Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:35 pm

Home » আঞ্চলিক » শ্রীমন্ত শংকৰদেৱ, শ্রীশ্রীমাধৱদেৱ আৰু কালিচৰণ ব্রহ্ম বঁটা ঘোষণা

শ্রীমন্ত শংকৰদেৱ, শ্রীশ্রীমাধৱদেৱ আৰু কালিচৰণ ব্রহ্ম বঁটা ঘোষণা

গুৱাহাটী : বৰপেটা সত্রৰ বুঢ়া সত্রীয়া বশিষ্ঠ দেৱ শর্মালৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে ২০১৭ বর্ষৰ শ্রীমন্ত শংকৰদেৱ বঁটা৷ শ্রীশ্রীমায়ামৰা দিনজয় সত্রৰ সত্রাধিকাৰ যোগদানন্দ চন্দ্র গোস্বামীক ২০১৬ বর্ষৰ আৰু প্রথিতযশা ভাৰতীয় নৃত্য ইতিহাসবিদ, পণ্ডিত আৰু সমালোচক ড০ সুনীল কোঠাৰীলৈ ২০১৯ বর্ষৰ শ্রীশ্রীমাধৱদেৱ বঁটা আগবঢ়োৱা হৈছে৷
২০১৮ বর্ষৰ কালিচৰণ ব্রহ্ম বঁটা ওদালগুৰিৰ বৰঙাজুলি শ্রীমন্ত শংকৰদেৱ সত্রৰ সত্রাধিকাৰ হৰেকৃষ্ণ মহন্তলৈ আগবঢ়োৱা হৈছে৷ ১৯৩৮ চনত জন্ম গ্রহণ কৰা বৰপেটা সত্রৰ বুঢ়া সত্রীয়া বশিষ্ঠ দেৱ শর্মাই সত্রীয়া সংস্কৃতিৰ লগতে থিয় নাম, ঘোষা, হোলী গীত, নাও খেল গীত, ভাওনা গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ জৰিয়তে প্রসাৰৰ ব্যৱস্থা কৰাৰ উপৰি নতুন দিল্লী, পাটনা, হিমাচল প্রদেশ, মুম্বাই আৰু দক্ষিণ ভাৰতত প্রদর্শনৰ মাধ্যমেৰে এই সংস্কৃতি প্রসাৰৰ বাবে পদক্ষেপ গ্রহণ কৰি আহিছে৷
গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ ‘সাংগীতিক বিশ্লেষণ’ অনুষ্ঠানৰ জৰিয়তে লোকগীতৰ ক্ষেত্রখনৰ বিভিন্ন দিশ জনসাধাৰণক পৰিচিত কৰাই দিয়াৰ লগতে বহুতো লোকগীতত তেওঁ কণ্ঠদান কৰিছে৷ বুঢ়া সত্রাধিকাৰ বশিষ্ঠ দেৱ শর্মাই ২০১১ চনত সাংস্কৃতিক মহাসভাৰ তৰফৰ পৰা জীৱনজোৰা সাংস্কৃতিক সাধনা বঁটা, ২০১২ চনত অসম জাতীয় বিদ্যালয়ৰ ফেল’শ্বিপ, ২০১৩ চনত শ্রীশ্রীবদলা আতা সেৱা সমিতি কমলাবাৰী সত্র অসমৰ তৰফৰ পৰা শ্রীশ্রীবদলা পদ্মআতা সন্মান, ২০১৬ বর্ষত যোৰহাটৰ ‘সঞ্চাৰণ’ৰ তৰফৰ পৰা আগবঢ়োৱা শংকৰ মাধৱ সন্মান লাভ কৰিছে৷
২০১৬ বর্ষৰ শ্রীশ্রীমাধৱদেৱ বঁটাৰ বাবে নির্বাচিত শ্রীশ্রীমায়ামৰা দিনজয় সত্র চাবুৱাৰ সত্রাধিকাৰ যোগদানন্দ চন্দ্র গোস্বামী শ্বিলঙৰ ছেইণ্ট এন্থনি কলেজৰ স্নাতক৷ অৱসৰপ্রাপ্ত শিক্ষকজনে ৰাষ্ট্রীয় পর্যায়ত সত্রীয়া সংগীতৰ স্বীকৃতি লাভৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰাৰ লগতে সত্রীয়া সংস্কৃতিৰ বিভিন্ন দিশ কাকত-আলোচনীত লেখাৰ জৰিয়তে প্রকাশ কৰি আহিছে৷
তদুপৰি মায়়ামৰা দিনজয় সত্রত তেওঁ বহুমূলীয়া সাঁচিপতীয়া পুথি সংৰক্ষণৰ লগতে এই পুথিৰ প্রচাৰ আৰু প্রসাৰৰ বাবে ব্যৱস্থা গ্রহণ কৰি আহিছে৷ বিশিষ্ট নৃত্য সমালোচক, পণ্ডিত তথা অধ্যাপক ড০ সুনীল কোঠাৰীয়ে ভাৰতীয় ধ্রুপদী নৃত্য আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন নৃত্য শৈলী সম্পর্কে ১২খন মূল্যৱান গ্রন্থ ৰচনা কৰি ভাৰতীয় সংগীত সাহিত্যক সমৃদ্ধ কৰিছে৷
২০০১ চনত পদ্মশ্রী সন্মান লাভ কৰা ড০ কোঠাৰীয়ে ১৯৯৫ চনত সংগীত নাটক একাডেমিৰ বঁটাও লাভ কৰে৷ ২০১৮ বর্ষৰ কালিচৰণব্রহ্ম বঁটাৰ বাবে নির্বাচিত ওদালগুৰিৰ বৰঙাজুলি শ্রীমন্ত শংকৰদেৱ সত্রৰ সত্রাধিকাৰ হৰেকৃষ্ণ মহন্ত সত্রীয়া সংস্কৃতিৰ এজন আজীৱন সাধক৷ সত্রাধিকাৰজনে ২০১১-১২ বর্ষত মাজুলীৰ গড়মুৰ সত্রই আগবঢ়োৱা পিতাম্বৰ দেৱগোস্বামী ৰাষ্ট্রীয় বঁটা, ২০১২ বর্ষত অপূর্ব সিংহ বঁটা আৰু বৰপেটা সত্রৰ পৰা ‘সত্রভূষণ’ উপাধি লাভ কৰিছিল৷
মই আনন্দিত হৈছোঁ : বশিষ্ঠ দেৱশর্মা: বৰপেটাৰ বিশেষ সংবাদদাতা আৰু চেঙাৰ নিজা বাতৰি দিওঁতা ঃ ‘গুৰুজনাৰ নামত প্রৱর্তন কৰা এই বঁটাৰ বাবে বাছনি কৰাৰ বাবে মই আনন্দিত হৈছোঁ৷ এই বঁটাৰ বাবে মই যোগ্য হয়নে নহয় সেয়া ৰাইজে বিচাৰ কৰিব৷ কিন্তু এই বঁটাই মোক গুৰুজনাৰ নীতি-আদর্শ প্রচাৰ আৰু প্রসাৰ কৰাৰ ক্ষেত্রত অধিক অনুপ্রাণিত কৰিব৷ গুৰুজনাৰ নীতি-আদর্শ অধিক প্রচাৰৰ ক্ষেত্রত চৰকাৰৰ অধিক কৰণীয় আছে৷ সত্র সংস্কৃতি ৰক্ষা হ’লেহে জাতি ৰক্ষা হ’ব৷’ এই মন্তব্য বশিষ্ঠ দেৱশর্মাৰ৷
বঁটা লাভ কৰাৰ খবৰৰ পাছত সাংবাদিকৰ আগত বুঢ়া সত্রীয়াগৰাকীয়ে আৰু কয় যে এই সত্রসমূহে পুনৰ উদ্ধাৰ আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্রত চৰকাৰে পদক্ষেপ গ্রহণ কৰিব লাগিব৷ অসমৰ প্রতিটো জাতি- জনগোষ্ঠীৰ মাজত গুৰুজনাৰ নীতি-আদর্শ প্রচাৰৰ ক্ষেত্রত বৰপেটা সত্রৰ শাখা সত্র সমাজে কাম কৰি আছে৷
আজি এই বঁটা ঘোষণা কৰাৰ পাছতে বুঢ়া সত্রীয়াগৰাকীক বৰপেটা সত্র সমিতি, বৰপেটা আঞ্চলিক ছাত্র সন্থা, খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসম সেনাৰ প্রাক্তন উপ-মুখ্য আহবায়ক হেমন্ত কুমাৰ দেউৰী, বৰপেটা জিলা সাহিত্য সভা, বৰপেটা জিলা লেখিকা সমাৰোহ, শংকৰদেৱ যুৱ মঞ্চ, বৰপেটা জিলা বিজেপি, বৰপেটা জিলা অগপ, বৰপেটাৰ প্রাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰকে ধৰি বিভিন্ন দল-সংগঠনে শুভেচছা জ্ঞাপন কৰে৷ আনহাতে আজি আবেলি বুঢ়াসত্রীয়া বশিষ্ঠ দেৱ শর্মাৰ নিজ বাসগৃহলৈ গৈ তেওঁক অভিনন্দন জনায় সদৌ বৰপেটা জিলা ছাত্র সন্থাই৷
সদৌ অসম ছাত্র সন্থাৰ উপসভাপতি প্রদীপ দাস, জিলা ছাত্র সন্থাৰ সভাপতি কৃষ্ণকান্ত দাস, প্রাক্তন সভাপতি খনীন পাঠক আৰু খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ মুখ্য আহবায়ক গোবিন্দ গায়নে এই বঁটাৰ বাবে নির্বাচিত কৰাত ৰাজ্য চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰে৷
দালগুৰিত আনন্দৰ লহৰ: টংলাৰ নিজা প্রতিবেদক: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ডিমাকুছিৰ বৰঙাজুলি সত্রৰ অধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্তক আজি অসম চৰকাৰে কালিচৰণ ব্রহ্ম বঁটা আগবঢ়োৱাৰ পাছত সমগ্র ওদালগুৰি জিলাৰ সত্রসমূহত আনন্দ লহৰ উঠিছে৷ বি টি চি পৰিষদৰ উপাধ্যক্ষ নেৰছন বড়ো, বিধায়িকা কমলী বসুমতাৰী, বৰঙাজুলি সত্র পৰিচালনা সমিতিৰ সভাপতি শুকৰাম বড়োৱে আনন্দ প্রকাশ কৰাৰ লগতে বর্তমান অসুস্থ হৈ থকা মহন্তৰ আশু আৰোগ্য কামনা কৰে৷ ডিমাকুছি এবছু, আছু, আগছু, জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, আক্রাছু, আছা আদি সংগঠনে উক্ত বঁটাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷
তিনিচুকীয়াতো উৎফুল্ল ৰাইজ: তিনিচুকীয়াৰ ষ্টাফ ৰিপ’র্ৰ: শ্রীশ্রীদিনজয় সত্রৰ অধিকাৰ শ্রীশ্রীযোগদানন্দ চন্দ্র গোস্বামীক ৰাজ্য চৰকাৰে শ্রীশ্রীমাধৱদেৱ বঁটাৰ বাবে নির্বাচিত কৰাত তেওঁৰ অনুগামী তথা ভক্তপ্রাণ ৰাইজ উৎফুল্ল হৈ পৰিছে৷ উল্লেখযোগ্য যে সত্রখনৰ নৱম অধিকাৰ স্বর্গগত মহানন্দ চন্দ্র গোস্বামী আৰু প্রয়াত তৰাৱতী গোস্বামীৰ ঔৰসত যোগদানন্দ চন্দ্র গোস্বামীয়ে ১৯২৭ চনত জন্মগ্রহণ কৰিছিল৷
১৯৫৯ চনত শ্বিলঙৰ চেইণ্ট এন্থনীজ কলেজৰ পৰা স্নাতক যোগদানন্দ চন্দ্র গোস্বামীয়ে ১৯৬০ চনৰ পৰা দিনজয় হাজাৰীমাল উচচ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি ১৯৮৭ চনত প্রধান শিক্ষকৰূপে অৱসৰ গ্রহণ কৰে৷ ১৯৯২ চনৰ পৰা দিনজয় সত্রৰ অধিকাৰ হিচাপে দায়িত্ব লৈ আছে৷ তেওঁ ১৯৬৪ চনৰ যুৱাধিকাৰ হিচাপে সত্রীয়া দায়িত্বও পালন কৰিছিল৷ ১৯৯৭ আৰু ১৯৯৯ চনত সত্র মহাসভাৰ দুবাৰকৈ সভাপতি হৈ পাঁচ বাৰ শান্তি-সম্প্রীতিৰ যাত্রা কৰাৰ লগতে যোৰহাটত সত্রীয়া সংগীত মহাবিদ্যালয় আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ত সত্রীয়া সংগীতৰ বিশাৰদ পাঠ্যক্রম মুকলি কৰিছিল৷
সত্রীয়া সংগীতক ৰাষ্ট্রীয় স্বীকৃতিৰ বাবে প্রচেষ্টা হাতত লৈছিল৷ ২০০২ৰ পৰা ২০০৫ চনলৈ সদৌ অসম শ্রীশ্রীগোপাল আতা সমাজৰ সভাপতি হিচাপেও সেৱা আগবঢ়াইছিল৷ বিশ্ব হিন্দু পৰিষদৰ প্রান্তীয় মার্গ দর্শক হিচাপে থকা যোগদানন্দ চন্দ্র গোস্বামীয়ে অসম সত্রৰত্ন বঁটা ২০১৬ লাভ কৰিছিল৷ সত্রৰ অধিকাৰগৰাকীয়ে ধর্মীয় সেৱাৰ উপৰি সমাজ সেৱাত ব্রতী হৈ শান্তিৰ হকে কাম কৰি আছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি