Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:12 pm

Home » আঞ্চলিক » তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ত অচিৰেই আৰম্ভ হ’ব অসমীয়া বিভাগ

তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ত অচিৰেই আৰম্ভ হ’ব অসমীয়া বিভাগ

অসম সাহিত্য সভাৰ প্ৰস্তাৱত সন্মত বিশ্ববিদ্যালয় অনুদান আয়ােগ 
গুৱাহাটী : ঐতিহাসিক অসম চুক্তিৰ অধীনত প্রতিষ্ঠা হােৱা তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ত পূর্ণাংগ অসমীয়া বিভাগ এটা প্রৱৰ্তন কৰিবৰ বাবে অসম সাহিত্য সভাই দীর্ঘদিন ধৰি জনাই অহা দাবীৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়ােগে (ইউজি চি)-য়ে এই বিষয়ত অনুমােদন জনাইছে। আগন্তুক শিক্ষাবর্ষৰ পৰা তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ে গৌৰৱােজ্জ্বল ইতিহাস সাক্ষ্য বহন কৰি ৰাজ্যখনৰ প্রতিভাৱান ছাত্র-ছাত্রীসকলক দক্ষতা বিকাশ কৰিব পৰা এটি পূর্ণাংগ অসমীয়া বিভাগ আৰম্ভ কৰিব। 
কাকতলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে আজি জানিবলৈ দি কয় যে অসম চুক্তিৰ ফচল এইখন বিশ্ববিদ্যালয়ত অসমীয়া বিভাগটো ইমান দিনে প্রৱর্তন নােহােৱাতাে ৰাজ্যবাসীৰ বাবে অত্যন্ত উদ্বেগ আৰু পৰিতাপৰ কথা হিচাপে পৰিগণিত হৈছিল। এই সন্দৰ্ভত যােৱা বত্ব সাহিত্য সভাইকার্যনির্বাহক অধিৱেশনত প্ৰস্তাৱ গ্ৰহণ কৰি তাৰ পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়ৰ উপাচার্যৰ লগত কেবালানিও আলােচনাৰ অন্তত বিশ্ববিদ্যালয় অনুদান আয়ােগলৈ স্মাৰক পত্র প্ৰেৰণ কৰিছিল। 
উল্লেখ্য, সাহিত্য সভাইউক্ত বিশ্ববিদ্যালয়ত অসমীয়া বিভাগটো যাতে দক্ষতা বিকাশ সম্পন্ন হয়, তাৰ প্রতি লক্ষ্য ৰাখি অলপতে নতুন উপাচার্য ড° বিনােদ কুমাৰ জৈনক কেবাটাও গুৰুত্বপূর্ণ প্রস্তাৱ অৰ্পণ কৰিছিল। এই ক্ষেত্ৰত সভাই স্পষ্ট কৰি কয়– অসমীয়া মাধ্যম বর্জন কৰি ইংৰাজী মাধ্যমত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰােৱাৰ পক্ষত নাই অসম সাহিত্য সভা। গতিকে তেজপুৰ বিশ্ববিদ্যালয়ত বিভাগটো প্রতিষ্ঠা কালতেই যাতে ইংৰাজী ভাষাৰ আগ্রাসন চলিব নােৱাৰে তাৰ প্রতি সকলাে সচেষ্ট হ’বলৈ সভাই আহ্বান জনাইছে। 
ইফালে তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ অহা শিক্ষাবর্ষৰ পৰা আৰম্ভ হ’ব এইখবৰ সদৰি হােৱাৰ লগে লগেই বৌদ্ধিক মহল উৎসাহিত হৈ উঠিছে। আজিৰ সংবাদ বিজ্ঞপ্তিত সভাইকয়—অসমীয়া ভাষাত গৱেষণামূলক কাম-কাজ সম্পন্ন কৰা, সকলাে পর্যায়তে অসমীয়া মাধ্যমৰ পাঠ্যপুথি প্রকাশ কৰা, ইয়াৰ বাবে প্রয়ােজনানুসাৰে প্রকাশন সচিব নিয়ােগ কৰা, প্রশাসনীয় স্তৰত অসমীয়া আৰু ইংৰাজী দুয়ােটা ভাষাকে সমানে অগ্রাধিকাৰ দিয়া, সামগ্রিক অসমীয়া পৰিভাষা কোষৰ কাম আৰম্ভ কৰা আদিকামবােৰ শীঘ্ৰেই সম্পন্ন কৰিবলৈ মুকলি আহ্বান জনায়। 
ইফালে সভাই অসমীয়া জাতি সত্ত্বাৰ প্ৰতি ভাবুকি অহা এই দুর্যোগপূর্ণ মুহূর্তত অসমীয়া তথা খিলঞ্জীয়া ভাষাৰ সুৰক্ষাৰ স্বাৰ্থত তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ক অসম সাহিত্য সভাৰ সৈতে ঐক্যৱদ্ধ হ’বলৈ আহ্বান জনায়। বিজ্ঞপ্তিটোত সাহিত্য সভাই অসমীয়া বিভাগ প্রৱর্তনৰ বাবে প্রচেষ্টা গ্রহণ কৰি সফল হােৱাৰ বাবে উপাচার্য ড° বিনােদ কুমাৰ জৈন আৰু পঞ্জীয়ক ড° বীৰেণ দাসক ধন্যবাদ জ্ঞাপন কৰিছে। সমাজ সংস্কাৰত আত্মনিয়ােগ কৰক সাহিত্য সভাৰ মহিলা বিষয়ববীয়াসকলে ঃ আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ পবিত্ৰ মুহূর্তত ন কৰি অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিকে ধৰি বিভিন্ন জিলা সভা আৰু শাখা সভাত দায়িত্বপ্রাপ্ত মহিলা বিষয়ববীয়া তথা কর্মীসকলক সকলােকে এখন সবল-সুঠাম ৰঙীণ সমাজ গঠনৰ নিমিত্তে ঐক্যৱদ্ধ হৈ সমাজ সংস্কাৰ কৰ্মত নিয়ােজিত হ’বলৈ আহ্বান জনাইছে। 
এক বিজ্ঞপ্তিত সভাৰ সভাপতিয়ে কয়—আমাৰ অসমীয়া নাৰী সমাজ অত্যন্ত শক্তিশালী। গতিকে সমাজৰ অসূয়া-অনীতি, অন্যায়-অবিচাৰ আদিৰ বিৰুদ্ধে ঐক্যৱদ্ধ হৈ সকলাে মহিলাকে সবল প্রতাপী স্থিতি গ্রহণ কৰিবলৈ আহ্বান জনােৱাৰ লগতে সাহিত্য সভাইগ্রহণ কৰা মাতৃভাষা তথা ৰাজ্যভাষা প্রয়ােগ সন্দৰ্ভত চৰকাৰী-বেচৰকাৰী বিভাগসমূহেযাতে ৰাজ্যভাষা আইন-১৯৬০ ভংগ কৰিব নােৱাৰে তাৰ প্রতি চোকা দৃষ্টিৰাখিবলৈও আহ্বান জনাইছে। সভাৰ মহিলা বিষববীয়া তথা কর্মীসকলে অঞ্চলৱর্তী সচেতন মহিলাসকলক লগত লৈ চাহ বাগিচা অঞ্চলত দেখা পােৱা অবৈধ মাদক দ্রব্য সেৱন প্ৰসংগতাে অধিক সজাগতা সৃষ্টিকৰি ইয়াৰ নিৰাময়ৰ বাবে প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি