অগপ-বিজেপিৰ মাজত দীর্ঘদিন ধৰি চলি থকা ক্ষমতাকেন্দ্রিক ৰাজনীতিৰ শীতল যুদ্ধৰ চূড়ান্ত পৰিণতিতে আধাৰশিলা স্থাপন কৰিবলৈ গৈ আজি তেজপুৰত স্থানীয় বিধায়ক বৃন্দাবন গোস্বামী ৰাজহুৱাভাৱে অপদস্থ হ’ব লগীয়া হোৱাৰ এক ঘটনাই তেজপুৰত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷
উল্লেখযোগ্য যে অসম গণ পৰিষদৰ অন্যতম জ্যেষ্ঠ নেতা তথা তেজপুৰৰ বিধায়ক খোদ বৃন্দাবন গোস্বামীয়ে আজি এক আধাৰশিলা স্থাপন কৰিবলৈ যোৱাৰ সময়তে বিজেপিৰ একাংশ সমর্থকে ঘেৰাও কৰি অপদস্থ কৰাৰ লগতে অভদ্র ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ আনহাতে বিধায়ক বৃন্দাবন গোস্বামীয়েও স্থানীয় মহিলাক অপদস্থ কৰা বুলিও আন এক প্রতি-অভিযোগৰ ঘটনাই সমগ্র তেজপুৰতে প্রাক৲-নির্বাচনী দ্বন্দ্বৰ কথাকে যেন উন্মোচিত কৰি তুলিছে৷
ঘটনা সন্দর্ভত জানিব পৰা মতে, বিধায়ক বৃন্দাবন গোস্বামীয়ে আজি তেজপুৰ চহৰৰ নিকটৱর্তী পটিয়া চুবুৰি অঞ্চলত ৰায় বাহাদুৰ নামৰ এটা পথ নির্মাণৰ হেতু আধাৰশিলা স্থাপন কৰাৰ বাবে উপস্থিত হৈছিল৷ কিন্তু পথটোৰ আধাৰশিলা স্থাপনৰ ফলকত পথটোৰ কিমান অংশ নির্মাণৰ বাবে অনুমোদন হৈছে আৰু সেই সন্দর্ভত প্রাক৲কলন উল্লেখ নথকাত স্থানীয় একাংশ বিজেপি সমর্থক ক্ষুব্ধ হৈ পৰে৷ ক্ষুব্ধ বিজেপিৰ সমর্থকসকলে বিধায়কগৰাকীয়ে আধাৰশিলা স্থাপন কৰিবলৈ লওঁতেই বাধা প্রদান কৰি পথটোৰ কিমান অংশ নির্মাণ কৰা হ’ব তাৰ সবিশেষ তথ্য বিচাৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ এই ঘটনাক কেন্দ্র কৰি বিধায়ক বৃন্দাবন গোস্বামী আৰু লগত যোৱা অগপ সমর্থকসকলৰ সৈতে স্থানীয় ৰাইজৰ তীব্র বাক৲-বিতণ্ডাৰ সৃষ্টি হয়৷ ইফালে সেই সময়তে বিজেপিৰ ডেকাৰগাঁও জিলা পৰিষদৰ নৱ-নির্বাচিত সদস্যা জয়া দাস আৰু একাংশ সমর্থক আধাৰশিলা স্থাপনৰ স্থলীত উপস্থিত হয়৷ ডেকাৰগাঁও জিলা পৰিষদৰ বিজেপিৰ সদস্যাগৰাকীয়ে পোনে পোনে বিধায়কগৰাকীক কোন পুঁজিৰ জৰিয়তে পথ নির্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছে এই সন্দর্ভত বিভিন্ন ধৰণে প্রশ্ন কৰে৷
বিধায়ক বৃন্দাবন গোস্বামীয়ে সেই সময়ত সদস্যাগৰাকীক আপুনি কোন মই চিনি পোৱা নাই বুলি কোৱাত ঘটনাস্থলীত উপস্থিত থকা বিজেপি সদস্যসকলৰ সৈতে ৰাইজ উত্তেজিত হৈ পৰে৷ এই ক্ষেত্রত স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে পথটোৰ নির্মাণৰ পূর্বে যিধৰণে জোখ-মাখ লৈ গৈছিল সেই ধৰণে পথটোৰ নির্মাণ নকৰি এটা অংশহে নির্মাণ কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰে৷ ইয়াক কেন্দ্র কৰি বিজেপিৰ একাংশ সমর্থক তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ সৈতে তীব্র বাক৲-বিতণ্ডাত লিপ্ত হোৱাত বিধায়কগৰাকী ক্ষুব্ধ হৈ পৰে৷
বিজেপি সমর্থকসকলে বিধায়কগৰাকীক ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ সময়তে বিধায়কগৰাকীয়ে এই অপমান সহ্য কৰিব নোৱাৰি মোক ইতিকিং কৰি কথা কয় আৰু মই আল্টু-ফাল্টু এম এল এ নহয় বুলি মন্তব্য কৰে৷ আধাৰশিলা স্থাপনক লৈ বিজেপি আৰু অগপ সমর্থক আৰু বিধায়ক বৃন্দাবন গোস্বামীৰ সৈতে তীব্র বাক৲-বিতণ্ডাৰ সৃষ্টি হোৱাৰ কিছু সময়ৰ পাছতে পুনৰ বিধায়ক বৃন্দাবন গোস্বামীয়েই ৰায় বাহাদুৰ পথটোৰ আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰু বিজেপিৰ সৈতে মিত্রতাক একপ্রকাৰে বিৰোধিতা কৰি অগপ নিজৰ ভৰিত অকলশৰে থিয় হোৱাৰ পোষকতা কৰে৷
ইফালে পথৰ আধাৰশিলা স্থাপন কৰিবলৈ যোৱা এগৰাকী নির্বাচিত জনপ্রতিনিধিক একাংশ বিজেপিৰ নেতা-কর্মীয়ে ঘেৰাও কৰি অপদস্থ কৰা ঘটনাক কেন্দ্র কৰি সমগ্র তেজপুৰ অঞ্চলতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
উল্লেখযোগ্য যে অলপতে তেজপুৰৰ জয়মতী পথাৰত শোণিতপুৰ জিলা প্রশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এক সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি গড়কাপ্টানী মন্ত্রী হিমন্ত বিশ্ব শর্মাই তেজপুৰত ৬৫ কোটিৰো অধিক টকাৰে ৮০ টাৰো অধিক গড়কাপ্টানী পথ নির্মাণৰ শুভাৰম্ভ কৰিছিল৷ আশ্চর্যজনক বিষয় যে সেই সময়ত বিজেপি একমাত্র ৰাজনৈতিক স্বার্থ আগত ৰাখিয়েই ৬৫ কোটি টকাৰ পথ নির্মাণৰ বৃহৎ ফলকত স্থানীয় বিধায়কগৰাকীৰ নামৰ ওপৰত ক’লা টেপ মাৰি নামটো ঢাকি দিছিল৷ গড়কাপ্টানী মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত বিজেপি কর্মীয়ে সংঘটিত কৰা এই ঘটনাক কেন্দ্র কৰি সেই সময়ত সভাত উপস্থিত থকা ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