Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:06 pm

Home » আঞ্চলিক » লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈ দিল্লীত সংখ্যালঘু নেতাৰ ভিৰ

লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈ দিল্লীত সংখ্যালঘু নেতাৰ ভিৰ

গুৱাহাটীঃ সমাগত লোকসভা নিৰ্বাচন৷ ক্ষমতা দখলৰ লক্ষ্যৰে বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে৷ পিছ পৰি থকা নাই কংগ্ৰেছ দলো৷ ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ চৈধ্যটা সমষ্টিৰ সম্ভাৱ্য চমু তালিকা এআইচিচিলৈ প্ৰেৰণ কৰিছে৷ যিকোনো সময়তে চূড়ান্ত হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা৷ এআইচিচিৰ প্ৰশাসনিক সাধাৰণ তথা সাংসদ কে চি বেণুগোপালৰ অধ্যক্ষতাত প্ৰাৰ্থী তালিকা সন্দৰ্ভত যোৱা ৬ মাৰ্চত বিতংভাৱে আলোচনা কৰা হৈছে৷ উক্ত আলোচনা কালতে অসমৰ সম্ভাৱ্য প্রার্থী তালিকা সম্পূৰ্ণৰূপে চূড়ান্ত কৰা হৈছে। হাইকমাণ্ডৰ অনুমােদন বাকী আছে। ইপিনে কেবাটাও সমষ্টিক লৈ একাংশ নেতাৰ মাজত চলিছে খােৱাকামােৰা। নিজৰ পচন্দৰ প্রার্থীক লােকসভা নির্বাচনৰ প্রার্থিত্ব প্রদান কৰিবলৈ উঠি-পৰি লাগিছে একাংশ নেতাই। যি কি নহওক এতিয়া দিল্লীত লােকসভাৰ প্রার্থিত্ব বিচৰা প্রার্থিত্ব প্রত্যাশীৰ ভিৰ পৰিলক্ষিত হৈছে। যিকোনাে স্বার্থৰ বিনিময়ত লােকসভাৰ প্রার্থিত্ব বিচাৰি দিল্লীৰ শীর্ষনেতাৰ দুৱাৰে দুৱাৰে টোকৰ মাৰি ফুৰিছে। একেদৰে লােকসভাৰ প্রার্থিত্ব সন্দৰ্ভত নতুন দিল্লীত সংখ্যালঘু নেতাৰ অভাৱনীয় হাৰত ভিৰ দেখা গৈছে।
বিশেষকৈ বৰপেটা লােকসভা সমষ্টিৰ প্রার্থিত্বৰ দৌৰত প্রায় অর্ধশতাধিক সংখ্যালঘু নেতাই দিল্লীত বাহৰ পাতি কেন্দ্রীয় নেতৃত্বৰ আশীর্বাদ বিচাৰি ফুৰিছে। এইবেলি বৰপেটা লােকসভা সমষ্টিৰ পৰা সর্বাধিক ৩৪গৰাকী প্রার্থীয়ে আবেদন জনাইছে। সম্প্রতি দহজনীয়া চমু তালিকা এআইচিচিয়ে প্রস্তুত কৰা বুলি জানিব পৰা গৈছে। উক্ত তালিকাত | তিনিগৰাকী বৰ্তমানৰ বিধায়কৰ নাম অন্তর্ভুক্ত হৈছে। জনীয়াৰ বিধায়ক আব্দুল খালেক, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে প্রার্থিত্ব বিচাৰি দিল্লীত বাহৰ পাতিছে। মন কৰিবলগীয়া যে ৰাহুল গান্ধীয়ে এইবেলি বৰ্তমানৰ বিধায়কক লােকসভাত প্রার্থিত্ব প্রদান নকৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। যদি শেষ মুহূর্তত বৰ্তমানৰ বিধায়কক প্রার্থিত্ব প্রদান