গুৱাহাটী : দেশত সাধাৰণ নিৰ্বাচনৰ দিন ঘােষণা কৰাৰ পিছতেই নির্বাচনী কুচকাৱাজ তুংগত কৰি তুলিছে নেচনেল ৰিপাব্লিকান কংগ্ৰেছ চমুকৈ এন আৰ চিয়ে। দিছপুৰস্থিত মুখ্য কার্যালয়ত আজি অনুষ্ঠিত এক সংবাদ মেলত দলৰ সভাপতি গােলাপ মজুমদাৰে ৰাজ্যৰ জ্বলন্ত সমস্যা সমাধানৰ উদ্দেশ্য আগত ৰাখি দলৰ ফালৰ পৰা প্রার্থী নির্বাচনত অৱতীৰ্ণ হ’ব বুলি উল্লেখ কৰে। কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি দলে দেশৰ জনসাধাৰণক দিয়া প্রতিশ্রুতি পূৰণত চূড়ান্ত ব্যর্থ আৰু সেই দলৰ সৈতে অসমৰ আঞ্চলিক দল অগপই আত্মসমৰ্পণ কৰা বুলি অভিযােগ তুলি তেওঁ আৰু কয়— নেচনেল ৰিপাব্লিকান কংগ্ৰেছ চমুকৈ এন আৰ চি হৈছে অগপৰ বিকল্প আঞ্চলিক দল৷
অসমত ইতিমধ্যে অগপ, কংগ্ৰেছ, বিজেপিকে আদি কৰি সকলাে দলৰ চৰকাৰ হ’ল যদিও ৰাজ্যৰ ন্যূনতম সমস্যা সমাধান কৰিব নােৱাৰিলে। ৰাজ্যৰ বিদেশি সমস্যা, নাগৰিকত্বৰ সমস্যা, সীমান্ত ছীল কৰাৰ সমস্যা, নিৱনুৱা সমস্যা, বান-গৰাহখহনীয়া আদিৰ দৰে জ্বলন্ত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত উক্ত দলৰ চৰকাৰসমূহে বিগত সময়ছােৱাত কোনাে গুরুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা পৰিলক্ষিত নহল। ফলত নেচনেল ৰিপাব্লিকান কংগ্ৰেছ চমুকৈ এন আৰ চিয়ে এই জ্বলন্ত সমস্যাসমূহ সমাধানৰ্থে সংসদত বলিষ্ঠ ভূমিকা ল’বলৈ ৰাজ্যখনৰ পৰা সাংসদ প্রেৰণৰ বাবে যােজা চলাইছে। সেই উদ্দেশ্য দলে ৰাজ্যৰ প্ৰায়বােৰ সমষ্টিত প্রার্থীত্ব প্রদান কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰাৰ কথা উল্লেখ কৰে।
দলটোৰ সাধাৰণ সম্পাদক ভদ্রেশ্বৰ বৰ্মণেশাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ লগতে কংগ্ৰেছ দলকো ক্ষুৰধাৰ সমালােচনা কৰি তেওঁ কয়— নেচনেল ৰিপাব্লিকান কংগ্ৰেছ চমুকৈ এন আৰ চিয়ে ৰাজ্যখনৰ প্রতিটো জাতি-জনগােষ্ঠী, সৰু বৰ সম্প্রদায় আগত লৈ ধর্ম নিৰপেক্ষভাৱে প্রার্থীত্ব প্রদান কৰাৰ লগতে মহিলা প্রার্থীকো গুৰুত্ব প্রদান কৰিব। তেওঁ আৰু কয়, ৰাজনৈতিক সৃষ্ট অসাংবিধানিক বিদেশী ন্যায়াধীকৰণত গােচৰত আইনী মেকমেচৰ পৰা পৰিত্ৰাণ পাবলৈ দলে এটা ৰাজনৈতিকভাৱে আপ্রাণ চেষ্টা চলাব বুলি এন আৰ চি বদ্ধপৰিকৰ। বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে ৰন্ধন গেছে, বেংক একাউন্ট, প্রধানমন্ত্রী গৃহ আৱাস যােজনা, স্বচ্ছ ভাৰত আদিৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ সাধাৰণ জনতাক ৰামঠগন দিয়া বুলি অভিযােগ উত্থাপন কৰে।
উল্লেখ্য যে উক্ত সংবাদ মেলত সভাপতি গােলাপ মজুমদাৰে আগন্তুক লােকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে প্রথম পর্যায়ত সাত সমষ্টিৰ প্রার্থী তালিকা ঘােষণা কৰে। ঘােষিত প্রার্থী তালিকা অনুসৰি ৪ নং ধুবুৰী লােকসভা সমষ্টিত প্ৰফেচৰ নজমুল হক, ৬ নং বৰপেটা লােকসভা সমষ্টিত ভদ্রেশ্বৰ বৰ্মন, ৭ নং গুৱাহাটী লােকসভা সমষ্টিত আলিফুৰ ৰহমান, ৮ নং মঙলদৈ লােকসভা সমষ্টিত মৃদুল হক, ৯ নং তেজপুৰ লােকসভা সমষ্টিত আৰ ভি জনচন, ১০ নং নগও লােকসভা সমষ্টিত মুকুল বৰা আৰু ১১ নং কলিয়াবৰ লােকসভা সমষ্টিত প্রদীপ কলিতাক প্রার্থীত্ব নিশ্চিত কৰে।