Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:35 am

Home » Uncategorized » ৰং-ৰসৰ সাগৰত ডুবিছে এতিয়া সত্রনগৰী বৰপেটা

ৰং-ৰসৰ সাগৰত ডুবিছে এতিয়া সত্রনগৰী বৰপেটা

বৰপেটা : ৰং-ৰসৰ সাগৰত ডুবিছে এতিয়া সত্রনগৰী বৰপেটাৰ প্রতিজন লোক৷ আলোকসজ্জাৰে সুসজ্জিত বৰপেটা সত্রৰ চৌহদত গন্ধ যাত্রাৰে আজিৰে পৰা আৰম্ভ হৈছে দৌল মহোত্সৱ৷ এইবেলি তিনিদিনীয়াকৈ পালন কৰা হ’ব বৰপেটা সত্রৰ দৌল মহোত্সৱ৷ কাইলৈ বৰপেটা সত্রত ভৰদৌল পালন কৰা হ’ব৷ কাইলৈ পুৱা বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ শর্মাই ফাকুগুড়ি ছটিয়াই গোসাঁইক সেৱা কৰাৰ পিচতে ভক্তসকলৰ বাবে গোসাঁইক ফাকুগুড়ি ছটিয়াই সেৱা জনাব পাৰিব৷ ২২ মার্চত বৰপেটাত অনুষ্ঠিত হ’ব ফাকুৱা বা সুঁৱেৰী উত্সৱ৷
ইপিনে, বৰপেটাৰ অগ্রণী অনুষ্ঠান ৰাইজিং ক্লাবে প্রতিবছৰৰ দৰে আজি আয়োজন কৰে মুকলি পথৰ হোলীগীত প্রতিযোগিতা৷ ফাকুৱা উপলক্ষে আয়োজন কৰা এই প্রতিযোগিতাখন আজি পুৱা বৰপেটা সত্রৰ দালানৰ সন্মুখৰ পৰা বুঢ়াসত্রীয়া বশিষ্ঠ শর্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ ২৪টা প্রতিযোগী দলে অংশগ্রহণ কৰা এই প্রতিযোগিতাখন বৰপেটা সত্রৰ সন্মুখৰ পৰা নহাটী, ১ নং গলিয়াহাটী, শংকৰদেৱ বিদ্যা নিকেতন হৈ বৰপেটা চহৰত প্রৱেশ কৰে৷ আকর্ষণীয় ৰূপত অনুষ্ঠিত হোৱা এই প্রতিযোগিতাখন সামৰণি পৰে বৰপেটা প্রেছ ক্লাব প্রাংগনত৷
সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জনপ্রিয় অভিনেতা যতীন বৰা, জনপ্রিয় কণ্ঠশিল্পী জুবলী বৰুৱা, অভিনেত্রী সুনীতা কৌশিক আৰু বৰপেটা সত্রৰ ডেকাসত্রীয়া নৱজিত্‍ দাস পাঠক। বৰপেটা প্রেছ ক্লাব চৌহদত অনুষ্ঠিত হোৱা এই সামৰণি অনুষ্ঠানত বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ শর্মাই শিল্পীসকলৰ লগত প্রাণ ঢালি গোৱা হোলীগীতে অনুষ্ঠানটোক অন্য মাত্রা প্রদান কৰে৷ এই প্রতিযোগিতাত পুৰুষ শাখাত ক্রমে বুঢ়াগোসাঁই হোলী দল, দক্ষৰাম দাসৰ দল আৰু মিলিজুলি হোলী দলে প্রথম, দ্বিতীয় আৰু তৃতীয় পুৰষ্কাৰ লাভ কৰে৷ আনহাতে মহিলা শাখাত ক্রমে মিলন সংঘ, মনসা দাসৰ দল আৰু মণিকাঞ্চন সংযোগ দলে প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে৷ প্রতিযোগিতাত মৃণাল দাসে শ্রেষ্ঠ পাঠকৰ সন্মান লাভ কৰাৰ লগতে মনসা দাসে শ্রেষ্ঠ পাঠকনীৰ সন্মান লাভ কৰে৷ পাণ্ডৱ দাসে শ্রেষ্ঠ ঢোল বাদকৰ সন্মান লাভ কৰাৰ বিপৰীতে কৌশিক দাসে শ্রেষ্ঠ খঞ্জুৰী বাদকৰ সন্মান লাভ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি