Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:01 am

Home » আঞ্চলিক » চূড়ান্ত হল অগপ-বিজেপিৰ মিত্রতা

চূড়ান্ত হল অগপ-বিজেপিৰ মিত্রতা

গুৱাহাটী : কংগ্রেছক ধৰাশায়ী কৰাৰ লক্ষ্যত অগপ আৰু বিজেপিৰ মাজত নির্বাচনী মিত্রতাই পুনৰ গতি লাভ কৰিছে৷ মিত্রতা অবিহনে পঞ্চায়ত নির্বাচনত অৱতীর্ণ হোৱাৰ পাছত দুয়োটা দল তথা নেতাসকলৰ মাজত ব্যৱধান বৃদ্ধি পাইছিল যদিও ৰাষ্ট্রীয় পর্যায়ৰ নেতাৰ হস্তক্ষেপত লোক সভা নির্বাচনত আসন বুজাবুজিৰে পুনৰ নির্বাচনী মিত্রতাৰ পথ প্রশস্ত হৈছে৷
দুয়োটা দলৰ নির্বাচনী মিত্রতা একপ্রকাৰ চূড়ান্ত হৈছে আৰু দুই-এদিনৰ ভিতৰতে এই মিত্রতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ সম্ভাৱনা আছে৷ এটা সূত্রৰ পৰা জানিব পৰা মতে, বিজেপিয়ে অগপক বৰপেটা আৰু কলিয়াবৰ লোক সভা সমষ্টি এৰি দিবলৈ সন্মত হৈছে৷ অৱশ্যে ধুবুৰী লোক সভা সমষ্টি অগপক এৰি দিয়া সম্পর্কত দুয়োটা দলৰ মাজত আলোচনা চলি আছে৷ উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্র কৰি অগপই নির্বাচনী মিত্রতাৰ পৰা ওলাই আহিছিল৷
কিন্তু লোক সভা নির্বাচনত কংগ্রেছ বা আন শক্তিক ধৰাশায়ী কৰিবলৈ বিজেপিক বি পি এফৰ লগতে অগপৰ সৈতে মিত্রতাৰ প্রয়োজনীয়তা অপৰিহার্য হৈ পৰাত নির্বাচনী বুজাবুজিৰ বিষয়টোৱে নতুন মোৰ লাভ কৰিছে৷ অগপ আৰু বিজেপিয়ে পৃথকে পৃথকে নির্বাচনত প্রতিদ্বন্দ্বিতাত নামিলে কংগ্রেছ লাভান্বিত হ’ব৷
সূত্রটোৰ পৰা জানিব পৰা মতে, লোক সভা নির্বাচনত ৰাষ্ট্রীয় নেতৃত্ব ফালৰ পৰা কংগ্রেছে আসন যাতে কোনো কাৰণতে দুখনতকৈ বেছি লাভ কৰিব নোৱাৰে আৰু বিজেপি মিত্রজোঁটৰ আসনৰ সংখ্যা কমেও ১১খনলৈ বৃদ্ধি হয়, তাৰ বাবে ৰাজ্যৰ নেতৃবর্গক কাঢ়া নির্দেশ দিয়া হৈছে৷ যাৰ ফলত ৰাষ্ট্রীয় পর্যায়ৰ নেতাই অগপৰ লগত মিত্রতা একপ্রকাৰ চূড়ান্ত কৰাৰ পাছত ৰাজ্যিক নেতৃত্বই সুৰ সলাবলগীয়া হৈছে৷
লোক সভা নির্বাচনত অগপৰে নির্বাচনী মিত্রতাক একেমুখে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে নাকচ কৰিছিল যদিও শেহতীয়াকৈ ৰাষ্ট্রীয় পর্যায়ৰ নেতাই মিত্রতাৰ বাবে লোৱা উদ্যোগৰ পাছত তেওঁ সুৰ সলাবলগীয়া হৈছে৷ পূর্বে অগপৰে নির্বাচনী মিত্রতাৰ তীব্র বিৰোধিতা কৰা বিজেপিৰ ৰাজ্যিক সভাপতি দাসে কালি সংবাদ মাধ্যমৰ আগত বিষয়টো ৰাষ্ট্রীয় নেতৃত্বলৈ ঠেলি দি সুৰ সলনি কৰে৷ দুই-এদিনতে নির্বাচনী মিত্রতাই আনুষ্ঠানিক ৰূপ পোৱাৰ পাছত অগপই প্রার্থী চূড়ান্ত কৰিব৷
উল্লেখযোগ্য যে মিত্রতাৰ সূত্রে অগপই কলিয়াবৰ সমষ্টি লাভ কৰিলে সমষ্টিটোৰ প্রার্থী হিচাপে ছাত্র নেতা মণিমাধৱ মহন্তৰ নাম চর্চিত হৈছে যদিও এটা সূত্রৰ পৰা জানিব পৰা মতে, এই সমষ্টিটোত এজন প্রাক্তন সাংসদেহে অগপৰ প্রার্থিত্ব লাভ কৰিব৷ বৰপেটাৰ বাবে ভূপেন ৰায় বা কুমাৰ দীপক দাস আৰু ধুবৰী সমষ্টি লাভ কৰিলে জাভেদ ইছলাম হ’ব অগপৰ প্রার্থী৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি