Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:05 pm

Home » আঞ্চলিক » অসমৰ সংবাদ- পত্রই জনসংযোগ বিভাগৰ পৰা পাবলৈ আছে ৩০ কোটি টকা

অসমৰ সংবাদ- পত্রই জনসংযোগ বিভাগৰ পৰা পাবলৈ আছে ৩০ কোটি টকা

ৰাজ্য চৰকাৰৰ সকলো বিষয়ৰ প্রচাৰৰ বাবে দায়িত্বত থকা তথ্য আৰু জনসংযোগ বিভাগৰ একাংশ বিষয়াৰ গাফিলতিৰ বাবে অসমৰ সংবাদ মাধ্যমে জীয়াতু ভুগিবলগীয়া হৈছে৷ তথ্য প্রযুক্তিৰ অত্যাধুনিক উন্নয়নৰ যুগতো আওপুৰণি পদ্ধতিৰে চলি থকা বিভাগটোৰ কর্মচাৰীৰ হেমাহিৰ বাবে বছৰ বছৰ ধৰি বিজ্ঞাপনৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে অসমৰ সংবাদ পত্রকেইখন৷
বছৰ বছৰ ধৰি বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি কৰাৰ পৰা বিৰত থকা জনসংযোগ বিভাগে কাকতকেইখনক প্রাপ্য ধন আদায় দিয়াতো হেমাহি কৰি আহিছে৷ এই পর্যন্ত ৰাজ্যৰ বাতৰিকাকতকেইখনক বিজ্ঞাপন প্রকাশ কৰাৰ বাবত বিভাগটোৱে প্রায় ৩০ কোটি টকা আদায় দিবলৈ বাকী আছে৷ লক্ষণীয় যে বিভাগটোৱে বিজ্ঞাপন প্রকাশতহে অধিক গুৰুত্ব দিয়ে৷ কিন্তু সেই কামৰ বাবে কৰণীয় যাৱতীয় প্রক্রিয়াৰ ক্ষেত্রতো বিভাগটোৰ কর্মচাৰীসকলে গাফিলতি কৰি আহিছে৷
বিজ্ঞাপন প্রকাশৰ বাবে বাতৰিকাকতলৈ কেৱল প্রকাশ পাবলগীয়া বিজ্ঞাপনটোহে প্রেৰণ কৰে৷ কিন্তু বিজ্ঞাপনৰ সৈতে সংশ্লিষ্ট কাকতলৈ প্রেৰণ কৰিবলগীয়া বিজ্ঞাপন প্রকাশৰ অনুমতি পত্র (ৰিলিজ অর্ৰ) বহু পলমকৈ প্রেৰণ কৰে৷ ফলত সেই ৰিলিজ অর্ৰৰ অভাৱত কাকত গোষ্ঠীয়েও বিজ্ঞাপনৰ বিল প্রস্তুত কৰাত পলম কৰিবলৈ বাধ্য হয়৷ ইয়াৰ ফলতে কাকতখনৰ ওপৰত সেই বিজ্ঞাপনৰ বিলৰ ধনৰ ওপৰত জি এছ টি আগতীয়াকৈ ভৰিবলগীয়া হয় আৰু ই কাকত গোষ্ঠীক অধিক বোজা বহন কৰিবলৈ বাধ্য কৰে৷
প্রণিধানযোগ্য যে প্রতি মাহত প্রকাশ পোৱা বিজ্ঞাপনৰ বিলৰ ধনৰ ওপৰত জি এছ টি পৰৱর্তী মাহৰ মাজভাগৰ ভিতৰত কাকত গোষ্ঠীয়ে ভৰিব লাগে৷ লক্ষণীয় কথাটো হ’ল যি সময়ত অসমৰ স্থানীয় বাতৰিকাকতকেইখনে এটা বিজ্ঞাপনৰ বাবত ৪ হাজাৰৰ পৰা ৬ হাজাৰ টকা লাভ কৰে, সেই একেটা বিজ্ঞাপনৰ বাবে ৰাষ্ট্রীয় সংবাদ মাধ্যমক একেটা জনসংযোগ বিভাগে আদায় দিযে প্রায়় ৫ লাখ টকা৷
কিন্তু তাৰ বিপৰীতে সেই বিজ্ঞাপনৰ বাবত ৰাষ্ট্রীয় কাকতক কেন্দ্রীয় চৰকাৰৰ ডি এ ভি পিয়ে প্রায় ১.৬০ লাখহে টকা প্রদান কৰে৷ বিজ্ঞাপনৰ চৰকাৰী নিৰিখ যি সময়ত অসমৰ কাকতৰ বাবে প্রতি বর্গ ছেণ্টিমিটাৰত সর্বাধিক ৫৩ টকা নিৰিখ ধার্য কৰিছে, সেই একে সময়তে অসমত কমকৈ প্রচাৰ হোৱা ৰাষ্ট্রীয় কাকতৰ বাবে নিৰিখ ধার্য কৰিছে প্রায় ৫ হাজাৰ টকা৷
কিন্তু যি অলপ ধন দিব লাগে সেয়াও বছৰ বছৰ ধৰি নিদি কাকতৰ বোজা বৃদ্ধিহে কৰি আহিছে ৰাজ্যৰ বিয়াগোম জনসংযোগ বিভাগে৷ ইয়াৰ উপৰি জনসংযোগ বিভাগৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন বিভাগ আৰু চৰকাৰী কার্যালয়ে বিভিন্ন প্রান্তৰ পৰা যি বিজ্ঞাপন (ফৰৱার্ডিং) দি আহিছে, বিভাগটোৰ কর্মচাৰীৰ হেমাহিৰ বাবে তেনে বিজ্ঞাপনৰ অধিকসংখ্যকৰে বিলৰ ধন লাভ নকৰে ৰাজ্যৰ কাকতসমূহে৷
বৰঞ্চ সেই বিলৰ ধনৰ ওপৰত নির্ধাৰিত জি এছ টি কাকত গোষ্ঠীয়ে ওলোটাই নিজৰ জেপৰ পৰা আদায় দিবলগীয়াহে হয়৷ আনহাতে মুখ্যমন্ত্রীকে ধৰি বিভাগটোৰ দায়িত্বত থকা মন্ত্রীয়ে বছৰৰ পাছত বছৰ ধৰি বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি কৰাৰ যি প্রতিশ্রুতি দি আহিছে সেয়া প্রতিবাৰেই ফুটুকাৰ ফেনহে হৈ পৰে৷ লক্ষণীয় কথাটো হ’ল, বিগত ১৫-১৬ বছৰত মাত্র দুবাৰ বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি কৰিছে জনসংযোগ বিভাগে৷ ২০০৯ চনত ১০ শতাংশ আৰু ২০১৪ চনত ৫০ শতাংশ জনসংযোগৰ বিজ্ঞাপন নিৰিখ বৃদ্ধি কৰিয়েই পাল মাৰে চৰকাৰে৷ প্রতি বছৰে বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি কৰাৰ প্রতিশ্রুতি দিয়া চৰকাৰে বিগত ৫ বছৰে এক শতাংশও ধন বৃদ্ধি কৰা নাই৷
কিন্তু ৰাজ্যৰ বাতৰিকাকতসমূহৰ আয়ৰ অন্যতম মূল অংশ চৰকাৰী বিজ্ঞাপনৰ পৰা আহে৷ কিন্তু সেই প্রাপ্য ধনকে আদায় দিয়াত চৰকাৰী বিভাগটোৱে চৰম হেমাহি কৰি আহিছে৷ ইয়াৰ বিপৰীতে বাতৰিকাকত গোষ্ঠীৰ নিউজ প্রিণ্টকে ধৰি বিভিন্ন ছপা সামগ্রীৰ মূল্য এই সময়ছোৱাত ৮০-১০০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে৷ কর্মচাৰীৰ দৰমহাও বৃদ্ধি পাইছে৷
উল্লেখযোগ্য যে বিগত ২০১৮ বর্ষৰ ১৩ ডিচেম্বৰত জনসংযোগ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ সভাকক্ষত বিভাগটোৰ বিশেষ কর্তব্যৰত বিষয়া ৰাজীৱ প্রকাশ বৰুৱাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ৰাজ্যৰ বিভিন্ন কাকত গোষ্ঠীৰ পৰিচালন কর্তৃপক্ষৰ সৈতে আলোচনা কৰি চৰকাৰী পক্ষই প্রতি মাহে বিজ্ঞাপনৰ বাজেট এতিয়াৰ ১.৪০ কোটিৰ পৰা মাহে ২.৫০ কোটিলৈ বৃদ্ধি কৰাৰ লগতে বিজ্ঞাপনৰ ধন নিয়মীয়াকৈ আদায় দিয়াৰ লিখিত প্রতিশ্রুতি দিছিল যদিও এই প্রতিশ্রুতিও ধোঁৱাচাঙত উঠিল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি