মুছলমানক বিভাজিত কৰাৰ নিকৃষ্ট ৰাজনীতিৰ অভিযােগ
গুৱাহাটী : লােকসভা নির্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত চলিছে ব্যাপক তৎপৰতা। নির্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে এইবাৰ একমাত্ৰ ৰাজনৈতিক স্বার্থ সিদ্ধিৰ বাবে মুছলমান সমাজক ভাগ ভাগ কৰাৰ নিকৃষ্ট ৰাজনীতিত নামি পৰিছে অসম সংখ্যালঘু উন্নয়ন বােৰ্ডৰ অধ্যক্ষ মুমিনুল আৱাল। নির্বাচন পূর্বে মুছলমানৰ মাজত বিভাজন আনি কেইটামান জনগােষ্ঠীক চৰকাৰী সাহায্য প্রদান কৰাৰ ললিপপ দিয়া বিষয়টোৱে এতিয়া ব্যাপক চর্চা লাভ কৰিছে।
মুমিনুলৰ এনে কাণ্ডক সকলােৱে একমুখে ধিক্কাৰ দিয়াই নহয়, ভাৰতীয় সংবিধান অনুচ্ছেদ অৱমাননা কৰাৰ লগতে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়ােগৰ ১৯৯২ৰ ধাৰা ২(চি) সম্পূৰ্ণৰূপে উলংঘা কৰাৰ অভিযােগ উত্থাপন হৈছে। উল্লেখ্য যে যােৱা ৯ মাৰ্চৰ্ত সংখ্যালঘু উন্নয়ন বাের্ড অধ্যক্ষ মুমিনুল আৱালে এক বিজ্ঞাপন প্রকাশ কৰিছিল। বিজ্ঞাপনটোত এইবুলিও উল্লেখ কৰিছে যে অসম সংখ্যালঘু উন্নয়ন বাের্ডে অসমত গৰিয়া, মৰিয়া, দেশী (উজনি), জলহা, মাইমাল আৰু চৈয়দ জনগােষ্ঠীৰ নিবনুৱা যুৱক-যুৱতীৰ আত্মসংস্থাপনৰ বাবে বাণিজ্যিক বাহন, ফটোষ্টেট মেচিন, চিলাই মেচিন, কম্পিউটাৰ আৰু প্ৰিণ্টাৰ প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে আৰু ৮ এপ্রিলৰ ভিতৰত অহর্তাসম্পন্ন প্রার্থী আবেদন দাখিল কৰাৰ আহ্বান জনাইছে।
অতি পৰিতাপৰ বিষয় যে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়ােগ আইন-১৯৯২ৰ ধাৰা ২(চি) মতে ভাৰতবৰ্ষত সংখ্যালঘু হিচাপে পাঁচটা জনগােষ্ঠীক স্বীকৃতি প্রদান কৰা হৈছে। ইয়াৰ ভিতৰত মুছলিম, শিখ, খ্রীষ্টান, বৌদ্ধ আৰু পাৰ্চিৰ্ক সংখ্যালঘু মর্যাদা প্রদান কৰা হৈছে। অর্থাৎ সংখ্যালঘু বুলিলে এই পাঁচটা জাতি-জনগােষ্ঠীক বুজোৱা হয়। তেনেস্থলত মুমিনুল আরালে সংখ্যালঘু উন্নয়ন বাের্ডৰ অধীনত মুছলমানৰ মাজত ভাগ ভাগ কৰি কেৱল গৰিয়া-মৰিয়া, দেশী, জলহা, মাইমাল আৰু চৈয়দ জনগােষ্ঠীৰ নিবনুৱা যুৱক-যুৱতীক কর্মসংস্থাপনৰ বাবে সামগ্রী প্রদানৰ ঘােষণাটোৱে ভাৰতীয় সংবিধানক অৱমাননা কৰিছে বুলি অভিযােগ উঠিছে।
সংখ্যালঘুৰ অধীনত আন জনগােষ্ঠীক বঞ্চিত কৰি মুছলমানৰ মাজত ভাগ ভাগ কৰি এনেদৰে চৰকাৰী বিজ্ঞাপন প্রকাশ কৰাটোক সকলােৱে একমুখে ধিক্কাৰ দিছে। এনে ঘটনা স্বৰাজোত্তৰ কালৰ পিছত এয়া প্রথম বুলি উল্লেখ কৰি একাংশই মুকলিভারে অভিযােগ কৰি কয় যে সংখ্যালঘু উন্নয়ন বাের্ড অধীনত দীর্ঘদিন ধৰি ৰূপায়ণ হৈ অহা আঁচনিসমূহত পাঁচটা সম্প্রদায়। লােক জড়িত হৈ আছে। বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত মুছলমানসকলেও সংখ্যালঘু মর্যাদা লাভ কৰে যদিও কেৱল ইছলাম ধৰ্মৰ ছয়টা জনগােষ্ঠীৰ বাবে সুকীয়াকৈ আঁচনি ঘােষণা কৰাটো ৰহস্যজনক।
আনহাতে যদি ইছলাম ধৰ্মাৱলম্বী লােকসকলৰ ভিতৰৰ পৰা এই ছয়টা পিছপৰা জনগােষ্ঠীক চৰকাৰে সাহায্য প্রদান কৰিব বিচাৰে, তেন্তে অইন আঁচনিৰ অধীনত ঘােষণা কৰিব পাৰে। কিন্তু সংখ্যালঘু উন্নয়ন বাের্ড অধীনত ঘােষণা কৰিব নােৱাৰে। এইক্ষেত্ৰত মুছলমানৰ এটা অংশক বাদ দি আন এটা অংশক সন্তুষ্ট কৰিবলৈ বিজেপিয়ে নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে বুলি অভিযােগ কৰে। লােকসভা নির্বাচনৰ বৈৰণী পাৰ হােৱাৰ স্বাৰ্থতেই গৰিয়া-মৰিয়া, দেশী, জলহা, মাইমাল আৰু চৈয়দ জনগােষ্ঠীৰ লােকসকলক নির্বাচনী ললিপপ যে প্ৰদান কৰিছে সেয়া নিশ্চিত।
ইপিনে মৰিয়া আৰু মাইমাল জনগােষ্ঠীটোৱে ইতিমধ্যে অবিচিৰ স্বীকৃতি লাভ কৰিছে। তেনেস্থলত এই জনগােষ্ঠী দুটাক আন জনগােষ্ঠীৰ সৈতে সংলগ্ন কৰাটো যুক্তিসংগত নহয়। মুছলমানৰ মাজতাে বিজেপিয়ে বিভাজনৰ ৰাজনীতি কৰিছে বুলি সততে উত্থাপিত অভিযােগ একপ্রকাৰ প্রমাণিত হ’ল। মুছলমান সমাজৰ এইসকল গােড়া নেতাৰ কাণ্ডত বন্দুক থৈ বিজেপিয়ে ৰাজনৈতিক মুনাফা লুটিবলৈ উঠিপৰি লাগিছে। অসম সংখ্যালঘু উন্নয়ন বাের্ড এক সুত্রে জানিব পৰা মতে এই ঘােষণা একমাত্র নির্বাচনী ফুলজাৰি নিয়ম অনুসৰি এনেধৰণৰ ঘােষণা কৰিব নােৱাৰে। সংখ্যালঘু উন্নয়ন বাের্ডে আঁচনি ঘােষণা কৰিলে পাঁচটা সম্প্রদায়ৰ বাবে আঁচনি ঘােষণা কৰিব লাগিব। এনেদৰে মুছলমানৰ মাজত ভাগ ভাগ কৰি আঁচনি ঘােষণা কৰাটো আইনৰ পৰিপন্থী।
নির্বাচনৰ সময়ত যাতে মুছলমানৰ এই জনগােষ্ঠীকেইটাক বিজেপিৰ ফলীয়া কৰিব পাৰি তাৰ বাবেই এই পৰিকল্পনা ৰচনা কৰা হৈছে বুলিও বােৰ্ডৰ সূত্ৰই জানিবলৈ দিয়ে। উল্লেখ্য যে অসমৰ মুছলমান সম্প্রদায়ৰ অন্তর্গত ছয়টা জনগােষ্ঠীক চৰকাৰী সাহায্য কিম্বা সুবিধা প্রদানৰ যি ঘােষণা। কৰিছে তাত কাৰাে দ্বিমত নাই। কিন্তু ইছলাম ধৰ্মাৱলম্বী লােকৰ মাজত এনেদৰে ভাগ ভাগ কৰাটো দুর্ভাগ্যজনক আৰু সংবিধানৰ পৰিপন্থী বুলি একাংশই মত প্রকাশ কৰে।