কৰিবলগীয়া হয়, তেন্তে আব্দুল খালেকৰ কপাল ফুলাৰ সম্ভাৱনা আছে। কিয়নাে, বৰপেটা লােকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিতেই আব্দুল খালেকৰ প্ৰভাৱ অধিক। কেৱল মুছলমানেই নহয়, আন সম্প্রদায়ৰ ভােটাৰৰ মাজতাে খালেকৰ প্ৰভাৱ আছে। বৰপেটা লােকসভা সমষ্টিত আব্দুল খালেকৰ এক সুকীয়া চিনাকি আছে। তেনেস্থলত আব্দুল খালেকৰ সম্ভাৱনা অধিক। একেদৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে অসম বিধানসভাত বিভিন্ন সময়ত সৰৱ ভূমিকা পালন কৰি সমষ্টিবাসীৰ মন জয় কৰি আহিছে যদিও বিগত সময়ত সমষ্টিটোৰ কেবাটাও ঘটনাই সর্বত্র চাঞ্চল্যৰ সৃষ্টি কৰিছিল। বিশেষকৈ সমষ্টি পুঁজি আবণ্টনত ব্যাপক অনিয়মৰ অভিযােগ উঠিছিল বিধায়কগৰাকীৰ বিৰুদ্ধে।
আনহাতে বাঘবৰৰ বিধায়কগৰাকীৰ ৰাজনীতিত প্ৰৱেশ ঘটিছিল এআইইউডিএফৰ জৰিয়তে। ইউডিএফৰ প্ৰতিৰাইজৰ মােহভংগ হৈছে। এআইইউডিএফ ত্যাগ কৰি শ্বেৰমানে কংগ্ৰেছত যােগদান কৰে যদিও এতিয়ালৈ অধিকাংশ কংগ্রেছীয়ে তেওঁক সমর্থন জনাব পৰা নাই। একেদৰে লােকসভা সমষ্টিৰ অন্তৰ্গত আন বিধানসভা সমষ্টিসমূহত শ্বেৰমানৰ প্ৰভাৱ সীমিত। লক্ষণীয় যে অসম বিধানসভাত শুই-বহি কটোৱা তথা সমষ্টিৰ বাবে এটা শব্দ উচ্চাৰণ কৰি নােপােৱা উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে এইবেলি লােকসভাৰ বাবে প্রার্থিত্ব বিচাৰি আবেদন কৰা বিষয়টোক লৈও ব্যাপক চর্চা লাভ কৰিছে। ১২৬গৰাকী বিধায়কৰে গঠিত বিধানসভাত আজিলৈকে আব্দুল হাই নাগৰিক মাত মতা দেখা নাপালে। এইগৰাকী বিধায়কে ৫৪৫গৰাকী সাংসদেৰে গঠিত সংসদ ভৱনত গৈ সমষ্টিৰ বাবে কি মাত মাতিব সেয়া কৌতুহলৰ বিষয় হৈ পৰিব। বিধানসভা অধিৱেশনত কেৱল দৈনিক ভাত্তাৰ বাবেই উপস্থিত থাকে আৰু এটা শব্দও উচ্চাৰণ কৰিবলৈ সাহস নকৰে। সেইগৰাকী বিধায়কে দিল্লীলৈ গৈ কি কৰিব সেয়া হাস্যকৰৰ বাহিৰে আন একো নহয়। মন কৰিবলগীয়া যে অসমৰ চৈধ্যটা লােকসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছে দুটা সমষ্টি, বিশেষকৈ ধুবুৰী আৰু বৰপেটা সমষ্টিত মুছলমান সম্প্রদায়ৰ লােকক প্রার্থিত্ব প্রদান কৰি আহিছে।
এইবেলি কোনে টিকট লাভ কৰে সেয়া লক্ষণীয় হ’ব। এটা কথা স্পষ্ট যে বৰ্তমানৰ বিধায়কৰ মাজত প্রার্থিত্বৰ দৌৰত শীৰ্ষত আছে বিধায়ক আব্দুল খালেক। দ্বিতীয়ত আছে শ্বেৰমান আলী আহমেদ। ইপিনে আছুৰ প্রাক্তন সভাপতিশংকৰ ৰায়, শান্তনুশৰ্মা আৰু একালৰ সংগ্রামী নেতা কমল মেধিয়েও আশা এৰি দিয়া নাই। লােকসভাৰ প্রার্থিত্ব বিচাৰি তৎপৰতা অব্যাহত ৰাখিছে। অমুছলমান প্রার্থীসকলৰ ভিতৰত এই তিনিগৰাকীৰ নামে বিশেষ চর্চা লাভ কৰিছে। আছুৰ প্রাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে বিশেষভাৱে প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হৈছে দিল্লীত। অমুছলমানৰ ভিতৰত প্রার্থিত্ব প্রদান কৰিলে শংকৰ প্ৰসাদ ৰায় আৰু কমল মেধিৰ মাজত তুমুল প্রতিদ্বন্দ্বিতা হ’ব আৰু শেষ মুহূর্তত কোনে হাঁহিমাৰে সেয়া লক্ষণীয় হ’ব। যি কিনহওক,বৰপেটা লােকসভা সমষ্টিৰ বাবে বৰ্তমানৰ বিধায়ক, অমুছলমান নেতাৰ সমান্তৰালকৈ সখ্যালঘু নেতায়াে দিল্লীত বাহৰ পাতি নিজৰ শক্তি প্রদর্শন কৰি আছে। সংখ্যালঘু নেতা আব্দুছ ছামাদ আহমেদ, আব্দুৰ ৰহিম আহমেদ, আব্দুৰ ৰৌফ আৰু যুৱ নেতা ছলমান খানে আশা এৰি দিয়া নাই৷ লােকসভাৰ প্রার্থিত্ব বিচাৰি আনসকলৰ লগতে এই চাৰি সংখ্যালঘু নেতায়াে দিল্লীত প্ৰভাৱ বিস্তাৰ কৰিবলৈ উঠি-পৰি লাগিছে।
মন কৰিবলগীয়া যে সংখ্যালঘু নেতা আব্দুছ ছামাদ আহমেদক এইবেলি আর্শাদ মাদানী নেতৃত্বাধীন জমিয়তে প্রজেক্ট কৰা বুলি চৰ্চা লাভ কৰিছে। জমিয়তে আব্দুছ ছামাদক প্রার্থিত্ব প্রদান কৰিব লাগে বুলি দিল্লীৰ শীর্ষনেতাক হেঁচা প্রয়ােগ কৰি থকা বুলিও জানিব পৰা গৈছে। সংখ্যালঘু আন্দোলনৰ সৈতে জড়িত আব্দুছ ছামাদ আহমেদ বিভিন্ন সময়ত ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে যদিও এতিয়ালৈকে ৰাজনৈতিক ক্ষমতা পাবলৈ সক্ষম হােৱা নাই। এইবেলি আর্শাদ মাদানী নেতৃত্বাধীন জমিয়তে আব্দুছ ছামাদক বৰপেটা লােকসভাৰ প্রার্থিত্বৰ বাবে দাবী উত্থাপন কৰিছে। একেদৰে আমছুৰ প্রাক্তন সভাপতি আব্দুৰ ৰহিম আহমেদৰ সৈতে মধুৰ সম্পর্ক গঢ়ি উঠিছে প্রাক্তন মন্ত্রী তথা চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদৰ। এইগৰাকী প্রাক্তন মন্ত্ৰীৰ আশীর্বাদতেই আব্দুৰ ৰহিম আহমেদে দিল্লীলৈ যােৱাৰ সপােন দেখিছে যদিও দিল্লীৰ কোনাে কেন্দ্রীয় নেতাৰ সৈতে কোনাে সু-সম্পর্ক নাইবুলি জানিব পৰা গৈছে। আব্দুৰ ৰহিম আহমেদৰ একমাত্ৰ ভৰসা শুকুৰ আলী আহমেদ। এইগৰাকী প্রাক্তন মন্ত্রীৰ পৰিয়ালৰ সৈতে অতি ঘনিষ্ঠ আছিল সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ। আহমেদৰ পৰিয়ালৰ আশীর্বাদতেই সৰুক্ষেত্ৰীৰ বিধায়ক হিচাপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি বিভিন্ন সময়ত চর্চা লাভ কৰে। শুকুৰ আলীৰ পৰিয়ালৰ সৈতে আব্দুৰ ৰহিমৰ সম্পর্ক মধুৰ হৈ পৰাত জাকিৰ হুছেইন শিকদাৰে প্রার্থিত্বৰ ক্ষেত্ৰত ভিতৰি ভিতৰি বিৰােধিতা কৰা বুলি জানিব পৰা গৈছে।
আনহাতে আন এক আচৰিত কথা যে দীর্ঘকাল ৰাজনীতিৰ পৰা অৱসৰ লােৱা জনীয়াৰ প্রাক্তন বিধায়ক আব্দুৰ ৰৌফ হঠাৎ তৎপৰ হৈ পৰিছে। বৰপেটা লােকসভা সমষ্টিৰ প্রার্থিত্ব বিচাৰি দিল্লীত কে’বাজনাে শীর্ষনেতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে। অসমৰ ৰাজনীতিত শেহতীয়াকৈ বিশেষ প্রভাৱ নাথাকিলেও অতি কম সময়ৰ ভিতৰত এক অদৃশ্য শক্তিৰ সহায়ত আব্দুৰ ৰৌফে দিল্লীত নিজৰ প্ৰভাৱ দেখুৱাবলৈ সক্ষম হৈছে। জানিব পৰা মতে কে’বাজনাে শীর্ষনেতাৰ সৈতে ৰৌফৰ ঘনিষ্ঠ সম্পর্ক গঢ়ি উঠিছে। কংগ্রেছৰ প্রার্থী তালিকাত কে’বাজনাে মহিলা প্রার্থী চৰ্চালৈ আহিছে। সংৰক্ষণনীতি অৱলম্বন কৰিলে কংগ্ৰেছে চৈধ্যটা লােকসভা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিত মহিলাক প্রার্থিত্ব প্রদান কৰিব। বৰপেটা লােকসভা সমষ্টিৰ বাবে এইবেলি প্রার্থিত্বৰ বাবে আবেদন কৰিছে অসম প্রদেশ মহিলা কংগ্রেছৰ প্রাক্তন সভাপতি ছেহনাজ য়াছমিনে। ৰাহুল গান্ধীয়ে যদি বৰপেটা সমষ্টিটো মহিলাৰ বাবে সংৰক্ষণ কৰে, তেন্তে ছেহনাজ য়াছমিন হকৰ প্রার্থিত্ব নিশ্চিত। এই সকলােবােৰ ৰাহুল গান্ধীৰ ওপৰতে নিৰ্ভৰ কৰিব। বিভিন্ন ৰাজনৈতিক নেতাৰ সমান্তৰালকৈ বৰপেটা লােকসভা সমষ্টিত দুগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াৰ নাম চৰ্চালৈ আহিছে। অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া এ এইচ খন্দকাৰ আৰু প্রাক্তন শিক্ষা বিষয়া দিলৱাৰ হুছেইনে লােকসভাৰ প্রার্থিত্ব বিচাৰি চেষ্টা এৰি দিয়া নাই। ইপিনে অসম প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক দুলু আহমেদে বৰপেটাৰ প্রার্থিত্ব বিচাৰি দিল্লীত প্ৰভাৱ বিস্তাৰ কৰিবলৈ উঠিপৰি লগা বিষয়টোৱে এতিয়া বিশেষ চর্চা লাভ কৰিছে। যি কি নহওক, এআইচিচিৰ সম্ভাব্য প্রার্থী তালিকাত ৩৪গৰাকী প্রার্থী ভিতৰত দহগৰাকীৰ নাম অন্তর্ভুক্ত হৈছে যদিও শেষ মুহূর্তত কোনে হাঁহি মাৰিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হ’ব। বর্তমানৰ বিধেয়কৰ ভিতৰত অথবা চাৰি সংখ্যালঘু নেতাৰ ভিতৰত কোনােবা এগৰাকীয়ে যে প্রার্থিত্ব লাভ কৰিব সেয়া একপ্রকাৰ নিশ্চিত হৈ পৰিছে।।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি