> নতুনকৈ আৰম্ভ কৰিছে হীৰা ব্যৱসায়৷
> প্রত্যর্পণৰ অনুৰােধত ব্রিটিছ চৰকাৰৰ অনুমােদন।
> গ্রেপ্তাৰী পৰােৱানা জাৰিৰ পাচতে যাব ই ডি-চি বি আইৰ দল৷
টুইটাৰত ভি ডি অটো আপল’ড কৰাৰ পাচতে কংগ্ৰেছে নিজৰ টুইটাৰ হেণ্ডলত লিখে—টেলিগ্রাফ সাংবাদিকে নীৰৱ মােডীক বিচাৰি পালে। তেন্তে মােড়ী চৰকাৰে কিয় নাপালে? কাক আঁৰত ৰখাৰ চেষ্টা কৰিছেনৰেন্দ্ৰ মােডীয়ে নিজক নে নীৰর মােড়ীক? নে সেইসকলক, যিসকলে নীৰৱ মােডীৰ পলায়নত সহায় কৰিছিল? চি পি আই (এম) নেতা সীতাৰাম য়েচুৰীয়ে অভিযােগ কৰে যে তথাকথিত চকীদাৰে নিজেই অন্তৰংগ বন্ধুক চুৰ কৰি পলাই যাবলৈ সুযােগ দিছে। নেচনেল কনফাৰেন্সৰ নেতা ফারুক আব্দুল্লা, কংগ্রেছৰ মুখপাত্র ৰণদীপ সিং সূর্যোেলা, প্রাক্তন মন্ত্রী পি চিদম্বৰম, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আদিয়েও এই প্রসংগত প্রধানমন্ত্ৰীক লক্ষ্য কৰি লয়। ইয়াৰ বিপৰীতে নতুন দিল্লীত সংবাদমেলত বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী প্রকাশ জাভেড়কাৰে কয় যে নীৰ মােডীৰ সৈতে কংগ্ৰেছৰ সম্পর্ক দীর্ঘদিনব। ৰাহুল গান্ধী ২০১৩ চনৰ ১৩ ছেপ্টেম্বৰত মােডীৰ গীতাঞ্জলি সংস্থাৰ অনুষ্ঠানত উপস্থিত আছিল আৰু ইয়াৰ পিচদিনাই এলাহাবাদ বেংকে মােডীক ১,৫০০ কোটি টকাৰ ঋণ দিছিল। বিজেপিৰ টুইটাৰ হেণ্ডলত কোৱা হয়— ‘২০১১ চনত ইউ পি এ দিনতে বেংক জালিয়াতি আৰম্ভ কৰিছিল নীৰৰ মােডীয়ে। কিন্তু নৰেন্দ্ৰ মােডী চৰকাৰৰ দিনত এই জালিয়াতি পােহৰলৈ আহে।