আনিছুজ জামান, হাউলী : সৰ্বশিক্ষা অভিযান মিছন বৰপেটা জিলাৰ উদ্যোগত বিদ্যালয় বহিৰ্ভূত শিশু সকলকলৈ জিলা পৰ্যায়ৰ শিশু সমাৰোহ আজি বিস্তৃত কাৰ্যক্ৰমনিকাৰে হাউলী বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ চৌহদত অনুষ্ঠিত হয়৷
সমাৰোহত জিলা খনৰ বিভিন্ন অনা আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ,কস্তুৰী গান্ধী বালিকা বিদ্যালয় আৰু আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ সমূহৰ ছাত্র-ছাত্রী সকলৰ মাজত চিত্রাংকন,ভেশচন,আকস্মিক,আবৃতি সংগীত,দলীয় নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ ইয়াৰ ওপৰিও জিলা আঁচনি বিষয়া ৰঞ্জন দাসৰ সঞ্চালনাত বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত হয়৷
উক্ত বৰপেটা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মন,হাউলী বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ অধীৰ কুমাৰ চক্ৰৱৰ্তী,শিক্ষাবিদ,সাংবাদিক নাৰায়ন গোস্বানীকে আদি কৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকি সমবেত শিশু সকলক শিক্ষা ওপৰত পৰামৰ্শমূলক বক্তব্য আগবঢ়ায় | সমাৰোহত জিলা খনৰ বিভিন্ন বিশেষ প্ৰক্ষিক্ষণ কেন্দ্ৰৰ পৰা প্ৰায় পাঁচ শতাধিক ছাত্র-ছাত্রীয়ে অংশ গ্ৰহন কৰে |