Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:46 pm

Home » আঞ্চলিক » তিনিটা পৰ্যায়ত অসমত লোকসভা নিৰ্বাচন : ১১, ১৮ আৰু ২৩ এপ্ৰিলত ভোট গ্ৰহণ

তিনিটা পৰ্যায়ত অসমত লোকসভা নিৰ্বাচন : ১১, ১৮ আৰু ২৩ এপ্ৰিলত ভোট গ্ৰহণ

প্ৰথম বাৰৰ বাবে ব্যৱহাৰ হ’ব ভি ভি পি এ টি, জিপিএছৰ নিৰীক্ষণত থাকিব ইভিএম
নতুন দিল্লী : সকলো ধৰণৰ জল্পনা-কল্পনাৰ অন্ত পৰিল। লোকসভা নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা হ’ল। ১১ এপ্ৰিলৰ পৰা ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব দেশৰ সাধাৰণ নিৰ্বাচন। লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে ইতিমধ্যে ১০ লাখ ভোট কেন্দ্ৰ স্থাপন কৰিছে। দিল্লীৰ বিজ্ঞান ভৱনত আজি আয়োজিত এক সংবাদমেলত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰি কয় যে দেশত সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। অহা ১১ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ, ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ, ২৯ এপ্ৰিলত চতুৰ্থ পৰ্যায়ৰ, ৬ মে’ত পঞ্চম পৰ্যায়ৰ, ১২ মে’ত ষষ্ঠ পৰ্যায়ৰ আৰু ১৯ মে’ত সপ্তম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। 
আনহাতে ২৩ মে’ত দেশৰ ৫৪৩টা লোকসভা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ’ব। এইবেলি দেশৰ বিশখন ৰাজ্যত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। ১১ এপ্ৰিল, ১৮ এপ্ৰিল আৰু ২৩ এপ্ৰিলত তিনিটা পৰ্যায়ত অসমত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত অসমত পাঁচটা সমষ্টি বিশেষকৈ তেজপুৰ, কলিয়াবৰ, যোৰহাট, লখিমপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে দ্বিতীয় পৰ্যায়ত পাঁচটা সমষ্টি কৰিমগঞ্জ, শিলচৰ, ডিফু, মঙলদৈ আৰু নগাঁও লোকসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। একেদৰে অসমত তৃতীয় পৰ্যায়ত ২৩ এপ্ৰিলত বাকী চাৰিটা লোকসভা সমষ্টি ধুবুৰী, বৰপেটা, কোকৰাঝাৰ আৰু গুৱাহাটীত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। অৰ্থাৎ অসমত বিহুৰ পূৰ্বে ৫টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব আৰু বিহুৰ পাছত দুটা পৰ্যায়ত ৯টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। 
অসমত এইবেলি মুঠ ভোটাৰৰ সংখ্যা ২,১৭,৬০,৬০৪জন।ইপিনে লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অন্ধ্ৰ প্ৰদেশ, অৰুণাচল, ওড়িশা আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ দিনো আনুষ্ঠানিকভাৱে ঘোষণা কৰে। আজি দেশৰ নিৰ্বাচন আয়ুক্তগৰাকীয়ে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই সমগ্ৰ দেশতেই বলৱৎ হৈছে নিৰ্বাচনী অধিসূচনা। আজিৰে পৰা কোনো ধৰণৰ আঁচনি চৰকাৰে ঘোষণা কৰিব নোৱাৰিব। নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়নি প্ৰদান কৰি নিৰ্বাচন আয়ুক্তগৰাকীয়ে এইবুলিও কয় যে নিৰ্বাচনী বিধি অনুসৰি সকলো ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰা হ’ব। ইয়াত কোনো ধৰণৰ আপোচ কৰা নহ’ব। প্ৰাৰ্থীয়ে অপৰাধৰ সকলো তথ্য শপতনামাৰ জৰিয়তে দাখিল কৰিব লাগিব। 
একেদৰে ছ’চিয়েল মিডিয়াতো প্ৰাৰ্থীগৰাকীয়ে সকলো ধৰণৰ তথ্য আপলোড কৰিব লাগিব। ছ’চিয়েল মিডিয়াত আপলোড কৰাটো নিৰ্বাচনী বিধিৰ আওতাত পৰিব বুলি আৰোৰাই জানিবলৈ দিয়ে। তেওঁ এইবুলিও উল্লেখ কৰে যে এইবেলি প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ’ব ভিভিপেট মেচিন। জিপিএছৰ নিৰীক্ষণত থাকিব ইভিএম। একেদৰে এইবেলি ইভিএমত প্ৰতীকচিহ্নৰ সৈতে প্ৰতিগৰাকী প্ৰাৰ্থীৰ ফটো সংলগ্ন থাকিব। দেশত নবৈব কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি উল্লেখ কৰি দেশৰ নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে এইবাৰ ৮.৫ নিযুত ভোটাৰ বৃদ্ধি পাইছে। দেশত ১.৬০ কোটি চাকৰিয়াল ভোটাৰ হোৱাৰ লগতে ডেৰ কোটি ভোটাৰৰ বয়স ১৮-১৯ বছৰ। প্ৰতিটো ভোট কেন্দ্ৰতেই এইবেলি ইভিএমত ন’টা বুটামৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ বাবে দহ লাখ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। সকলো ভোট কেন্দ্ৰতেই ভিভিপেট ব্যৱহাৰ হ’ব। 
ইপিনে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে দেশৰ লগতে বাহিৰত থকা সা-সম্পত্তিৰ বিস্ত´ত তথ্য দাখিল কৰিব লাগিব বুলিও আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। পাঁচ বছৰত বৃদ্ধি পাইছে সাত কোটি ভোটাৰ। নিৰ্বাচন আয়ুক্তগৰাকীয়ে এইবুলিও উল্লেখ কৰি কয় যে দেশৰ লোকসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে। সকলো বিভাগৰ সৈতে ইতিমধ্যে আলোচনাত মিলিত হৈছে আয়োগ।প্ৰথম পৰ্যায়ত ৯১টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে দ্বিতীয় পৰ্যায়ত ৯৭টা সমষ্টিত, তৃতীয় পৰ্যায়ত ১১৫টা সমষ্টিত, চতুৰ্থ পৰ্যায়ত ৭১টা সমষ্টিত, পঞ্চম পৰ্যায়ত ৫১টা সমষ্টিত, ষষ্ঠ পৰ্যায়ত ৫৯টা সমষ্টিত আৰু সপ্তম পৰ্যায়ত দেশৰ ৫৯টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব। পূৰ্বে, অৰ্থাৎ ২০১৪ চনত ৯ লাখ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছিল। এইবেলি ১০ লাখ ভোট কেন্দ্ৰৰ ব্যৱস্থা কৰিছে। 
নিৰ্বাচনী আচৰণবিধি উলংঘা সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়ুক্তগৰাকীয়ে আন কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰি কয় যে নিশা দহ বজাৰ পৰা পুৱা ছয় বজালৈকে লাউডস্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। অভিযোগ দিয়াৰ বাবে সকলোৱে এনড্ৰইড মোবাইলত এপ্ছ ডাউনলোড কৰি ল’ব পাৰিব। উক্ত এপ্ৰ জৰিয়তে এশ মিনিটৰ ভিতৰতেই প্ৰত্যুত্তৰ লাভ কৰিব। একেদৰে অভিযোগ আৰু সহায়ৰ বাবে ১,৯৫০ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে নিৰ্বাচন আয়ুক্তই। উক্ত হেল্পলাইনৰ জৰিয়তে আৰু এপ্ৰ জৰিয়তে বিধি ভংগৰ অভিযোগ দাখিল কৰিব সকলোৱে। উল্লেখযোগ্য যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৫৪৩টা সমষ্টিৰ ভিতৰত এনডিএয়ে ৩৩৬খন আসন দখল কৰিবলৈ সক্ষম হৈছিল। কংগ্ৰেছে অকল ৪৪টা ছীট দখল কৰিবলৈ সক্ষম হৈছিল। বিজেপিয়ে অকলে ২৮২খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছিল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি