গুৱাহাটী : আগত লােকসভা নির্বাচন শাসকীয় বিজেপি দলেৰে অগপৰ সম্ভাব্য নির্বাচনী মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক জল্পনা-কল্পনা চলি থকা সময়ত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কালি স্পষ্ট কৰি দিয়ে যে অগপৰ লগত কোনাে নির্বাচনী মিত্রতা নহয় আৰু তেনে পৰিস্থিতিও উদ্ভৱ হােৱা নাই। মুখ্যমন্ত্ৰীৰ মতে যােৱা পঞ্চায়ত নির্বাচনত এককভারে খেলিয়েই নিৰকুংশ সংখ্যাগৰিষ্ঠতা পােৱাটোৱে বিজেপিক অসমৰ ৰাইজে আঁকোৱালি লােৱাটো প্রমাণ কৰিলে আৰু তেনেস্থলত অগপৰ স’তে নির্বাচনী মিত্ৰতাৰ প্ৰশ্ন অবান্তৰ।
উল্লেখ্য যে কেইবাখনাে উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপনৰ বাবে কালি গৃহ চহৰ চাবুৱালৈ আহি মুখ্যমন্ত্রী সােণােৱালে কৰা এই ঘােষণাই বহুচর্চিত বিজেপি-অগপৰ মিত্ৰতাত ইতি পেলালে বুলিয়েই ক’ব পাৰি। মুখ্যমন্ত্ৰীয়ে কয় যােৱাবাৰ পঞ্চায়ত নির্বাচন আমি এককভারে খেলিলাে। ৰাইজৰ ওচৰত বিজেপি দলে এককভাৱে জনােৱা আহ্বানৰ প্রতি পূর্ণ সঁহাৰি জনালে। প্রথমবাৰৰ বাবে অসমৰ পঞ্চায়ত নির্বাচনত বিজেপি দলে উল্লেখযােগ্য সফলতা লাভ কৰিলে। পূর্বৰ পঞ্চায়ত নির্বাচনৰ তুলনাত এইবাৰৰ পঞ্চায়ত নির্বাচনত বিজেপি দলে পঞ্চায়তৰ সকলে আসনতেই উল্লেখযােগ্য সফলতা লাভ কৰিলে। গতিকে বিজেপি দলক ৰাইজে এককভারে আন্তৰিকতাৰে আঁকোৱালি লৈছে। গতিকে আগত লােকসভা নির্বাচনৰ পূর্বে বিজেপিয়ে অগপ বা আন দলৰ সৈতে মিত্রতা কৰাৰ কোনােধৰণৰ পৰিস্থিতি উদ্ভৱ নহয়।