লোক সভাৰ নির্বাচনত অসমৰ নতুন প্রজন্মৰ ভোটাৰে নির্ণয় কৰিব প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা প্রার্থীৰ ভাগ্য৷ কাৰণ ৰাজ্যত বৃদ্ধি হৈছে নতুন ভোটাৰৰ সংখ্যা৷ যাৰ ফলত লোক সভাৰ নির্বাচনত অসমৰ ১৪টা সমষ্টিৰ প্রার্থীৰ জয়-পৰাজয়ত নির্ণায়কৰ ভূমিকা ল’ব ১৮ বছৰৰ পৰা ৩৯ বছৰৰ ভিতৰত থকা প্রায় ১.২০ কোটি ভোটাৰে৷

নতুন প্রজন্ম আৰু উচচ শিক্ষা গ্রহণ কৰি থকা শিক্ষার্থী ভোটাৰক আকর্ষিত কৰিবলৈ ৰাজ্য চৰকাৰে নতুন বিত্তীয় বর্ষৰ বাবে দাখিল কৰা বাজেটত বিভিন্ন অভিলাষী আঁচনি গ্রহণ কৰিছিল৷ যুৱ প্রজন্ম তথা উচচ শিক্ষা গ্রহণ কৰি থকা ভোটাৰক আকর্ষিত কৰাৰ প্রচেষ্টা চলালেও পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত সংঘটিত হোৱা বৃহৎ নিযুক্তি কেলেংকাৰিয়ে ৰাজ্য চৰকাৰৰ প্রচেষ্টাক বুমেৰাঙতহে পৰিণত কৰিব নেকি বুলিও প্রশ্ন উঠিছে৷
উল্লেখযোগ্য যে স্বচছতাৰ শ্ল’গান দি দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্রহণ কৰা সর্বানন্দ সোণোৱাল-নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ শাসনত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত হোৱা নিযুক্তি কেলেংকাৰিৰ তথ্য ফাদিল হোৱাৰ পাছত চাকৰি পাবলৈ পৰীক্ষাত অৱতীর্ণ হোৱা ১.২৯ লাখ নিবনুৱা তথা যুৱ প্রজন্মৰ ভোটাৰৰ মনত ক্ষোভৰ উদয় হৈছে৷ অসমত এইবাৰ লোক সভা নির্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা হ’ল ২,১৭,৬০,৬০৪ গৰাকী অর্থাৎ প্রায় ২.১৭ কোটি৷
ইয়াৰ ভিতৰত এইবাৰ নতুনকৈ ভোটাধিকাৰ লাভ কৰিছে ৭,০৬,৪৮৯গৰাকীয়ে,তেনেদৰে ২০ বছৰ বয়সৰ পৰা ২৯ বছৰৰ বয়সৰ ভোটাৰৰ সংখ্যা ৫৭,০৮,৬৮৮ গৰাকী, ৩০ বছৰ বয়সৰ পৰা ৩৯ বছৰ বয়সলৈ থকা ভোটাৰৰ সংখ্যা ৫৬,৬৯,৫২৫গৰাকী৷ ৰাজ্যত থকা মুঠ প্রায় ২.১৭ কোটি ভোটাৰৰ ভিতৰত ৩৯ বছৰৰ বয়সলৈ থকা যুৱ প্রজন্মৰ ভোটাৰৰ সংখ্যা হ’ল ১,২০,৮৪,৭০২গৰাকী অর্থাৎ প্রায় ১.২০ কোটি৷ ৰাজ্যত ৪০ বছৰৰ ওপৰৰ ভোটাৰৰ সংখ্যা হ’ল ৮৬,৭৯,৯০২জন অর্থাৎ প্রায় ৮৬.৭৯ লাখ৷
অসমৰ ১৪টা লোক সভা সমষ্টিত যিহেতু ৩৯ বছৰ পর্যন্ত যুৱ প্রজন্ম ভোটাৰৰ সংখ্যাই অধিক সেয়েহে নৱ প্রজন্মৰ এইসকল ভোটাৰে প্রার্থীৰ জয়-পৰাজয়ত নির্ণায়কৰ ভূমিকা যে গ্রহণ কৰিব সেই কথা নিশ্চিত৷ ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিয়ে যুৱ প্রজন্মক আকর্ষিত কৰিব নে পঞ্চায়ত আৰু গ্রমোন্নয়ন বিভাগৰ বৃহৎ নিযুক্তি কেলেংকাৰিত মন্ত্রী-বিধায়কৰ পৰা আৰম্ভ কৰি দলীয় নেতা- পালিনেতাৰ দুর্নীতিয়ে যুৱ প্রজন্মক হাতাশ কৰিব তাৰ ওপৰতে নির্ভৰ কৰিব প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা প্রার্থীৰ জয়-পৰাজয় ৷
কাৰণ ৰাজ্যৰ প্রায় ২.১৭ কোটি ভোটাৰৰ ভিতৰত নৱ প্রজন্ম, নিবনুৱা তথা উচচ শিক্ষা গ্রহণ কৰি থকা ভোটাৰৰ সংখ্যাই অধিক অর্থাৎ প্রায় ১.২০ কোটি৷ অসমত তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া নির্বাচনত পুৰুষ ভোটাৰৰ সংখ্যা ১,১১,৩২,৭৮২গৰাকী, মহিলা ভোটাৰৰ সংখ্যা হ’ল ১,০৬,২৭,৮২২ গৰাকী৷