Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:49 am

Home » সম্পাদকীয় » পৰিৱর্তিত ৰাজনীতিত এলাগী প্রবীণ নেতা

পৰিৱর্তিত ৰাজনীতিত এলাগী প্রবীণ নেতা

ৰাজ্যৰ পৰিৱর্তিত ৰাজনীতিত ক্রমাৎ গুৰুত্বহীন হৈ পৰিছে প্রবীণ ৰাজনৈতিক নেতাসকল৷ যিসকল নেতাই এসময়ত ৰাজনৈতিক দলসমূহৰ গুৰি ব’ঠা ধৰিছিল সেইসকল নেতা এতিয়া নিজৰ দলটোতে এলাগী হৈ পৰিছে৷
লোক সভাৰ নির্বাচনৰ বাবে প্রার্থিত্ব বিচাৰি এসময়ৰ হেভীৱেইট এই নেতাসকল এতিয়া নতুন প্রজন্মৰ নেতাসকলৰ বাবে লটি-ঘটিৰ সন্মুখীন হ’বলগীয়া হৈছে নাইবা প্রার্থিত্বৰ বাবে তেওঁলোকৰ নামেই উচছাৰণ হোৱা নাই৷ শাসনাধিষ্ঠিত বিজেপিৰ দৰে কংগ্রেছ বা অগপ দলৰো প্রবীণ নেতাসকলৰো একেই অৱস্থা৷ উল্লেখযোগ্য যে উক্ত দলকেইটাৰ তুলনাত এ আই ইউ ডি এফ নতুন দল৷ তদুপৰি এই দলটো এটা পৰিয়ালৰহে নেতৃত্বাধীন৷
লোক সভা নির্বাচনত বিজেপিয়ে অসমত খোপনি পুতিছিল নগাঁও, শিলচৰ, মঙলদৈ, গুৱাহাটী সমষ্টিৰ পৰা৷ কেইবাটাও কার্যকালৰ বাবে লোক সভালৈ নির্বাচিত হোৱা বিজেপিৰ সাংসদ ৰাজেন গোহঁায়ে এইবাৰ প্রার্থিত্ব লাভ কৰিব নে নকৰে সেই কথা অনিশ্চিত হৈ আছে৷ দলৰ অস্তিত্ব নথকাৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব পালন কৰা মঙলদৈ সমষ্টিৰ সাংসদ ৰমেন ডেকাই এইবাৰ প্রার্থিত্ব পাবনে সেই কথাও নিশ্চিত নহয়৷
তেনেদৰে প্রার্থিত্বৰ অনিশ্চয়তাত আছে প্রবীণ বিজেপি নেতা তথা তেজপুৰ আৰু গুৱাহাটীৰ সাংসদ আৰ পি শর্মা আৰু বিজয়া চক্রৱর্তী৷ শিলচৰ সমষ্টিৰ পৰা নির্বাচিত হৈ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ মন্ত্রী পৰিষদত অন্তর্ভুক্ত হোৱা প্রবীণ বিজেপি নেতা কবীন্দ্র পুৰকায়স্থৰ পৰিৱর্তে সমষ্টিটোত প্রার্থিত্ব লাভৰ ক্ষেত্রত চর্ চলা নামৰ তালিকাত আছে বিধয়াক দিলীপ পাল আৰু বিমলাংশু ৰয়ৰ পুত্র ৰাজদ্বীপ ৰায়ৰ নাম৷
যোৰহাট সমষ্টিৰ বর্তমানৰ সাংসদ কামাখ্যা প্রসাদ তাছাক প্রার্থিত্ব দিয়াৰ পৰিৱর্তে সদৌ অসম ছাত্র সন্থাৰ পৰা প্রায় তিনিটা বছৰৰ পূর্বে বিজেপিত যোগ দি বিধায়ক নির্বাচিত হৈ সর্বানন্দ সোণোৱাল মন্ত্রীসভাত স্থান পোৱা তপন কুমাৰ গগৈৰ নামহে চর্লৈ আহিছে৷ বিজেপিৰ দুর্দিনৰ সময়ৰে পৰা দলৰ কাম কৰি অহা পালিত বৰাৰ দৰে জ্যেষ্ঠ নেতাৰ নাম যোৰহাট সমষ্টিৰ প্রার্থী হিচাপে এতিয়া চর্চিত নহয়৷
বিজেপিৰ এসময়ৰ হেভীৱেইট নেতা বিজয়া চক্রৱর্তী, আৰ পি শর্মা, ৰমেন ডেকা আদিৰ পৰিৱর্তে নতুনকৈ প্রার্থী হিচাপে চর্লৈ অহা নামৰ ভিতৰত আছে কুুইন ওজা, হিমন্ত বিশ্ব শর্মা, জয়ন্তমল্ল বৰুৱা আদি৷ কংগ্রেছতো প্রবীণ নেতাসকলৰ একেই অৱস্থা৷ কংগ্রেছৰ বর্তমানৰ সাংসদ তিনিওজনে দলীয় প্রার্থিত্ব লাভ কৰাৰ ক্ষেত্রত কোনোধৰণৰ হেঙাৰ দলৰ মজিয়াত সৃষ্টি হ’ব নালাগিছিল৷
কিন্তু প্রবীণ কংগ্রেছী নেতা, কেইবাটাও কার্যকালৰ বাবে সংসদলৈ নির্বাচিত হৈ অহা ডিফু সমষ্টিৰ সাংসদ বীৰেন সিং ইংতিৰ প্রার্থিত্ব এইবাৰ নিশ্চিত হৈ থকা নাই৷ সমষ্টিটোত প্রার্থিত্বৰ দাবীদাৰ হৈছে প্রাক্তন মন্ত্রী খৰছিং ইংতি৷ অৱশ্যে প্রবীণ কংগ্রেছী নেতা বীৰেন সিং ইংতিয়ে তেওঁক দলে প্রার্থিত্ব নিদিলে পুত্র প্রাক্তন বিধায়ক ক্নেনডুং ইংতিক দলীয় প্রার্থিত্ব দিয়াৰ পোষকতা কৰা বুলি জানিব পৰা গৈছে৷
প্রাক্তন সাংসদ বলীন কুলীৰ পৰিৱর্তে লখিমপুৰ সমষ্টিৰ বাবে কংগ্রেছৰ প্রার্থিত্বৰ তালিকাত আছে ডাঃ জয়প্রকাশ দাস, যোগেশ পেগু আদিৰ নাম৷ কংগ্রেছক দীর্ঘকাল নেতৃত্ব দিয়া প্রাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰৰ সমানে প্রার্থিত্ব লাভৰ দৌৰত আছে মনোজ ধানোৱাৰৰ দৰে নতুন মুখ৷ মঙলদৈৰ প্রাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে সমষ্টিটোৰ বাবে প্রার্থিত্ব বিচাৰিলেও তেওঁৰ সমানে প্রার্থিত্বৰ দৌৰত আছে হেমপ্রভা দেৱী, ৰূপৰেখা ভূঞা আদিৰ দৰে নতুন মুখ৷
একেই অৱস্থা কৰিমগঞ্জ সমষ্টিৰ প্রাক্তন সাংসদ ললিত মোহন শুক্লবৈদ্যৰো৷ মিত্রতাৰ সূত্রে অগপই তিনিটা সমষ্টি লাভ কৰিব৷ বৰপেটা সমষ্টিৰ বাবে দলটোৰ দাবীদাৰ প্রার্থী কুমাৰ দীপক দাস আৰু ভূপেন ৰায়৷ কিন্তু কলিয়াবৰ সমষ্টিৰ বাবে অগপৰ জ্যেষ্ঠ নেতা প্রাক্তন মন্ত্রী গুণীন হাজৰিকাৰ নাম প্রার্থী হিচাপে চর্চিত হোৱা নাই৷
তেনেদৰে যোৱা লোক সভা নির্বাচনত অগপৰ হৈ কলিয়াবৰত প্রতিদ্বন্দ্বিতাত নমা প্রাক্তন সাংসদ ড০ অৰুণ কুমাৰ শর্মাৰ নামো হোৱা নাই চর্৷ কলিয়াবৰত অগপৰ প্রার্থীৰূপে নাম চর্লৈ আহিছে আছুৰ নেতা মণি মাধৱ মহন্তৰ নাম৷ ৰাজনৈতিক দলক এসময়ত বিচক্ষণতাৰে নেতৃত্ব দিয়া বা দলৰ বিপর্যয়ৰ সময়তো দল দিল্লী-দিছপুৰলৈ নির্বাচিত হোৱা এসময়ৰ জেষ্ঠ তথা হেভীৱেইট নেতাসকল পৰিৱর্তিত ৰাজনৈতিক পৰিস্থিতিত এতিয়া ক্রমাৎ এলাগী হৈ পৰিছে আৰু তেওঁলোকৰ স্থানত সোমাইছে নতুন প্রজন্মৰ নাম৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি