Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:37 am

Home » আঞ্চলিক » শীঘ্ৰে চুড়ান্ত হ’ব ইউডিএফ-কংগ্ৰেছৰ মিত্ৰতা : অস্বীকাৰ অসম প্ৰদেশ কংগ্ৰেছৰ

শীঘ্ৰে চুড়ান্ত হ’ব ইউডিএফ-কংগ্ৰেছৰ মিত্ৰতা : অস্বীকাৰ অসম প্ৰদেশ কংগ্ৰেছৰ

নতুন দিল্লী : লােকসভা নির্বাচনত এ আই ইউ ডি এফ সৈতে কোনাে পর্যায়তে মিত্রতা নহয় বুলি কংগ্ৰেছে দাবী কৰি অহাৰ সময়তে বদৰুদ্দিন আজমলক লগত লৈয়ে নির্বাচনী বৈতৰণী পাৰ হােৱাৰ প্রস্তুতি চলাইছে বিৰােধী দলটোৰ কেন্দ্রীয় নেতৃত্বই এই কথা কার্যতঃ স্পষ্ট কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্রদেশ কংগ্রেছৰ পৰ্যবেক্ষকৰ দায়িত্বত থকা হৰিশ ৰাৱাটে। হৰিশ ৰাৱাটৰ মন্তব্য— দুই-এদিনতে মিত্ৰতা সন্দৰ্ভত গ্ৰহণ কৰা হ’ব চুড়ান্ত সিদ্ধান্ত।
উল্লেখ্য যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত চলি থকা গােপন মিত্রতা ইতিপূর্বে ফাদিল হৈছিল কৰিমগঞ্জ জিলা কংগ্ৰেছে হৰিশ ৰাৱাটলৈ প্ৰেৰণ কৰা এখন পত্ৰত। উক্ত পত্ৰত কৰিমগঞ্জ জিলা কমিটীয়ে এ আই ইউ ডি এফৰ সাংসদ ৰাধেশ্যাম বিশ্বাস কংগ্ৰেছৰ প্রার্থী হলে কোনাে আপত্তি নাই বুলি স্পষ্ট কৰি দিছিল। কংগ্ৰেছৰ এনে নৰম স্থিতিৰ সমান্তৰালকৈ বদৰুদ্দিন আজমলৰ ভাতৃ তথা বৰপেটাৰ সাংসদ চিৰাজুদ্দিন আজমলে এইবাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰ কথা ঘােষণা কৰিছে। ইয়াৰ জৰিয়তে বৰপেটাত দুর্বল প্রার্থী প্রক্ষেপ কৰি কংগ্ৰেছক সহায় কৰাৰ প্ৰচেষ্টাত নামি পৰিছে এ আই ইউ ডি এফ। ইয়াৰ মাজতে দল দুটাৰ গােপন বুজাবুজিৰ কথা আজি একপ্রকাৰ স্পষ্ট কৰি দিলে হৰিশ ৰাৱাটে। 
কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে উল্লেখ কৰে যে ইউ পি এৰ অন্যতম অংশীদাৰ দল হিচাপে এ আই ইউ ডি এফ আছে। তদুপৰি মহাজোট বন্ধনতাে এ আই ইউ ডি এফ সংগী। বিজেপিবিৰােধী দলসমূহৰ যি বুজাবুজি হৈছে, তাত এ আই ইউ ডি এফো সমভাগী। হৰিশ ৰাৱাটে ইয়াকো কয়– দিল্লীত যিহেতু এ আই ইউ ডি এফ আমাৰ সংগী৷ সেয়েহে অসমৰ ৰাজনৈতিক প্রেক্ষাপটৰ ক্ষেত্ৰত বিষয়টো আলােচনা কৰা হ’ব আৰু দুই-এদিনতে চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। 
মন কৰিবলগীয়া দিশটো হ’ল যে প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কোনাে কাৰণতে এ আই ইউ ডি এফৰ সৈতে মিত্রতা নহয় বুলি ঘােষণা কৰি অহাই নহয়, এ আই ইউ ডি এফ এতিয়া ডুবন্ত নাও বুলি উল্লেখ কৰি আজমলৰ সৈতে মিত্ৰতা কৰিলে কংগ্রেছৰ বিপর্যয় আহিব বুলিহে মন্তব্য কৰি আহিছে। আনকি প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁ থকালৈকে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰত নহয় বুলিও বহুবাৰ ঘােষণা কৰিছে। 
কিন্তু অসম কংগ্ৰেছৰ এই দাবী তথা হুংকাৰক তিলমাত্রাও গুৰুত্ব নিদি এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ বাবে কেন্দ্রীয় নেতৃত্বই প্রস্তুতি চলােৱাই নহয়, ইয়াত আনুষ্ঠানিক মােহৰ মাৰিবলৈও সাজু হৈছে। লক্ষণীয়ভাৱে দিল্লীৰ কংগ্ৰেছী নেতৃত্বই প্রদান কৰা এনে ইংগিতৰ বাবে শেহতীয়াকৈ বদৰুদ্দিন আজমলেও কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বিষয়টো দিল্লীয়ে চুড়ান্ত কৰিব বুলি মন্তব্য কৰি আহিছে। সেয়ে হৰিশ ৰাৱাটে মিত্রতা সন্দৰ্ভত দুই-এদিনতে চুড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি কৰা মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে। 
অৱশ্যে সমগ্ৰ বিষয়টো সন্দৰ্ভত প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বই অস্বীকাৰ কৰি এ আই ইউ ডি এফৰ সৈতে মিত্রতা নহয় বুলি পুনৰ মন্তব্য কৰিছে। সভাপতি বৰাই ইয়াকো কয় যে কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছে নিজা প্রার্থী প্রক্ষেপ কৰিব আৰু ইতিমধ্যে প্রার্থী চুড়ান্ত হৈছে। তদুপৰি কৰিমগঞ্জ জিলা কমিটীয়ে হৰিশ ৰাৱাটলৈ প্ৰেৰণ কৰা পত্ৰৰ কোনাে ভিত্তি নাই। 
ৰিপুণ বৰাৰ এনে মন্তব্যৰ বিপৰীতে কিন্তু আজি বদৰুদ্দিন আজমলে কৰিমগঞ্জ এ আই ইউ ডি এফৰ সাংসদ ৰাধেশ্যাম বিশ্বাস কংগ্ৰেছলৈ গ’লে তেওঁৰ কোনাে আপত্তি নাই বুলি মন্তব্য কৰে। আজমলৰ মতে, সাংসদ ৰাধেশ্যাম বিশ্বাসে যদি কংগ্ৰেছ দলৰ পৰা নির্বাচনত অৱতীৰ্ণ হ’ব বিচাৰিছে, সেয়া তেওঁৰ নিজা কথা। তাত এ আই ইউ ডি এফৰ ক’বলগীয়া একো নাই। প্ৰকৃততে আজমলৰ এনে মন্তব্যই কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই যে শেহতীয়াকৈ এক গতি লাভ কৰিছে, সেয়া স্পষ্ট হৈ পৰিছে। আনকি কংগ্ৰেছৰ দলীয় সূত্রই ইয়াকো জানিবলৈ দিছে যে ধুবুৰীত বদৰুদ্দিন আজমলক জয়যুক্ত কৰি অনাৰ ক্ষেত্ৰত কংগ্ৰেছে সমষ্টিটোত দুর্বল প্রার্থী প্রক্ষেপ কৰাৰ বাবেও চিন্তা-চৰ্চা কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি