Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:08 am

Home » আঞ্চলিক » কোকৰাঝাৰত উর্খাও গৌৰা, মঙলদৈত প্রদীপ কুমাৰ দৈমাৰী ইউ পি পিৰ প্রার্থী

কোকৰাঝাৰত উর্খাও গৌৰা, মঙলদৈত প্রদীপ কুমাৰ দৈমাৰী ইউ পি পিৰ প্রার্থী

গুৱাহাটী : লোক সভাৰ আগন্তুক নির্বাচনত বড়োলেণ্ডৰ দীর্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধানক মূল ইছু্য হিচাপে লৈ বি টি চিৰ প্রধান বিৰোধী দল ইউনাইটেড পীপ৲লছ পার্টি লিবাৰেল চমুকৈ ইউ পি পি এলে প্রতিদ্বন্দ্বিতা কৰিবলৈ লোৱা দুটা সমষ্টিৰ প্রার্থীৰ নাম আজি ঘোষণা কৰে৷
চিৰাং জিলা সদৰৰ কাজলগাঁৱত আজি অনুষ্ঠিত হোৱা দলটোৰ নীতি-নির্ধাৰণ কমিটীৰ গুৰুত্বপূর্ণ সভাত দলে ৫নং কোকৰাঝাৰ (অনুসূচিত জনজাতি) আৰু ৮নং মঙলদৈ সমষ্টিত দলীয় প্রার্থী থিয় কৰোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ উক্ত সভাতেই সমষ্টি দুটাৰ বাবে প্রার্থী দুগৰাকীও সর্বসন্মতিক্রমে নির্বাচন কৰা হয়৷ দলীয় সভাৰ পাছতে চিৰাং জিলাৰ ঢালিগাঁওস্থিত মুন হোটেলত এক সংবাদমেলৰ আয়োজন কৰি ইউ পি পি এলৰ শীর্ষ নেতৃত্বই দুয়োটা সমষ্টিৰ বাবে প্রার্থী দুগৰাকীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷
দলটোৱে ৫নং কোকৰাঝাৰ (জনজাতি) লোক সভা সমষ্টিত ৰাজ্য সভাৰ প্রাক্তন সাংসদ তথা দলটোৰ কেন্দ্রীয় সভাপতি উর্খাও গৌৰা ব্রহ্ম আৰু ৮নং মঙলদৈ লোক সভা সমষ্টিৰ বাবে দলটোৰ প্রতিষ্ঠাপক সম্পাদক প্রদীপ কুমাৰ দৈমাৰীক প্রক্ষেপ কৰা বুলি সংবাদমেলত সদৰী কৰে৷ দীর্ঘদিনীয়া বড়োলেণ্ডৰ সমস্যাৰ সকলো জনগোষ্ঠীৰ মনঃপুত হোৱাকৈ সন্তোষজনক সমাধানক মূল ইছু্য হিচাপে লৈ লোক সভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বুলি মন্তব্য কৰি কোকৰাঝাৰৰ মনোনীত প্রার্থী উর্খাও গৌৰাই সংবাদমেলত কয় যে শৈক্ষিক, অর্থনৈতিক, যাতায়াত-যোগাযোগ তথা স্বাস্থ্য সম্পর্কীয় বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত বি টি এ ডি অঞ্চল৷
এই জ্বলন্ত সমস্যাসমূহৰ সমাধান দলটোৱে নির্বাচনী অন্যান্য ইছু্য হিচাপে লোৱা বুলি প্রকাশ কৰে৷ আনহাতে উন্নয়নৰ নামত হাগ্রামা মহিলাৰী-নেতৃত্বাধীন বি পি এফ দলে দুর্নীতিৰ পোহাৰ মেলিছে আৰু ইউ পি পি এল দলে জন্মলগ্নৰে পৰা দুর্নীতিৰ বিৰুদ্ধে মাত মাতি অহা বুলি মন্তব্য কৰে কোকৰাঝাৰৰ মনোনীত প্রার্থীগৰাকীয়ে৷ কোনো নতুন ইছু্য নোহোৱাকৈয়ে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা বি পি এফ আৰু নৱ কুমাৰ শৰণীয়া দলৰ প্রধান প্রতিদ্বন্দ্বী হ’ব বুলি উর্খাও গৌৰা ব্রহ্মই সংবাদমেলত সদৰী কৰে৷
পৃথক বড়োলেণ্ড গঠন তথা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পর্কত হাগ্রামা মহিলাৰীয়ে সুবিধাজনক স্থিতি লোৱা বুলি ব্রহ্মই তাৎপর্যপূর্ণভাৱে মন্তব্য কৰে৷ আজিৰ সংবাদমেলত ইউ পি পি এলৰ এম চি এল এ ৰণগৌৰা নার্ৰী, নির্মল কুমাৰ ব্রহ্ম, মাওতী ব্রহ্ম হাজোৱাৰী আৰু গণেশ্বৰ গয়াৰী উপস্থিত থাকে৷
লখিমপুৰ লোক সভা সমষ্টিত অসম দৃষ্টি পার্টিৰ প্রার্থী প্রাক্তন বিধায়ক দিলীপ মৰাণ: ডুমডুমাৰ নিজা বাতৰি দিওঁতাই জনাইছে যে ১৬ জানুৱাৰী ২০১৭ চনত অসমৰ খিলঞ্জীয়া মানুহৰ স্বার্থত নতুনকৈ গঠিত হোৱা ‘অসম দৃষ্টি পার্টি’ নামৰ ৰাজনৈতিক দলটোৱে আগন্তুক লোক সভাৰ নির্বাচনৰ বাবে ১৪ নং লখিমপুৰ লোক সভা সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰিছে৷
সমষ্টিটোত যোৱা উপ-নির্বাচনত বিজেপিৰ পৰা টিকট নাপাই নির্দলীয় ৰূপে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপিৰ প্রাক্তন বিধায়ক দিলীপ মৰাণে এইবাৰ অসম দৃষ্টি পার্টিৰ হৈ নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ৰাজহুৱা কৰিছে৷ উল্লেখযোগ্য যে ২০১৮ চনৰ ডিচেম্বৰ মাহত দেশৰ নির্বাচন আয়োগে অসম দৃষ্টি পার্টিৰ প্রতীক চিহু ‘অট’ৰিক্সা’ অনুমোদন জনোৱাৰ পাছতে অসমৰ ১৪টা লোক সভা সমষ্টিত প্রার্থিত্ব প্রদান কৰাৰ কথা ঘোষণা কৰিছিল পার্টিৰ অধ্যক্ষ দিলীপ মৰাণে৷ ইয়াৰ পাছতে ৰাজনৈতিক দলটোৱে লখিমপুৰ লোক সভা সমষ্টিৰ বাবে প্রার্থীৰ নাম প্রকাশ কৰিছে৷
উল্লেখযোগ্য যে যোৱা লোক সভাৰ নির্বাচনত নির্দলীয় প্রার্থী ৰূপে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা মৰাণে ৪২,৬৬৭টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল৷ অগপ-বিজেপিৰ মিত্রতা হোৱাৰ পাছত কংগ্রেছ আৰু বিজেপিৰ মাজত সমষ্টিটোত তীব্র প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা থকাৰ সময়তে বিজেপিৰ প্রাক্তন বিধায়কজনে কি ভূমিকা পালন কৰিব সেয়া সময়তহে প্রতিফলিত হ’ব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি