Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:04 am

Home » আঞ্চলিক » নির্বাচনত বিজেপিক উৎখাতৰ আহবান

নির্বাচনত বিজেপিক উৎখাতৰ আহবান

গুৱাহাটী : নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ জৰিয়তে অসমক সংকটৰ মুখলৈ ঠেলি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আজি বিজেপিক উৎখাত কৰিবৰ বাবে আহবান জনোৱা হ’ল গুৱাহাটীত৷ নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ উদ্যোগত আজি মহানগৰীৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত এখন ৰাজ্যিক অভিৱর্তনত অসম আৰু ভাৰতক বচাবৰ বাবে সমাগত লোক সভাৰ নির্বাচনত বিজেপিক উৎখাত কৰিবৰ বাবে ৰাজ্যৰ জনসাধাৰণক আহবান জনোৱা হয়৷
বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ অধ্যক্ষতাত অনুষ্ঠিত অভিৱর্তনত বিজেপি আৰু আৰ এছ এছে এটাৰ পাছত এটাকৈ ক্ষতিকৰ সিদ্ধান্ত লৈ জনসাধাৰণৰ জীৱন আৰু জীৱিকালৈ তীব্র সংকট কঢ়িয়াই অনাৰ লগতে জনতাক বাকৰুদ্ধ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰি সমাগত লোক সভা নির্বাচনত এই অপশক্তিক বিদায় দি জনসাধাৰণে নিজৰ সাংবিধানিক অধিকাৰ, সামাজিক ন্যায়ৰ ভাৰসা, জীৱন-জীৱিকাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহবান জনায়৷
বিজেপি চৰকাৰে জনতাৰ প্রতিবাদ প্রতিৰোধ কৰিবৰ বাবে আৰু তেওঁলোকৰ বিবেক নিস্তব্ধ কৰিবৰ বাবে আইনৰ চূড়ান্ত অপপ্রয়োগ কৰাৰ লগতে জনতাৰ মত প্রকাশৰ স্বাধীনতা আৰু চিন্তাৰ স্বাধীনতা ৰুদ্ধ কৰাৰ চেষ্টা কৰা বুলিও অভিৱর্তনে অভিযোগ কৰে আৰু বিজেপিৰ অপপ্রচাৰত ভোল নগৈ আগন্তুক নির্বাচনত বিজেপিৰ মাৰাত্মক অভিযান পৰাস্ত কৰিবৰ বাবে জনসাধাৰণক সজাগ সংগ্রামী ভূমিকা ল’বলৈয়ো অভিৱর্তনে ৰাইজক সকীয়াই দিয়ে৷
আনহাতে সমাগত নির্বাচনত অনর্থক বাদ-বিসম্বাদেৰে বিজেপি বিৰোধী ভোটৰ বিভাজন কৰি বিজেপিক শক্তিশালী নকৰিবৰ বাবেও সকলোকে আহবান জনায়৷ ইফালে আজি অনুষ্ঠিত অভিৱর্তনৰ উদ্দেশ্য সফল কৰি তুলিবৰ বাবে ‘অসম বচাওক, ভাৰত বচাওক’ শীর্ষক এখন সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ এই সমিতিয়ে অভিৱর্তনৰ সিদ্ধান্তবোৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিব৷ আনহাতে এই সমিতিয়ে বিজেপি চৰকাৰৰ বিভিন্ন দুষ্কৃতি, ভণ্ডামি, মিথ্যাচাৰ উদঙাই দি এখন ৰাজহুৱা অভিযোগনামা এই সমিতিয়ে প্রকাশ কৰিব৷ অভিযোগনামা প্রস্তুত কৰিবৰ বাবে বিশিষ্ট অর্থনীতিবিদ অনন্ত কলিতা, সমাজকর্মী শৰৎ দাসক দায়িত্ব অর্পণ কৰা হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি