গুৱাহাটী : লোক সভাৰ নির্বাচন ওচৰ চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত প্রার্থিত্ব-কেন্দ্রিক তৎপৰতা আৰম্ভ হৈছে৷ বিৰোধী কংগ্রেছৰ প্রার্থীৰ তালিকা লৈ দিল্লীত স্ত্রুিনিং কমিটীৰ সৈতে প্রদেশ কংগ্রেছ কমিটীয়ে বৈঠকত মিলিত হৈছে৷ ইফালে শাসনাধিষ্ঠিত বিজেপিত প্রার্থীক লৈ আৰম্ভ হৈছে নতুন অংক৷
তেজপুৰ, মঙলদৈ, যোৰহাট, নগাঁও আৰু গুৱাহাটী সমষ্টিৰ প্রার্থিত্বক কেন্দ্র কৰি আৰম্ভ হৈছে নতুন ৰাজনৈতিক সমীকৰণ৷ তেজপুৰত অলপতে বিজেপিৰ এখন সাংগঠনিক সভাত উপস্থিত থকাৰ সময়ত বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যই বর্তমানৰ সাংসদ আৰ পি শর্মাৰ প্রার্থিত্বৰ অংকত আউল লগাইছে৷ উল্লেখযোগ্য যে মন্ত্রী হিমন্ত বিশ্ব শর্মাই তেওঁ ৰাজ্যৰ ৰাজনীতি এৰি দিল্লীৰ ৰাজনীতিলৈ ঢাপলি মেলাৰ ইচছাৰ কথা প্রকাশ কৰি তেজপুৰত দলে প্রার্থিত্ব দিলে প্রতিদ্বন্দ্বিতাত নামিব বুলি মন্তব্য কৰিছিল৷
মন্ত্রী শর্মাই কৰা মন্তব্যৰ পাছতে বর্তমানৰ সাংসদ আৰ পি শর্মাৰ নিদ্রাহৰণ হৈছে৷ বিজেপিৰ এটা সূত্রৰ পৰা জানিব পৰা মতে লোক সভাৰ নির্বাচনত এইবাৰ মঙলদৈ সমষ্টিত প্রার্থিত্ব নাপাব পাৰে বর্তমানৰ সাংসদ ৰমেন ডেকাই৷ গুৱাহাটী সমষ্টিৰ বর্তমানৰ সাংসদ বিজয়া চক্রৱর্তীক বয়সজনিত কাৰণত প্রতিদ্বন্দ্বিতাৰ পৰা আঁতৰাই ৰমেন ডেকাক গুৱাহাটীত প্রার্থিত্ব দিয়াৰ সম্ভাৱনা আছে৷
লোক সভাত নতুন মুখৰ প্রার্থীক প্রাধান্য দি জয়ৰ লক্ষ্যত মঙলদৈ সমষ্টিত এইবাৰ বিজেপিয়ে জয়ন্ত মল্ল বৰুৱাক প্রার্থিত্ব দিয়াৰ গুণা-গঁথা চলাইছে৷ দলটোৰ এটা সূত্রৰ পৰা জানিব পৰা মতে লোক সভাৰ নির্বাচনৰ প্রার্থীৰ তালিকা প্রস্তুত কৰাৰ সময়ত ৰাজ্যিক নেতৃত্ব, মন্ত্রীসভা সম্প্রসাৰণ আদি দিশবোৰো পর্যালোচনা কৰিব বিজেপিৰ ৰাজ্যিক নেতৃত্বই৷ বিজেপিৰ সূত্রটোৰ মতে মঙলদৈৰ বর্তমানৰ সাংসদ ৰমেন ডেকাক ৰাজ্যিক সভাপতিৰ দায়িত্ব দি বর্তমানৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক মন্ত্রীসভাত অন্তর্ভুক্ত কৰাৰ সম্ভাৱনা আছে৷
লোক সভাৰ নির্বাচনত এগৰাকী মহিলা প্রার্থী জয়ী কৰাৰ লক্ষ্যত বিজেপি নেত্রী কুইন ওজাও শেষ মুহূর্তত হ’ব পাৰে দলটোৰ গুৱাহাটীৰ প্রার্থী৷ ধাৰাবাহিকভাৱে কেইবাটাও নির্বাচনত জয়ী হৈ অহা নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধে যৌন কেলেংকাৰিৰ অভিযোগেৰে দলটোৰ একাংশ নেতাই তেওঁৰ বিৰুদ্ধে সক্রিয় হৈ পৰিছে৷ সাংসদ তথা কেন্দ্রীয় মন্ত্রী গোহাঁইৰ যৌন কেলেংকাৰিৰ অভিযোগ তথ্য সহকাৰে দাখিল হৈছে ৰাষ্ট্রীয় নেতৃত্বৰ ওচৰত৷ ইফালে যোৰহাটৰ সাংসদ কামাখ্যা প্রসাদ তাছাৰ প্রার্থিত্বও আছে অনিশ্চয়তাত৷
বিজেপিৰ ভিতৰ চ’ৰাত প্রার্থিত্বক কেন্দ্র কৰি বিভিন্ন হিচাপ-নিকাচ আৰম্ভ হৈছে৷ কংগ্রেছৰ প্রার্থীৰ তালিকাক লৈ স্ত্রুিনিং কমিটীৰ বৈঠক অনুষ্ঠিত হৈছে যদিও এই পর্যন্ত বিজেপিৰ প্রার্থীৰ তালিকা সন্দর্ভত আনুষ্ঠানিকভাৱে বৈঠক অনুষ্ঠিত হোৱা নাই যদিও বর্তমানে থকা আসন অক্ষত ৰাখি আৰু অধিক আসন জয়ৰ লক্ষ্যত দলটোত এতিয়া বিভিন্ন হিচাপ-নিকাচ আৰম্ভ হৈছে৷