Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:32 am

Home » আঞ্চলিক » প্রার্থিত্ব কেন্দ্রিক সংঘাতত জর্জৰিত প্রদেশ কংগ্রেছ

প্রার্থিত্ব কেন্দ্রিক সংঘাতত জর্জৰিত প্রদেশ কংগ্রেছ

গুৱীহাটী : প্রার্থিত্বকেন্দ্রিক সংঘাতত জর্জৰিত হৈ পৰিছে প্রধান বিৰোধী দল কংগ্রেছ৷ নির্বাচনৰ দিন ঘোষিত হোৱাৰ পাছতো দলটোৱে এতিয়ালৈকে কেইবাটাও সমষ্টিৰ বাবে প্রার্থী আজিও থিৰাং কৰিব পৰা নাই৷ প্রার্থিত্ব প্রদানক লৈ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰা, অসমৰ পর্যবেক্ষকৰ দায়িত্বত থকা হৰিশ ৰাৱট আৰু বিধায়নী দলৰ নেতা দেৱব্রত শইকীয়া বহুবাৰ বৈঠকত মিলিত হৈছে যদিও তেওঁলোকে কেইবাটাও সমষ্টিৰ ক্ষেত্রত দেখা দিয়া জটিলতা দূৰ কৰিব পৰা নাই৷
আনহাতে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়েও তেওঁৰ পচন্দৰ লোকক প্রার্থিত্ব প্রদানৰ বাবে হাইকমাণ্ডক হেঁচা প্রদান কৰিছে, যাক লৈও সৃষ্টি হৈছে আন এক সমস্যাৰ৷ দলীয় সূত্রই প্রকাশ কৰা অনুসৰি এই মূহূর্তলৈকে মাত্র কলিয়াবৰ আৰু শিলচৰ সমষ্টিৰ বাহিৰে আন কোনো এটা সমষ্টিৰ বাবে চূড়ান্ত তালিকা প্রস্তুত হোৱা নাই৷ শিলচৰ আৰু কলিয়াবৰ সমষ্টিত বর্তমানৰ সাংসদ গৌৰৱ গগৈ আৰু সুস্মিতা দেবকে প্রার্থিত্ব প্রদান কৰা হ’ব৷ আনহাতে ডিফু সমষ্টিৰ বর্তমানৰ সাংসদ বীৰেনছিং ইংতিক পুনৰ প্রার্থিত্ব প্রদানৰ সম্পর্কত সিদ্ধান্ত ল’ব হাইকমাণ্ডে৷
যদিহে বীৰেনছিং ইংতিক প্রার্থিত্ব প্রদান কৰা নহয় তেনেহ’লে উক্ত সমষ্টিটোত খৰছিং ইংতিয়ে প্রার্থিত্ব লাভ কৰিব৷ পিছে দলীয় সূ৲ত্রৰ মতে, সাংসদ ইংতিয়ে তেওঁক যদি প্রার্থিত্ব নিদিয়ে তেনেহ’লে তেওঁৰ পুত্র প্রাক্তন বিধায়ক ক্লেংডু ইংতিকে টিকট প্রদানৰ বাবে হাইকমাণ্ডক হেঁচা প্রদান কৰিছে৷ এই ক্ষেত্রত প্রাক্তন মুখ্যমন্ত্রী গগৈয়েও সমর্থন আগবঢ়াইছে৷ এই তিনিটা সমষ্টিৰ বাহিৰে আন প্রতিটো সমষ্টিৰ ক্ষেত্রতেই দেখা দিছে সমস্যাই৷
যোৰহাট সমষ্টিৰ ক্ষেত্রত প্রাক্তন কেন্দ্রীয় মন্ত্রী বিজয় কৃষ্ণ সন্দিকৈৰ কন্যা গায়ত্রী সন্দিকৈ আৰু প্রাক্তন বিধায়ক সুশান্ত বৰগোহাঁইৰ নাম চর্ত আছে৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে গায়ত্রী সন্দিকৈক প্রার্থিত্ব প্রদানৰ পোষকতা কৰিছে যদিও দলৰ আন আন শীর্ষ নেতাসকলে সুশান্ত বৰগোহঁাইক প্রার্থিত্ব দিব বিচাৰিছে৷ কিন্তু প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰা আৰু বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই সুশান্ত বৰগোহঁাইৰ পক্ষত থিয় দিছে৷ এনে পৰিস্থিতিত শেষত যোৰহাট সমষ্টিত কোনে প্রার্থিত্ব লাভ কৰে সেয়া হ’ব লক্ষণীয়৷ আনহাতে গুৱাহাটী সমষ্টিৰ ক্ষেত্রতো দেখা দিছে জটিলতাই৷
সমষ্টিটোৰ বাবে যিকেইজন লোকে আৱেদন কৰিছে উক্ত লোকসকলৰ মাজত এজনকো প্রার্থিত্ব প্রদান কৰিব খোজা নাই দলৰ শীর্ষ নেতাসকলে৷ সেয়েহে তেওঁলোকে সমষ্টিটোৰ বাবে আৱেদন নকৰা আন কোনো লোককে প্রার্থিত্ব প্রদান কৰাৰ বাবে চিন্তা-চর্চা কৰিছে৷ প্রথমে তেওঁলোকে বর্তমানৰ সাংসদ ভুবনেশ্বৰ কলিতাক প্রার্থিত্ব প্রদান কৰাৰ কথা ভাবিছিল যদিও কলিতাই মঙলদৈ সমষ্টিৰ প্রতিহে অধিক আগ্রহী বুলি জানিবলৈ দিছে৷ যাৰ বাবে এতিয়া তেওঁলোকে প্রাক্তন মন্ত্রী অজন্তা নেওগকে সমষ্টিটোৰ প্রার্থী হিচাপে থিয় কৰোৱাৰ কথা ভাবিছে৷ কিন্তু সমস্যা হৈছে অজন্তা নেওগেও এতিয়ালৈকে এই ক্ষেত্রত সন্মতি প্রদান কৰা নাই৷ এনে পৰিস্থিতিত গুৱাহাটী সমষ্টিক লৈ মহা বিপদত পৰিছে কংগ্রেছ৷ একেধৰণৰ সমস্যা হৈছে তেজপুৰক লৈও
৷ উক্ত সমষ্টিটোৰ বাবে এম জি কে ভানু আৰু শান্তিয়াছ কুজুৰৰ নাম চর্চালৈ আহিছে যদিও তেওঁলোকক টিকট দিলে সমষ্টিটো কংগ্রেছে হেৰুৱাব বুলি স্পষ্ট কৰি দিছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ আৰু বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই৷ এনে অৱস্থাত উপযুক্ত লোক বিচাৰি নাপাই এতিয়া প্রার্থিত্বৰ বাবে আৱেদন নকৰা টংক বাহাদুৰ ৰায়কে প্রার্থিত্ব প্রদানৰ কথা ভাবিছে দলটোৱে৷ কিন্তু বিজেপিৰ প্রার্থী হিচাপে যদি মন্ত্রী হিমন্ত বিশ্ব শর্মাই তেজপুৰত প্রতিদ্বন্দ্বিতা কৰে তেনেহ’লে টংক বাহাদুৰৰ পৰিৱর্তে দলে আন কোনো এজন শক্তিশালী নেতাক টিকট প্রদান কৰিবও পাৰে৷ কিয়নো ৰিপুন বৰাৰ গৃহ সমষ্টি তেজপুৰৰ লগত বৰাৰ মান-সন্মানৰ কথাও জড়িত হৈ আছে৷
ইফালে নগাঁও সমষ্টিৰ বাবে তালিকাৰ প্রথমতেই আছে প্রাক্তন মন্ত্রী প্রদ্যুৎ বৰদলৈ, দুর্লভ চমুৱাৰ নাম৷ বৰদলৈকে নগাঁৱৰ প্রার্থিত্ব প্রদান কৰাৰ ক্ষেত্রত দলৰে একাংশই বিৰোধিতা কৰিছে যদিও বৰদলৈক প্রার্থিত্ব দিয়াটো হাইকমাণ্ডে বিচাৰিছে৷ গতিকে নগাঁও সমষ্টিত প্রদ্যুৎ বৰদলৈয়ে প্রার্থিত্ব লাভ কৰাটো একপ্রকাৰ নিশ্চিত৷ ডিব্রুগড় সমষ্টিৰ বাবে পৱন সিং ঘাটোৱাৰ আৰু মনোজ ধানোৱাৰৰ নাম চর্চালৈ আহিছে যদিও শেষত প্রাক্তন মন্ত্রী ঘাটোৱাৰেই প্রার্থিত্ব লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ আনহাতে লখিমপুৰ সমষ্টিৰ বাবে ডাঃ জয়প্রকাশ দাস, যোগেশ চন্দ্র পেগু, কৰিমগঞ্জ সমষ্টিৰ বাবে প্রাক্তন সাংসদ ললিত মোহন শুক্লবৈদ্য, আশোক বৈদ্য, মঙলদৈ সমষ্টিৰ বাবে ড০ জয়নাথ শর্মা, দ্বিজেন শর্মাৰ নাম অন্তর্ুক্ত হৈছে৷
মঙলদৈ সমষ্টিৰ বাবে আৱেদন নকৰা সত্ত্বেও শেহতীয়াকৈ সাংসদ ভুবনেশ্বৰ কলিতাৰো নাম চর্চালৈ আহিছে৷ প্রকৃততে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কলিতাক টিকট প্রদানৰ পোষকতা কৰিছে৷ ইফালে বৰপেটা সমষ্টিৰ বাবে জনীয়াৰ বিধায়ক আব্দুল খালেক, ছেৰমান অলী আহমেদ, ধুবুৰী সমষ্টিৰ বাবে বিধায়ক ৱাজেদ আলী চৌধুৰী, প্রাক্তন মন্ত্রী মহিবুল হকৰ নাম, কোকৰাঝাৰ সমষ্টিৰ বাবে শব্দ ৰাভা, দুর্গা প্রসাদ বড়োৰ নাম উচচাৰণ হৈছে৷ ইফালে ধুবুৰী বা বৰপেটাত এজন বিধায়কক প্রার্থিত্ব প্রদান কৰা হ’ব বুলি ইতিমধ্যে হৰিশ ৰাৱটে ঘোষণা কৰিছে৷
এনে পৰিস্থিতিত বৰপেটা সমষ্টিত বর্তমানৰ বিধায়ক আব্দুল খালেক, ছেৰমান আলী আহমেদে প্রার্থিত্ব লাভ কৰিব পাৰে৷ অথবা ধুবুৰীত বিধায়ক ৱাজেদ আলী চৌধুৰীয়েও প্রার্থিত্ব লাভ কৰিব পাৰে৷ জানিব পৰা মতে, কাইলৈ পুনৰ কংগ্রেছৰ কেন্দ্রীয় নির্বাচনী কমিটীৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও উক্ত বৈঠকখন বাতিল কৰা হৈছে৷ এনে পৰিস্থিতিত পৰহিলৈ অনুষ্ঠিত হ’বলগীয়া কেন্দ্রীয় নির্বাচন কমিটীৰ বৈঠক অসমৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ হৈ পৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি