Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:16 pm

Home » আঞ্চলিক » বিজেপিৰ সৈতে মিত্রতা নিবিচাৰে মহন্তই

বিজেপিৰ সৈতে মিত্রতা নিবিচাৰে মহন্তই

গুৱাহাটী : নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমর্থন কৰা কোনো ৰাজনৈতিক দলৰ সৈতেই অসম গণ পৰিষদৰ মিত্রতা সম্ভৱ নহয়৷ যি দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে অসম চুক্তি আখৰে আখৰে ৰূপায়ণৰ প্রতিশ্রুতি দিব, তেনে ৰাজনৈতিক দলৰ সৈতেহে মিত্রতাৰ বিষয়টো বিবেচনা কৰা হ’ব৷
নীতি আৰু আদর্শক লৈহে মিত্রতাৰ প্রসংগটো আগবঢ়া উচিত৷’ আজি বিয়লি নগাঁৱত এখন সংবাদমেলত নির্বাচনী মিত্রতাৰ সম্পর্কত এই মন্তব্য কৰে প্রাক্তন মুখ্যমন্ত্রী তথা অগপৰ প্রতিষ্ঠাপক সভাপতি বিধায়ক প্রফুল্ল কুমাৰ মহন্তই৷ বিজেপিৰ সৈতে নির্বাচনী মিত্রতাৰ তীব্র বিৰোধিতা কৰি মহন্তই আৰু কয়, ‘বিজেপিৰ ৰাষ্ট্রীয় অধ্যক্ষ অমিত শ্বাহে লখিমপুৰত ৰাজহুৱা সভাত ঘোষণা কৰিছিল গতিকে বিজেপিৰে আমাৰ মিত্রতাৰ প্রশ্নই উঠিব নোৱাৰে৷’
নাগৰিকত্ব সংশোধনী বিধেয়কক জাতিধবংসকাৰী বিধেয়ক আখ্যা দি প্রাক্তন মুখ্যমন্ত্রী মহন্তই আৰু কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়কে জাতি-মাটি-ভেটি নিঃশেষ কৰিব৷ এই বিধেয়কৰ সমর্থনকাৰী কোনো দলৰ লগত নির্বাচনী মিত্রতা কৰাৰ পক্ষত মই নাই৷ বিজেপিৰ লগত মিত্রতাক ব্যক্তিগতভাৱে বিৰোধিতা কৰোঁ৷ কোনোবাই তেনে সিদ্ধান্ত ল’লেও প্রত্যাহাৰ কৰিব লাগিব৷ যিহেতু আমাৰ দলৰ কর্মীসকলে বিজেপিৰ সৈতে নির্বাচনী মিত্রতা হোৱাটো বিচৰা নাই, ময়ো দলীয় কর্মীসকলৰ লগত আছোঁ৷ মই দল বিভাজন হোৱাটো কেতিয়াও নিবিচাৰোঁ৷’ অগপ-বিজেপিৰ মিত্রতাৰ সন্দর্ভত দলৰ মজিয়াত এই পর্যন্ত কোনোধৰণৰ সিদ্ধান্ত হোৱা নাই৷
সংবাদ মাধ্যমৰ জৰিয়তেহে মই এই বিষয়ে জানিব পাৰিছোঁ৷ অগপই এতিয়াও মিত্রতাৰ কথাটো স্পষ্ট কৰা নাই৷’ শেহতীয়াকৈ ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত নিযুক্তিৰ ক্ষেত্রত সংঘটিত দুর্নীতিৰ প্রসংগত সংবাদমেলত মহন্তই কয়, ‘চৰকাৰখনৰ স্বচছ আৰু নিকা প্রশাসন কেতিয়াবাই গ’ল৷ আনহাতে অগপৰ জ্যেষ্ঠ নেতা, বিধায়ক বৃন্দাবন গোস্বামীক কালি তেজপুৰত বিজেপি নেতাই কৰা দুর্বযৱহাৰক মহন্তই দুর্ভাগ্যজনক আখ্যা দিয়ে৷ সংবাদমেলত মহন্তই বঢ়মপুৰ সমষ্টিটোত অনুমোদন কৰি অনা বিভিন্ন পথৰ কামক লৈ বিজেপি নেতা-কর্মীসকলৰ মাজত হোৱা টনা-আঁজোৰাৰ বাবেই কাম বন্ধ হৈ পৰা বুলিও অভিযোগ কৰে৷
নগাঁও জিলা অগপ ক্ষুব্ধ: নগাঁৱৰ লোক সভাৰ নির্বাচনৰ প্রাক৲মুহূর্তত অসম গণ পৰিষদে পুৰণা তিক্ততা পাহৰি পুনৰ বিজেপিৰ সৈতে মিত্রতাৰ পাশত আবদ্ধ হ’বলৈ আগবঢ়াত নগাঁও জিলাৰ অগপ নেতা-কর্মীসকল ক্ষুব্ধ হৈ পৰিছে৷ কালি নগাঁও জিলা অগপৰ কার্যালয়ত জিলা অগপৰ সভাপতি অতুল মেধিৰ সভাপতিত্বত অনুষ্ঠিত কার্যনির্বাহক সভাত বিজেপি আৰু কংগ্রেছৰ লগত নির্বাচনী মিত্রতাৰ বিৰোধিতা কৰি এক প্রস্তাৱ গ্রহণ কৰা হয়৷
লগতে কার্যনির্বাহক সভাত গৃহীত প্রস্তাৱটো কালিয়েই দলৰ সভাপতিলৈ প্রেৰণ কৰা হয়৷ যদিহে নগাঁও জিলা অগপৰ কার্যনির্বাহকৰ এই প্রস্তাৱটোক উপেক্ষা কৰি অগপৰ নেতৃত্বই বিজেপিৰে নির্বাচনী মিত্রতা কৰে তেতিয়া নগাঁও জিলা অগপত থকা-নথকাৰ কথাও চিন্তা কৰিব বুলিও কার্যনির্বাহক সভাত প্রতিজন সদস্যই হুংকাৰ দিয়ে৷ বিজেপিৰে মিত্রতাৰ সন্দর্ভত নগাঁও জিলা অগপৰ কঠোৰ সিদ্ধান্তৰ এদিন পাছতেই আজি নগাঁৱলৈ আহি এখন সংবাদমেল আয়োজন কৰি দলৰ প্রতিষ্ঠাপক সভাপতি, প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তয়ো নগাঁও জিলা অগপৰ সুৰতে সুৰ মিলাই বিজেপিৰে মিত্রতাৰ প্রশ্নই উঠিব নোৱাৰে বুলি মন্তব্য কৰে৷
নগাঁও জিলা অগপ আৰু প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই বিজেপিৰ সৈতে অগপৰ নির্বাচনী মিত্রতাৰ বিৰোধিতা কৰিলেও জিলাখনৰ আন এজন অগপ নেতা, প্রাক্তন মন্ত্রী, কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত আৰু তেওঁৰ শিবিৰে এই মিত্রতা মনে-প্রাণে বিচাৰে বুলি নগাঁৱৰ একাংশ অগপ নেতাই মন্তব্য কৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবেই বিজেপিৰ পৰা আঁতৰি আহি পুনৰ যদি সেই বিজেপিৰ মিত্রতাৰ পাশত অগপ আবদ্ধ হয় তেতিয়া দলটোৰ ভেটিত তিতা লাও গজিব বুলিও একাংশ অগপ নেতাই মত প্রকাশ কৰিছে৷ নির্বাচনী মিত্রতাৰ প্রসংগটোৱে অগপৰ ভিতৰতে অসন্তুষ্টিৰ জোৱাৰ তোলাত এতিয়া নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে নগাঁও জিলা অগপৰ কার্যালয়ত৷ লোক সভাৰ নির্বাচনক কেন্দ্র কৰি বিজেপি আৰু কংগ্রেছৰ শিবিৰত তৎপৰতাৰ অন্ত পৰা নাই৷ তাৰ বিপৰীতে নগাঁও জিলা অগপৰ কার্যালয়ত বিৰাজ কৰিছে অন্তহীন নিঃস্তব্ধতা৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি