাত আব্দুল খালেকক, ধুবুৰীত আবু তাহেৰ বেপাৰীক, কোকৰাঝাৰত শব্দ ৰাভাক আৰু গুৱাহাটী সমষ্টিত ববিতা শর্মাক দলীয় প্রার্থিত্ব প্রদান কৰা হৈছে৷ প্রণিধানযোগ্য যে তৃতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব লগীয়া এই চাৰিটা লোক সভা সমষ্টিৰ প্রার্থী চূড়ান্ত কৰাক লৈ দলটোৰ মাজত সৃষ্টি হৈছিল তীব্র মতানৈক্য৷ যাৰ বাবে বিজেপিয়ে ৰাজ্যৰ সকলো সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰাৰ পাছতো কংগ্রেছে উক্ত চাৰিটা সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰিব পৰা নাছিল৷ প্রচাৰ চলিছিল যে বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এ আই ইউ ডি