গুৱাহাটী : লোক সভাৰ নির্বাচনৰ আগে আগে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ৯৪৫টা পদৰ নিযুক্তিত হোৱা ব্যাপক কেলেংকাৰিয়ে জোকাৰিছে সর্বানন্দ সোণোৱাল- নেতৃত্বাধীন চৰকাৰক৷ বৃহৎসংখ্যক পদত হোৱা নিযুক্তিত মন্ত্রী, বিধায়ক, বিজেপি, আৰ এছ এছৰ নেতাৰ আত্মীয়ই নহয় একেটা পৰিয়ালৰ একাধিক সদস্যই নিযুক্তি লাভ কৰাৰ তথ্য ফাদিল হৈ পৰাত বিতত হৈ পৰিছে চৰকাৰ৷

সন্মুখত থকা লোক সভাৰ নির্বাচনত এই নিযুক্তি কেলেংকাৰিয়ে প্রভাৱ পেলোৱাৰ পূর্ণ সম্ভাৱনা দেখিয়ে মুখ্যমন্ত্রী সোণোৱালে ততাতৈয়াকৈ তদন্ত ঘোষণা কৰিছে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়তো উচচ পর্যায়ৰ তদন্তৰ দাবী উত্থাপন হৈছিল যদিও সেই দাবীক আওকাণ কৰিছিল মুখ্যমন্ত্রী সোণোৱালে৷ নিযুক্তিপ্রাপ্তসকলৰ লগত মন্ত্রী-বিধায়ক বা দলীয় নেতাৰ নাম সাঙোৰ খাই পৰাত লোক সভাৰ নির্বাচনতো ইয়াৰ প্রভাৱ পৰাৰ সম্ভাৱনা দেখিয়ে অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক তদন্তৰ নির্দেশ দিছে মুখ্যমন্ত্রী সোণোৱালে৷ মুখ্যমন্ত্রীয়ে অতিৰিক্ত মুখ্য সচিবক তদন্তৰ দায়িত্ব দি শীঘ্রে প্রতিবেদন দাখিলৰো নির্দেশ দিয়ে৷