গুৱাহাটী : পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত ব্যাপক অনিয়মৰ মাজেৰে শেহতীয়াকৈ দিয়া নিযুক্তিত চাকৰি লাভ কৰা বহু প্রার্থীয়ে নিজ নিজ কর্তব্যত যোগ দিয়া নাই৷ লোক সেৱা আয়োগৰ ৰাকেশ পাল বাহিনীৰ জৰিয়তে ধনৰ বিনিময়ত চাকৰি লাভ কৰা ৰাজপত্রিত বিষয়াৰ পৰৱর্তী পর্যায়ত হোৱা দুর্গতিৰ দৰে একে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱাৰ আতংকতে নিযুক্তি পত্র লাভ কৰা বহু প্রার্থীয়ে আজিও চাকৰিত যোগ নিদিয়াৰ তথ্য পোৱা গৈছে৷

উল্লেখযোগ্য যে বিগত বর্ষৰ মে’ মাহত অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফল বিগত ৬ মার্চৰ নিশা ঘোষণা কৰা হৈছিল৷ কিন্তু লক্ষণীয়ভাৱে পুলিচ ভেৰিফিকেশ্যন অবিহনেই ৭ মার্চৰ পুৱা নিযুক্তি লাভ কৰা প্রার্থীসকলৰ কোনে কোন স্থানত যোগ দিব লাগিব তাৰ ঘোষণা কৰা হৈছিল৷ নীতি-বহির্ভূতভাৱে বিভাগটোৰ মুঠ ৯৪৫টা পদত নিযুক্তি দিয়াৰ পাছতে ৰাজ্যজুৰি প্রতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷
৮ মার্চত কৃষক নেতা অখিল গগৈয়ে সংবাদমেল অনুষ্ঠিত কৰি বিভাগটোৰ নিযুক্তিত হোৱা অনিয়মৰ তথ্য ফাদিল কৰাৰ লগতে কোন কোন বিজেপি নেতাৰ আত্মীয়ই চাকৰি লাভ কৰিলে তাৰ তথ্যও ৰাজহুৱা কৰে৷ তাৰ পাছতে ৰাজ্যজুৰি এই চাকৰি কেলেংকাৰিৰ বিৰুদ্ধে বঞ্চিত প্রার্থীৰ ক্ষোভৰ উদ৲গিৰণ ঘটে৷ ইয়াৰ মাজতে বহু প্রার্থীয়ে নিজ নিজ স্থানত চাকৰিত যোগ দিয়ে যদিও অধিকাংশ প্রার্থীয়ে আজিও চাকৰিত যোগ নিদিয়াৰ তথ্য পোৱা গৈছে৷ চাকৰিত যোগ দিয়াৰ পাছত অনিয়মৰ তদন্ত হ’লে গ্রেপ্তাৰৰ আতংকতে তেওঁলোকে চাকৰিত যোগ নিদিয়া বুলি জানিব পৰা গৈছে৷
ইফালে কৃষক নেতা অখিল গগৈৰ নেতৃত্বত আজিও পঞ্চায়ত আৰু গ্রমোন্নয়ন বিভাগৰ পাঞ্জাবাৰীস্থিত মুখ্য কার্যালয় ঘেৰাও কৰা হয়৷ আনহাতে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদেও ৰাজ্যজুৰি পঞ্চায়তৰ চাকৰি কেলেংকাৰিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷ আজি কৃষক নেতা অখিল গগৈৰ নেতৃত্বত কেইবা শতাধিক প্রতিবাদীয়ে মন্ত্রী নৱ দলেৰ বিভাগটোৰ মুখ্য কার্যালয় ঘেৰাও কৰে৷ প্রতিবাদত বহু বঞ্চিত প্রার্থীয়েও অংশ গ্রহণ কৰে৷
তেওঁ আজি সেই স্থানত প্রতিবাদ কৰাৰ কথা ৰাজহুৱা হোৱাৰ বাবে পুৱাৰপৰা কার্যালয়টোৰ সন্মুখত নিৰাপত্তাৰক্ষীৰ ভিৰ লাগে৷ কিন্তু তাৰ পাছতো প্রতিবাদকাৰীসকলে আগবেলা কার্যালয়টো ঘেৰাও কৰে৷ অখিল গগৈকে ধৰি বঞ্চিত প্রার্থীসকলে ইতিমধ্যে দিয়া নিযুক্তি বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ উপৰি সমগ্র কেলেংকাৰিৰ চি বি আই তদন্ত দাবী কৰে৷ ইয়াৰ উপৰি মন্ত্রী নৱ দলেৰ অপসাৰণ আৰু মুখ্যমন্ত্রীয়ে ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবীও কৰে প্রতিবাদকাৰীসকলে৷
আনহাতে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে আজি ৰাজ্যজুৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত সংঘটিত চাকৰি কেলেংকাৰিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৱে ৰাজ্যজুৰি মন্ত্রী নৱ দলেৰ প্রতিমূর্তি দাহ কৰে৷ সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে দুর্নীতিৰে দিয়া নিযুক্তি বাতিল কৰাৰ দাবী কৰি ইয়াৰ অন্যথা নিযুক্তি লাভ কৰাসকলক নিজ নিজ স্থানত যোগ দিয়াত বাধা আৰোপ কৰাৰ হুংকাৰ দিয়ে৷
ৰাজনীতিকৰ আত্মীয়ক আৰু লাখ লাখ টকা লৈ যোগ্যতাহীন লোকক চাকৰি দিয়া কার্যত তেওঁ তীব্র প্রতিক্রিয়া প্রকাশ কৰি দুর্নীতিমুক্ত বুলি দাবী কৰা চৰকাৰেই অনিয়ম কৰি মেধাসম্পন্ন ৰাজ্যৰ শ শ যোগ্য নিবনুৱাক বঞ্চিত কৰাৰ অভিযোগ কৰে৷ চৰকাৰে ইমানদিনে আওৰাই অহা শূন্য সহনশীল নীতিও প্রহসনহে আছিল বুলি তেওঁ সমালোচনা কৰে৷