গুৱাহাটী : কংগ্রেছ-এ আই ইউ ডি এফৰ গোপন বুজাবুজি স্পষ্ট হ’ল তৰুণ গগৈৰ ভাষ্যত৷ সৌ সিদিনালৈকে বদৰুদ্দিন আজমল আৰু এ আই ইউ ডি এফ দলক কুকুৰে কাঁইট নোখোৱাকৈ গালি পৰা প্রাক্তন মুখ্যমন্ত্রীজনৰ মুখত শুনা গ’ল আজমল সন্দর্ভত নৰম স্থিতি৷ আজি ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰা তৰুণ গগৈয়ে কয়, ‘হু ইজ বদৰুদ্দিন আজমল বুলি আজি মই নকওঁ৷
কিয়নো তেওঁ এতিয়া সাংসদ, লগত আছে ১২জন বিধায়ক৷’ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত মিত্রতা সন্দর্ভত সাংবাদিকে কৰা প্রশ্ন কৌশলেৰে এৰাই চলিব বিচৰা তৰুণ গগৈৰ এই মন্তব্যই তাৎপর্য বহন কৰিছে৷ এতিয়ালৈ মিত্রতা সন্দর্ভত দল দুটাৰ মাজত কোনো আলোচনা হোৱা নাই বুলি দাবী কৰে প্রাক্তন মুখ্যমন্ত্রীজনে৷
সংবাদমেলত বিজেপি-অগপৰ মিত্রতাক সমালোচনা কৰি গগৈয়ে কয় যে বিজেপিয়ে আগন্তুক লোক সভাৰ নির্বাচনত পৰাজিত হোৱাৰ ভয়ত অগপৰ সৈতে মিত্রতা কৰিছে৷ আৰ এছ এছৰ নির্দেশত বিজেপিয়ে অগপক ধবংস কৰিব বিচাৰিছে৷ ‘বিজেপি আৰু অগপ দুয়োটাই লাহে লাহে ধবংস হ’ব৷ ক্ষমতাৰ বাবে অগপই দলৰ আদর্শ পাহৰি অসমীয়া জাতিক প্রতাৰণা কৰিলে৷’ – সংবাদমেলত এইদৰে কয় তৰুণ গগৈয়ে৷
প্রাক্তন মুখ্যমন্ত্রীজনে লগতে কয় যে বিজেপিয়ে ৰাজ্যত ব্যাপক ছিণ্ডিকেটৰাজ চলাইছে৷ ‘বিজেপিয়ে পদুম ফুলৰ মাজত এতিয়া টকা লুকাই ৰাখে৷ পদুম ফুল দেখিবলৈহে শুৱনি৷ শিল, বালি, কয়লা সকলোতে ছিণ্ডিকেট চলি আছে৷ মন্ত্রী হিমন্ত বিশ্ব শর্মা ছিণ্ডিকেটত জড়িত আছে৷’ –এইবুলি অভিযোগ কৰে প্রাক্তন মুখ্যমন্ত্রীজনে৷