গুৱাহাটী : মার্চত অসম চৰকাৰৰ বিত্ত তথা গড়কাপ্টানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শদিয়াৰ সদৰ চপাখোৱাত এখন সভাত শদিয়াবাসীৰ আগত বিজেপি-নেতৃত্বাধীন কেন্দ্রীয় তথা ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ খতিয়ান দি যোৱাৰ এদিনৰ পাছতে শদিয়াৰ বুঢ়া-বুঢ়ী দেউৰী গাঁৱৰ স্থানীয় মহিলাই জৰাজীর্ণ বাট-পথৰ সন্দর্ভত শদিয়াৰ মহকুমাধিপতিক কার্যালয়ত সাক্ষাৎ কৰি অভিযোগ দাখিল কৰিছে৷
উল্লেখযোগ্য যে শদিয়া বিধানসভা সমষ্টিৰ বুঢ়াবুঢ়ী গাঁও পঞ্চায়তৰ অন্তর্গত বৰগড়া মিচিং গাঁও তিনিআলিৰ পৰা বুঢ়াবুঢ়ী দাৰাগাঁও হৈ অমৰপুৰ পঞ্চায়তলৈ যোৱা পথছোৱাৰ জৰাজীর্ণ অৱস্থাই বছৰৰ পাছত বছৰ ধৰি জলা-কলা খোৱাই আহিছে স্থানীয় গাঁওবাসীক৷ খৰালি ধূলি আৰু বাৰিষাত বোকা-পানীৰে একাকাৰ হৈ দৈনিক অহা-যোৱা কৰিবলগীয়া হয় শদিয়াৰ পশ্চিম প্রান্তৰৰ ত্রিশখনৰো অধিক গাঁৱৰ জনসাধাৰণে৷ পশ্চিম শদিয়াৰ এই বৃহত্তৰ অঞ্চলটোৰ অন্তর্গত গাঁৱসমূহৰ একমাত্র ঘাইপথছোৱাত বর্তমান পথৰ মাজতে পুখুৰী-সদৃশ প্রকাণ্ড প্রকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷
উল্লেখযোগ্য যে এই পথছোৱা নির্মাণৰ বাবে ১৬-১০-২০১৫ তাৰিখে লখিমপুৰ লোক সভা সমষ্টিৰ তদানীন্তন সাংসদ তথা বর্তমানৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিছিল শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়া আৰু গড়কাপ্টানী বিভাগৰ (পথ) উচচপদস্থ বিষয়াৰ উপস্থিতিত৷ স্থানীয় ৰাইজে জনোৱা মতে, এই পথছোৱাৰ প্রায় ছয় কিল’মিটাৰ অংশ নির্মাণৰ বাবে কেন্দ্রীয় চৰকাৰে এন এল চি পি আৰ আঁচনিৰ অধীনত ৯,৮৮,৬১,২০৩ টকা অনুমোদন কৰিছিল৷
সেই অনুসৰি নিবিদা প্রক্রিয়া সম্পাদন হোৱাৰ অন্তত শদিয়া সমষ্টিৰ বিধায়কৰ ঘনিষ্ঠ বুলি পৰিচিত স্থানীয় মনোজ তেলী নামৰ ঠিকাদাৰজনে এই পথছোৱা নির্মাণৰ দায়িত্ব লাভ কৰিছিল৷ এই পথছোৱাৰ লগতে ঘূৰমৰা নৈৰ ওপৰত নির্মাণ হ’বলগীয়া ২২৪.৭৫ মিটাৰ দৈর্ঘযৰ দলংখন কেৱল নির্মাণ কৰিয়েই দায়িত্ব সামৰিলে ঠিকাদাৰ বাহিনীয়ে৷ ঠিকাদাৰ বাহিনীয়ে নির্মাণৰ দায়িত্ব লাভ কৰাৰ পাছতো আজিলৈকে এই গুৰুত্বপূর্ণ পথছোৱা নির্মাণ নোহোৱাত অতিষ্ঠ হৈ পৰিছে ৰাইজ৷ কি গোপন অভিসন্ধিত ২০১৫ চনতে আধাৰশিলা হৈ যোৱা পথছোৱা আজিলৈকে নির্মাণ নহ’ল? এয়া বৃহত্তৰ অঞ্চলটোৰ প্রতিগৰাকী ব্যক্তিৰ প্রশ্ন বিভাগীয় কর্তৃপক্ষ তথা ঠিকাদাৰ বাহিনীলৈ৷
স্থানীয় গাঁওবাসীয়ে জনোৱা মতে, বাৰম্বাৰ এই বিষয়টোৰ সন্দর্ভত জনপ্রতিনিধি, শদিয়াৰ মহকুমা প্রশাসন তথা বিভাগীয় কর্তৃপক্ষক লিখিত আৰু মৌখিকভাৱে অৱগত কৰি আহিছে যদিও আজিলৈকে সুফল লাভ কৰিবলৈ সক্ষম নহ’ল৷ শদিয়া বিধানসভা সমষ্টিৰ অন্তর্গত বুঢ়াবুঢ়ী আৰু অমৰপুৰ গাঁও পঞ্চায়তৰ সহস্রাধিক লোকে এই পথছোৱাৰে শদিয়াৰ প্রাণকেন্দ্র চপাখোৱাস্থিত শিক্ষানুষ্ঠান, চিকিৎসালয়, কার্যালয় আদিৰ লগতে হাটবজাৰ কৰিবলৈ দৈনিক অহা-যোৱা কৰে৷ স্থানীয় গাঁওবাসীৰ মতে, এই জৰাজীর্ণ পথেৰে দৈনিক গাড়ীৰে অহা-যোৱা কৰোঁতে প্রয়োজনতকৈ অধিক খৰচ বহন কৰিবলগীয়া হয় যাত্রীসকলে৷
ৰাইজৰ অভিযোগ– বিশেষকৈ অৰুণাচলৰ পৰা বৈ অহা দিবাং অথবা দেওপানী নদীৰ বুকুৰ শিল-বালি খনন কৰি এই জৰাজীর্ণ পথেৰেই ৰাজ্যখনৰ বিভিন্ন প্রান্তলৈ দৈনিক ডাম্পাৰেৰে প্রাকৃতিক সম্পদৰ ৰপ্তানি হৈ আছে দীর্ঘদিন ধৰি৷ এই গধুৰ বাহনসমূহ চলাচল কৰাৰ ফলতো পথছোৱাৰ অৱস্থা দিনকদিনে জৰাজীর্ণ হৈ আহিছে৷ এই দিশৰ পৰা চাব গ’লে চৰকাৰী ৰাজহ সংগ্রহৰ দিশতো ভূমিকা থকা এই পথটো নির্মাণৰ বাবে ঠিকাদাৰে দায়িত্ব লাভ কৰিও কিয় আজিলৈকে নির্মাণ নকৰিলে সেয়া এক ডাঙৰ প্রশ্ন৷